1. এগ্ৰিপেডিয়া

সৰিয়হৰ এই ৩ টা উন্নত জাতৰ খেতিৰে ১ হেক্টৰত ২৯ কুইন্টল পৰ্যন্ত উৎপাদন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
New Mustard Variety
New Mustard Variety

আগন্তুক সৰিয়হ খেতিৰ বতৰ। ইতিমধ্যে অসমৰ বহু কৃষকে সৰিয়হ খেতিৰ বাবে যো-জা চলাইছে। গতিকে কৃষকসকলৰ উপযোগী হোৱাকৈ এই আলোচনাত সৰিয়হৰ কেইটামান উন্নত জাতৰ বিষয়ে আলোচনা কৰিম।

কৃষকসকল, যিকোনো শস্যৰ খেতিৰ সফলতা বহুখিনি নিৰ্ভৰ কৰে জাতৰ ওপৰত। অনুন্নত বীজৰ খেতি কৰি ধেই সাৰ-পানী দিলেও, যত্ন ল’লেও বহু সময়ত আশা কৰা ধৰণে ফল নাপায়। গতিকে কৃষকসকলে যিমান পাৰে সদায় উন্নত জাতৰ শস্যৰ বীজৰহে খেতি কৰিবলৈ চেষ্টা কৰিব লাগে। উন্নতজাতৰ শস্যৰ বীজ অনুন্নত জাতৰ বীজৰ তুলনাত দাম বেছি। দাম বেছি বাবেই সস্তীয়া জাতৰ বীজৰ খেতি কৰে আমাৰ বহু কৃষকে। আৰু উন্নত জাতৰ শস্যৰ বীজবোৰ সহজে উপলব্ধও নহয়। গতিকে বৰ বেছি কষ্ট নকৰি সস্তীয়া আৰু ঠাইতে যিহকে পায় তাৰেই খেতি কৰে। এনে সিদ্ধান্তৰ পৰা আঁতৰত থাকিব লাগে কৃষকসকল। আৰু দাম বেছি হ’লেও উন্নত সঁচৰ বীজ ক্ৰয় কৰাক কৃপনালী কৰিব নালাগে।

লগতে পঢ়ক- 

ঘৰৰ বাৰীৰখনতেই মৌ-পালন কৰি বছৰি ৭-৮ লাখ টকা উপাৰ্জনৰ কিটিপ

এই আলোচনাত আমি বিগত বৰ্ষত কৃষকসকলে সৰিয়হ খেতি কৰি লাভ উঠোৱা কেইটামান উন্নত জাতৰ সৰিয়হৰ বিষয়ে আলোচনা কৰিম। ২০২৩ বৰ্ষত কলিয়াবৰৰ কেৰিবাকোৰী গাঁৱৰ কৃষকসকলে Toria Variety-TS-38 জাতৰ সৰিয়ঁহ খেতি কৰিছিল। তলৰ ফটোত দেখাৰ দৰেই সৰিয়ঁহবোৰ খুৱ ভাল হৈছিল।

Toria Variety-TS-38 জাতৰ সৰিয়হৰ দৰেই অসমৰ মাটিৰ উপযোগী আনকেইটামান সৰিয়হৰ উন্নত জাত হ'ল- পিএম-২৮, ডিআৰএমআৰ ১৫০-৩৫, এনআৰচিএইচবি-১০১। এই আটাইকেইটা অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃত সৰিয়হৰ জাত। এইবোৰৰ ওপৰি আৰু কেইবাবিধো সৰিয়হৰ উন্নত জাত আছে। ইয়াৰোপৰি প্ৰতিটো জিলা কৃষি বিজ্ঞান কেন্দ্ৰই কৃষকসকলক শেহতীয়াকৈ সৰিয়হৰ বীজ যোগান ধৰিছে। কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ লগত যোগাযোগ কৰিও কৃষকসকলে উন্নত জাতৰ সৰিয়হৰ বীজ সংগ্ৰহ কৰিব আৰু কৃষি বিশেষজ্ঞসকলৰ পৰা সৰিয়হৰ খেতিৰ বৈজ্ঞানিক পদ্ধতিসমূহৰ বিষয়ে জানিব পাৰিব।

লগতে পঢ়ক- 

আহি আছে সৰিয়হ খেতিৰ সময়। জানক.....

English Summary: New Mustard Variety : Three new improved varieties of mustard

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.