1. এগ্ৰিপেডিয়া

লাভজনক উপাৰ্জনৰ বাবে কৰক শৰ্বাতি ঘেঁহুৰ খেতি

KJ Staff
KJ Staff
Sharbati Wheat
Sharbati Wheat

আমাৰ ঘেঁহু খেতিয়ক সকলে প্ৰায়ে অভিযোগ কৰে যে, তেওঁলোকৰ ঘেঁহু খেতিৰ উৎপাদন  লাভজনক হোৱা নাই । পিছে খেতিযক সকলৰ ঘেঁহু খেতিৰ উৎপাদন হ্ৰাস পোৱাৰ কেইবাটাও কাৰণ আছে । তাৰে ভিতৰত ঘেঁহু উন্নত জাত নিৰ্ধাৰণত সমস্যা আৰু প্ৰয়োজনীয়া সা-সুবিধাৰ অভাৱ ।

উৎপাদন বৃদ্ধি কৰিবৰ বাবে খেতিয়ক সকলৰ বাবে বহু কেইটা ঘেঁহু জাত আছে । গতিকে আমি আজি এই প্ৰৱন্ধটিত আলোচনা কৰিম উন্নত জাতৰ ঘেঁহু জাত শৰ্বাতিৰ বিষয়ে । শৰ্বাতি ঘেঁহু কেৱল খাদ্যৰ ক্ষেত্ৰত পুষ্টিকৰ নহয়, এইৱ প্ৰকাৰৰ ঘেঁহু খেতিৰ দ্বাৰা খেতিয়ক সকলে লাভজনক উপাৰ্জন কৰিব পাৰে ।

শৰ্বাতি ঘেঁহুৰ বিশেষত্ব আৰু বৈশিষ্ট্যসমূহঃ

  • "শৰ্বাতি" হৈছে দেশত উপলব্ধ আটাইতকৈ প্ৰিমিয়াম প্ৰকাৰৰ ঘেঁহু ।
  • চেহোৰ অঞ্চলত শৰ্বাতি ঘেঁহু প্ৰচুৰ পৰিমাণে খেতি কৰা হয় ।
  • চেহোৰ অঞ্চলত ক'লা আৰু পলসুৱা উৰ্বৰ মাটি আছে, যিন এই বিধ ঘেঁহু খেতি কৰিবৰ বাবে উপযুক্ত ।
  • শৰ্বাতি ঘেঁহুক সোণালী শস্য বুলিও কোৱা হয়, কিয়নো ইয়াৰ ৰং সোণালী ।
  • যি ৪০,৩৯০ হেক্টৰ এলেকাত যি "শৰ্বাতিঘেঁহু" ৰোপণ কৰা হয়, তেন্তে ইয়াৰ বাৰ্ষিক উৎপাদন ১০৯০৫৩ নিযুত টনলৈকে আশা কৰিব পাৰি ।

শৰ্বাতি ঘেঁহু খেতিঃ

  • শৰ্বাতি হৈছে মধ্য প্ৰদেশৰ জনাজাত এক উন্নত মানদণ্ডৰ ঘেঁহু ।
  • শৰ্বাতিৰ ময়দাৰ শস্যবোৰ আকাৰত ডাঙৰ ।
  • মধ্য প্ৰদেশত, এক ক'লা আৰু পলসুৱা উৰ্বৰ মাটি আছে যি ইয়াৰ বাবে উপযুক্ত ।
  • শৰ্বাতি ঘেঁহুক সোণালী শস্য বুলিও জনা যায় ।
  • এই ঘেঁহু মধ্য প্ৰদেশৰ চেহোৰ, নৰসিংপুৰ, হোচঙ্গাবাদ, হাৰ্দা, অশোকনগৰ, ভূপাল আৰু মালৱা জিলাত খেতি কৰা হয় ।
  • ইয়াৰ গড় ৰোপণৰ হাৰ হৈছে ৩০-৩৫ কি.গ্ৰা/একৰ ।
  • ইয়াৰ উৎপাদন প্ৰতি হেক্টৰত প্ৰায় ৪০-৪৫ কুইন্টাল ।
  • এই খেতি কৰিবৰ বাবে সময় লাগে প্ৰায় ১৩৫ ৰ পৰা ১৪০ দিন ।

শৰ্বাতি ঘেঁহুৰ লাভালাভ

ই অত্যন্ত পুষ্টিকৰ আৰু ইয়াত প্ৰতি ৩০ গ্ৰামত প্ৰায় ১১৩ কেলৰি, চৰ্বি (১ গ্ৰাম), কাৰ্বোহাইড্ৰেট (আহাৰত আঁহ সহ ২১ গ্ৰাম), প্ৰ'টিন (৫ গ্ৰাম), কেলচিয়াম (৪০ মি.গ্ৰা) আৰু লো (০.৯ মি.গ্ৰা) থাকে । ইয়াৰ উপৰিও, ই মেগনেছিয়াম, চেলেনিয়াম, কেলচিয়াম, জিংক আৰু মাল্টি-ভিটামিনৰ দৰে পুষ্টিৰে সমৃদ্ধ।

লগতে পঢ়কঃ জলবায়ুৰ পৰিবৰ্তনে হ্ৰাস কৰিছে মৰেল কাঠফুলাৰ উৎপাদন

English Summary: Cultivate sharbati wheat for profitable income

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.