আমাৰ কৃষকসকলে বহু সময়ত লোকচানৰ সন্মুখীন হয়। যেনে- প্ৰাকৃতিক দুৰ্যোগ বা অন্যান্য বিভিন্ন কাৰণত। শেহতীয়াকৈ অসমত হোৱা শীল বৰষুণে বহু কৃষকক বছৰটোৰ বাবে বিপদত পেলাই থৈ গ’ল লগতে বহুজনক কৃষিৰ প্ৰতি অনীহা ভাৱ জগাই গ’ল। এনে পৰিস্থিতিত আমি যদি আমাৰ কৃষিৰ কৌশল সামান্য পৰিৱৰ্তন কৰি আগবাঢ়ো তেতিয়া এনে লোকচানসমূহৰ পৰা আমি হাত সাৰিব পাৰোঁ। এই কৃষি কৌশলটো একেবাৰে সহজ কিন্তু ৰিক্স কম আৰু লাভ বহুত বেছি।
এই পদ্ধতিটোক কোৱা হয় সংহত কৃষি পদ্ধতি। এই পদ্ধতিত বিভিন্নধৰণৰ শস্যৰ খেতি একেডোখৰ ঠাইতে কৰা হয়। কেৱল খেতিয়েই নহয় এই পদ্ধতিৰে কৃষিৰ লগতে একেলগে কুকুৰা-হাঁহ, ছাগলী, গাহৰি, মীন পালন আদিয়ো কৰিব পাৰে। এই কৃষি পদ্ধতিৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল- কম ঠাইত বিভিন্নধৰণৰ খেতি কৰি অধিক উপাৰ্জন কৰিব পাৰে। ইয়াৰে বাবে প্ৰয়োজন কেৱল এটা পৰিশীলিত মন।
উদাহৰণস্বৰুপে- এজন কৃষকে সংহত পদ্ধতিৰে খেতি কৰিছে। প্ৰথমে তেওঁৰ কৃষিভূমিৰ চাৰিওকাষে বেৰাৰ লগতে উদ্যান শস্যৰ পুলি ৰোপন কৰিব পাৰে। যেনে- মধুৰিআম কল, বগৰী লগতে আজিকালি চাপৰতে লগা আম আদি। তদুপৰি কৃষকসকলে বাৰীৰ চাৰিসীমাত কিছুমান গছ ৰোপন কৰিব পাৰে। যেন- চন্দন, নিমগছ, কেছৰু, চুম আদি। ইফালে, মূল কৃষিভূমিত অমিতা ৰোপন কৰক, অমিতাবোৰ ৰোপন কৰোতে কিন্তু শাৰী-শাৰীকৈ ৰোপন কৰিব পাৰিলে ভাল। শাৰীৰ পৰা শাৰীৰ আৰু পুলিৰ পৰা পুলিৰ দূৰত্ব অলপ বেছি বেছি সময় লাগে। চাব লাগে জাতে পুলিবোৰৰ মাজত বা শাৰীবোৰৰ মাজত মাটি চহাবৰ বাবে এখন পাৱাৰ টিলা চলাই নিব পাৰে। কাৰণ অমিতা এবিধ বহুবৰ্ষজীৱি উদ্ভিদ। ই ডাঙৰ হৈ লগা লয় অমিতাৰ শাৰীবোৰৰ মাজৰ ঠাইবোৰত কৃষকসকলে অন্য খেতি পাৰে। যেনে- বাৰিষা কালত জলকীয়া, তৰমূজ, লগতে তিয়হ আদি খাৰিফ শস্যৰ খেতি কৰাৰ লগতে শীতকালত কবি, ৰঙালাও, আদিৰ খেতি কৰিব পাৰে।
ইফালে, কৃষিভূমিৰ মাজতে এটা পুখুৰীৰ খান্দি ল’ব পাৰে কৃষকজনে। কৃষকজনে পুখুৰীটোত মাছ পালন কৰাৰ লগতে হাঁহ পালন কৰিব পাৰিব। হাঁহৰ মলসমূহ কৃষকগৰাকীয়ে সাৰ হিচাপে পথাৰত ব্যৱহাৰ কৰিব পাৰে। ইফালে, পুখুৰীৰ পানী কৃষকজনে বিভিন্ন সময়ত নিজৰ কৃষিভূমিতো ব্যৱহাৰ কৰিব পাৰিব। লগতে পাৰিলে কৃষকজনে দুই-তিনিটামান গৰু-আৰু ছাগলী পোহাৰ ব্যৱস্থাও কৰিব লাগে। গৰুৰ গোৱৰে কৃষকজনৰ কৃষিভূমিত প্ৰয়োজন হোৱা সাৰৰ প্ৰায় ৯০ শতাংশই পুৰণ কৰিব। কৃষিভমিত উতপাদিত বিক্ৰি নোহোৱা, গেলি যোৱা বা বেয়া হৈ পাচলি বা ফলসমূহ গৰু-ছাগলীসমূহক খোৱাব পাৰিব।
এনেদৰে সংহত পদ্ধতিৰে খেতি কৰিলে কৃষকজনে কোনোদিন লোকচানৰ সন্মুখীন নহয়। কৃষিপামখনৰ বিভিন্ন উতসৰ পৰা কৃষকগৰাকীয়ে উপাৰ্জন কৰিব পাৰিব। বাৰীৰ চাৰিসীমাত ৰোপন কৰা ফল-মূলৰ পৰা আদি কৰি পুখুৰী, গৰু ছাগলী, হাঁহ, মূল কৃষিভূমিৰ শস্যৰ খেতি আদি বিভিন্ন দিশৰ পৰা। গতিকে এনে পৰিস্থিতিত এজাক শিল বৰষুণে আহি কৃষকজনৰ কঁকাল ভাঙি যোৱাৰ প্ৰশ্নই আহিব নোৱাৰে। শিল বৰষুণে কৃষকজনৰ উপাৰ্জনৰ এটা অংশ ধ্বংস কৰি যাব কিন্তু বিভিন্ন কৃষকজনৰ আন বহু দিশৰ পৰা ফল কৰিয়েই থাকিব।
লগতে পঢ়ক-
Zero tillage Farming : কেৱল নৰা কাটিয়েই ধান চপোৱা পথাৰত কৰক আলু, সৰিয়হয়ৰ লগতে অন্যান্য শস্যৰ খেতি