Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 September, 2022 2:32 PM IST
Integrated Farming fish With Paddy (Photo Source Google)

ধান এবিধ অৰ্দ্ধ নিমজ্জিত উদ্ভিদ৷ ধানৰ গা-গছ জোপাৰ আধা অংশ পানীত ডুব গৈ থাকে৷ মাছ ধাননি পাৰিপাশ্বিক তন্ত্ৰৰ এক মুখ্য জৈৱিক উপাদান৷ মাছ অবিহনে ধাননিৰ পাৰিপাশ্বিক তন্ত্ৰ সম্পূৰ্ণ নহয়৷ আজি কালি বিভিন্ন কাৰণত ধাননি পথাৰসমূহত মাছৰ সংখ্যা কমি আহিছে৷ সেয়েহে ধাননিৰ পাৰিপাশ্বিক তন্ত্ৰ সম্পূৰ্ণ নহয়৷ ধাননি পথাৰত সমন্বিত পদ্ধতিৰে মীন পালন কৰিলে ধান আৰু মাছ উভয়েই উপকৃত হয়৷

সমন্বয়ৰ উপকাৰীতা

১)পুখুৰী খান্দি খেতি মাটিৰ স্হায়ী বিলুপ্তি নকৰাকৈ মীন পালন৷

২)একে ডৰা মাটিতে ধান আৰু মাছৰ উৎপাদনৰ ফলত কৃষকৰ বাৰ্ষিক আয় বৃদ্ধি৷

৩)ধানৰ গা-গছত জন্ম হোৱা পেৰিফাইটন নামৰ অপকাৰী উদ্ভিদ মাছৰ দ্বাৰা নিয়ন্ত্ৰণ৷

৪)মাছৰ দ্বাৰা ধাননিডৰাৰ অপতৃণ নিয়ন্ত্ৰণ ৷

৫)মাছে ধানৰ গুৰি খুচৰি থকাৰ ফলত ধাননিত বাতন (Aeration) ক্ৰিয়া সম্পন্ন হয়৷ তাৰ ফলত ধানত লৌহ বিষক্ৰিয়া ৰোধ৷

৬)মাছে ধাননিৰ মাটি খুচৰি থকাৰ ফলত লোহাৰ অনুলগত ভৌতিক ভাবে লগ হৈ থকা ফচফৰাচ পানীলৈ মুকলি হৈ ধান আৰু শেলাইৰ বাবে উপলভ্য হয় ৷

৭)শেলায়ে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন অধিগ্ৰহন কৰি পৰৱৰ্তী শস্যৰ বাবে মাটিডৰাৰ উৰ্বৰতা বঢ়ায়৷

৮)মাছৰ মলে ধানক পুষ্টি যোগায় ৷

৯)ধানৰ উৎপাদন ১৫-৩০% বৃদ্ধি পায় ৷

উপযোগী ধানৰ জাত

সমন্বিত ধান-মীন পাম পদ্ধতিৰ বাবে তলত দিয়া গুণ বিশিষ্ট জাতৰ ধান নিৰ্বাচন কৰিব লাগে৷

১) উচ্চ উৎপাদনক্ষম

২) সৱল গা-গছ যুক্ত

৩) সহজে বাগৰি নপৰা জাতৰ

আহু : ৰঙাদৰীয়া, ফাপৰী, কালচাৰ-১, গোবিন্দ, লাচিত, ইত্যাদি জাতসমূহ ওপৰৰ গুণ বিশিষ্ট ৷

শালি : মনোহৰ শালি, মনিৰাম, কুশল, শিয়াল শালল, ৰঙা শালি, গুডুমনি, বাহাদুৰ, ইত্যাদি জাতসমূহ ওপৰৰ গুণ বিশিষ্ট ৷

বাও: পি. জে. এন. বি ৯৫-২, পি. জে. এন. বি ৯৬-১০, নেঘেৰী বাও, পদ্মপানি, পানীকেকোঁৱা, ৰূপহী, মাগুৰী, তৰা বাও, ইত্যাদি ৷

উপযোগী মাছৰ প্ৰজাতি

সমন্বিত ধান-মীন পাম পদ্ধতিত ৰৌ, বাহু, মিৰিকা, চিলভাৰ কাৰ্প আৰু কমন কাৰ্প মাছ পালন কৰা হয় ৷ এইবোৰ মাছৰ লগতে জাভা পুঠি আৰু ভাঙোন মাছো পালন কৰিব পাৰি ৷ গ্ৰাছ কাৰ্প মাছ এই পদ্ধতিত অতি ডাঙৰ হয় যদিও ই ধানৰ অনিষ্ট সাধন কৰে ৷ সেয়েহে, এই পদ্ধতিত গ্ৰাছ কাৰ্প মাছৰ পালন অনুমোদিত নহয় ৷

সমন্বয়ৰ কৌশল

মাটিৰ ভৌগলিক অৱস্থান আৰু ভুমি পৃষ্ঠৰ বৈশিষ্টৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানত: তিনিটা পদ্ধতিত ধান খেতিৰ সমন্বয়ত মীন পালন কৰা হয় ৷

১) বৰ্ষাকালীন পদ্ধতি (Perennial system)

২) আৱেষ্টনী পদ্ধতি (Enclosure system)

৩) তুল্যকালীন পদ্ধতি (Synchronous system)

উৎস: অসম কৃষি বিশ্ববিদ্যালয়

লগতে পঢ়ক-সুষমা: মীন পালকসকলৰ বাবে মাছৰ পৰিপূৰক খাদ্য!

English Summary: Integrated Farming: fish With Paddy
Published on: 03 September 2022, 02:30 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now