Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 February, 2021 10:40 PM IST
Food Safety

  আপোনালোকৰ বহুতে আপোনাৰ নিজৰ খাদ্য ব্যৱসায় আৰম্ভ কৰিবলৈ আগ্ৰহী হ'ব পাৰে কিন্তু এফএছএছএআইৰ পৰা কেনেদৰে অনুজ্ঞা প্ৰাপ্ত কৰিব লাগে নাজানে যিটো খাদ্য ব্যৱসায় আৰম্ত কৰাৰ বাবে আটাইতকৈ অবিচ্ছেদ্য অংশ। সেয়েহে, এই প্ৰবন্ধত, আমি মুখ্যতঃ কেন্দ্ৰীয় এফএছএছএআই অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰাৰ প্ৰক্ৰিয়াৰ সৈতে ইয়াৰ যোগ্যতা আৰু নথিপত্ৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম।

  ভাৰতৰ খাদ্য মানক আৰু সুৰক্ষা (FSSAI) হৈছে আইনী কৰ্তৃপক্ষ যি ভাৰতত খাদ্য সুৰক্ষা নিয়ন্ত্ৰণৰ বাবে দায়বদ্ধ। সেয়েহে সকলো খাদ্য ব্যৱসায় অপাৰেটৰৰ (এফবিঅ')ৰ বাবে তেওঁলোকৰ ব্যৱসায়িক কাৰ্যকলাপ আৰু লেনদেন অনুসৰি এফএছএছএআই অনুজ্ঞা প্ৰাপ্ত কৰাটো বাধ্যতামূলক। তদুপৰি, সকলো FBO য়ে 14 টা অংক বিশিষ্ট এফএছএছএআই লাইচেঞ্চ নম্বৰ পাব লাগিব আৰু খাদ্য সামগ্ৰীত ভেজাল দূৰ কৰিবলৈ খাদ্য পেকেজত প্ৰকাশ কৰিব লাগিব।

   এফএছএছএআইয়ে ভাৰতৰ সকলো মুখ্য FBO' সমূহক কেন্দ্ৰীয় অনুজ্ঞা প্রদান কৰে যি হৈছে খাদ্য সামগ্ৰীৰ উৎপাদন, সংৰক্ষণ, বিতৰণ, পৰিবহন বা খুচুৰা ব্যৱসায়ৰ লেনদেন কৰাৰ বাবে প্ৰয়োজনীয়তা। FSSAI অনুজ্ঞাপত্ৰ পঞ্জীয়ন কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ হ'ব পাৰে, সেইটো নিৰ্ভৰ কৰে ব্যৱসায় খনৰ কাৰ্যকলাপৰ প্ৰকাৰৰ ওপৰত ৷

   কেন্দ্ৰীয় এফএছএছএআই অনুজ্ঞাপত্ৰ বিভিন্ন ৰাজ্যত তেওঁলোকৰ শাখা থকা সকলো FBO'ৰ বাবে প্ৰযোজ্য। মূলতঃ সেইবোৰ ডাঙৰ আকাৰৰ ব্যৱসায় আৰু বিভিন্ন ৰাজ্য বা দেশত বিয়পি আছে, যেনে মেকডনাল্ড, Subway, ডমিনোজ আদি ৷ এই খাদ্য ব্যৱসায়বোৰৰ বাৰ্ষিক লেনদেন ২০ কোটি টকাতকৈ অধিক। আমদানিকাৰী, ৰপ্তানিকাৰী ইউনিট, ডাঙৰ ডাঙৰ নিৰ্মান প্রতিষ্ঠান সকলৰ দৰে FBOয়ে কেন্দ্ৰীয় এফএছএছএআই (fssai) অনুজ্ঞাপত্ৰ পোৱাৰ বাবে যোগ্য।

দুই বা অধিক ৰাজ্যত কাম কৰা এফবিঅ'বোৰে ইয়াৰ পঞ্জীভুক্ত মুখ্য কাৰ্যালয়ৰ বাবে এটা কেন্দ্ৰীয় অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব লাগে আৰু তেওঁলোকৰ বাবে প্ৰযোজ্য যোগ্যতাৰ মানদণ্ড অনুসৰি সকলো শাখাৰ বাবে পৃথক অনুজ্ঞা বা পঞ্জীয়ন কৰিব লাগিব। কেন্দ্ৰীয় অনুজ্ঞাপত্ৰৰ সৰ্বাধিক ম্যাদ 5 বছৰ আৰু সৰ্বনিম্ন 1 বছৰ।

আপুনি এই অনুজ্ঞাপত্ৰৰ বাবে কিয় পঞ্জীয়ন কৰা প্রয়োজন ?

ভাৰতৰ সকলো বৃহৎ খাদ্য ব্যৱসায় প্রতিষ্ঠানৰ বাবে ভাৰতত তেওঁলোকৰ ব্যৱসায় চলাবলৈ এফ.এছ.এছ.এ.আই বিভাগে জাৰী কৰা কেন্দ্ৰীয় (FSSAI) অনুজ্ঞা পত্ৰ পোৱাটো বাধ্যতামূলক।

  এফএছএছএআই অনুজ্ঞাপত্ৰ পঞ্জীয়নৰ বিভিন্ন কাৰণ আছে: 

  1. এফ.এছ.এছ.এ.আই.-য়ে সঘনাই খাদ্য ব্যৱসায়িক প্রতিষ্ঠান সমূহৰ অনুজ্ঞাৰ বাবে নিৰীক্ষণ কৰে আৰু যাৰ অনুজ্ঞাৰ ম্যাদ উকলি গৈছে বা এফএছএছএআই অনুজ্ঞা পত্র নাই। সেই ব্যৱসায়বোৰৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰে ৷
  2. খাদ্যৰ সুৰক্ষা আৰু মানদণ্ডৰ ওপৰত গ্রাহকৰ যথেষ্ট বিশ্বাস আছে সেয়েহে জনসাধাৰণৰ সেই বিশ্বাস অব্যাহত ৰখা অতি গুৰুত্বপূৰ্ণ ৷ সেয়েহে অনুজ্ঞাপত্র কৰাটো বাধ্যতামূলকা ৷
  3. ই খাদ্য সামগ্ৰীৰ পৰিৱৰ্তন বৃদ্ধি কৰাত সহায় কৰে৷ উপভোক্তাৰ বিশ্বাস ৰাখিবলৈ এফবিঅ'য়ে তেওঁলোকৰ খাদ্যৰ পেকেজত 14 অংকৰ এফএছএছএআই লাইচেঞ্চ নম্বৰ উল্লেস কৰিব লাগিব।
  4. কেন্দ্ৰীয় লাইচঞ্চে উপভোক্তা সুৰক্ষা আৰু বৃহৎ অংশৰ সৈতে আপোচ নকৰাকৈ বাণিজ্য বৃদ্ধি কৰে।
  5. কেন্দ্ৰীয় এফএছএছএআই অনুজ্ঞাপত্ৰই খাদ্যৰ ভেজাল হ্ৰাস কৰি আৰু উন্নতমানৰ সামগ্ৰীৰ বিক্ৰী কৰাৰ বাবে খাদ্য সামগ্ৰীবোৰ মানদণ্ড পৰীক্ষা কৰাৰ আশ্বাস দিয়ে। 

এফএছএছএআই অনুজ্ঞাপত্ৰ প্ৰাপ্ত কৰাৰ নূন্যতম যোগ্যতা কি?

নিম্নলিখিত এফবিঅ'বোৰ কেন্দ্ৰীয় এফএছএছএআই অনুজ্ঞা পত্ৰ প্ৰাপ্ত কৰাৰ বাবে যোগ্য:

  1. 20 কোটি টকাতকৈ অধিক বাৰ্ষিক লেনদেনৰ গৰাকী ৰেষ্টুৰেণ্ট, ৰিটেইলাৰ, ডিষ্ট্ৰিবিউটৰ আৰু যোগানকাৰীৰ দৰে এফবিঅ' সকল যোগ্য ৷
  2. প্ৰতিদিনে 2 মেট্ৰিক টনতকৈ অধিক ক্ষমতাৰ তেল নিষ্কাশন কাৰী ইউনিটকে ধৰি দ্ৰাবক নিষ্কাশন আৰু কাৰখানা সমূহ ৷
  3. ধাবা, ক্লাব, কেণ্টিন, আৰু এটাতকৈ অধিক ৰাজ্যত বিয়পি থকা শাখা থকা অন্যান্য খাদ্য ভেণ্ডিং প্ৰতিষ্ঠান যাৰ বাৰ্ষিক ১২ লাখ টকাতকৈ অধিক লেনদেন হয়।
  4. ৩০ কোটি টকাতকৈ বেছি বাৰ্ষিক লেনদেন কৰা পাইকাৰী।
  5. পঞ্চতাৰকা বা অধিক ৰেটিং থকা হোটেল।
  6. খাদ্য উৎপাদন বা প্ৰক্ৰিয়াকৰণত জড়িত 100% ৰপ্তানিমুখী প্রতিষ্ঠান ৷
  7. খাদ্য উপাদান বা এডিটিভ আমদানিসহ প্ৰতিটো আমদানিকৰ্তা।
  8. কেন্দ্ৰীয় চৰকাৰ বা সম্পৰ্কীয় সংস্থা যেনে ৰেলৱে, এয়াৰলাইন আৰু বিমানবন্দৰ, বন্দৰ, প্ৰতিৰক্ষা আদিৰ অধীনত কাম কৰা খাদ্য দ্রব্য সৰবৰাহকাৰী ৷
  9. 50,000 মেট্ৰিক টনতকৈ অধিক ক্ষমতাৰ সংৰক্ষণ কেন্দ্র ৷
  10. গাখীৰ পৰিচালনা বা প্ৰক্ৰিয়া কৰাৰ ক্ষমতা ৰখা প্রতিষ্ঠান যাৰ প্ৰতিদিনে 50,000 লিটাৰতকৈ অধিক কৰে।
  11. 50 তকৈও অধিক ডাঙৰ জন্তু বা 150 তকৈ অধিক সৰু জন্তু বা প্ৰতিদিনে 1000তকৈ অধিক কুকুৰা চৰাইৰ হত্যা কৰা খাদ্য প্রতিষ্ঠান।
  12. 1,000 মেট্ৰিক টন বা অধিক ক্ষমতাৰ সৈতে নিয়ন্ত্ৰিত বায়ুমণ্ডল + শীত সংৰক্ষণ।
  13. Travel company যাৰ ১০০ তকৈও অধিক বাহন বা বছৰি ৩০ কোটি টকাতকৈ অধিক লেনদেন হয়।

অনুজ্ঞাপত্র কেনেদৰে লাভ কৰিব পাৰি?

  যোগ্যতাৰ চৰ্তাৱলী অনুসৰি, আপুনি এটা কেন্দ্ৰীয় এফএছএছএআই অনুজ্ঞাপত্র লাভ কৰাৰ বাবে এফএছএছএআইৰ দ্বাৰা নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰি আবেদন প্ৰপত্ৰ B পূৰণ কৰিব লাগিব। এইটো যত্ন ল'ব লাগিব যে প্ৰদান কৰা প্ৰতিটো ডাটা সঠিক, উপযুক্ত আৰু প্ৰমাণিক হ'ব লাগিব। 

   অনুজ্ঞাপত্ৰত নিৰ্ধাৰিত সকলো সামগ্ৰী এফএছএছএআই আইন, 2006 অনুসৰি প্ৰমাণিত কৰিব লাগিব।

  শেষত, আপুনি কেন্দ্ৰীয় অনুজ্ঞাপত্ৰ কিমান বছৰৰ বাবে বিচাৰিছে আপোনাক প্ৰশ্ন কৰা হ'ব। আপুনি অনুজ্ঞাপত্ৰ ল'ব বিচৰা উপযুক্ত সময় বাছনি কৰিব লাগিব। (1-5 বছৰৰ ভিতৰত)

  প্ৰপত্ৰখন দাখিল কৰাৰ পিছত, নিৰ্ধাৰিত মাচুল অনলাইন পৰ্টেলৰ দ্বাৰা বা এফএছএছএআই ৰাজ্যিক কাৰ্যালয়ত গৈ পৰিশোধ কৰিব লাগিব।

আপোনাৰ অনুজ্ঞাপত্ৰ ডাক-পোষ্টৰ দ্বাৰা 25-30 দিনত প্ৰদান কৰা হ'ব।

FSSAI লাইচেঞ্চৰ বাবে গুৰুত্বপূৰ্ণ দস্তাবেজ

  • নিৰ্মাতাজনৰ পৰা অনুজ্ঞাপত্ৰৰ এনঅ'চি আৰু প্ৰতিলিপি
  • খাদ্য সুৰক্ষা ব্যৱস্থাপনা প্ৰণালী পৰিকল্পনা বা প্ৰমাণপত্ৰ (যদি থাকে)।
  • গাখীৰ সামগ্ৰী প্ৰক্ৰিয়াকৰণ ইউনিটৰ ক্ষেত্ৰত গাখীৰ সংগ্ৰহ কেন্দ্ৰৰ অৱস্থান সহ গাখীৰৰ বাবে গাখীৰ বা ক্ৰয় পৰিকল্পনাৰ উৎস। (যদি প্ৰযোজ্য হয়)।
  • মাংস আৰু মাংস প্ৰক্ৰিয়াকৰণৰ বাবে কেঁচা সামগ্ৰীৰ উৎস। (যদি প্ৰযোজ্য হয়)।
  • পেকেট কৰা পানী নিৰ্মাণ কৰিলে স্বীকৃত গৱেষণাগাৰৰ পৰা পানীৰ কীটনাশক সুৰক্ষা প্ৰতিবেদন।
  • পৌৰনিগম বা স্থানীয় সংস্থাৰ পৰা এনঅ'চি (বৈকল্পিক)।
  • 100% ই.ও.ইউ.-ৰ বাবে বাণিজ্য মন্ত্ৰালয়ৰ প্ৰমাণপত্ৰ।
  • এফএছএছএআইৰ দ্বাৰা জাৰী কৰা এনঅ'চি।
  • DGFTদ্বাৰা জাৰী কৰা IE.
  • কোম্পানী এটাৰ দ্বাৰা ব্যক্তিৰ মনোনয়ন (প্ৰপত্ৰ IX)।
  • পৰ্যটন মন্ত্ৰালয়ৰ দ্বাৰা প্ৰমাণপত্ৰ।
  • লিখিত উপাৰ্জনৰ বিতং তথ্য।
  • বাহনৰ সংখ্যাৰ স্ব-ঘোষণা।
  • এফএছএছএআই ঘোষণা প্ৰপত্ৰ।
  •  যদি সমবায়ৰ ক্ষেত্ৰত Coop আইন - 1861 / মাল্টি-ষ্টেট Coop আইন – 2002ৰ তলত প্ৰাপ্ত প্ৰমাণপত্ৰৰ এটা প্ৰতিলিপি প্ৰযোজ্য হয়। 

English Summary: How to get fssai license and why it's necessary to start foods bussiness
Published on: 06 February 2021, 10:32 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now