Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 December, 2020 11:26 PM IST
Tea Irrigation

চাহ বাগিচা এখনত পাততোলা বতৰ (Plucking season) পাৰ হৈ যোৱাৰ লগে লগে তথা গছবোৰ কলম বা স্কিফ্ কৰাৰ ঠিক পাচতেই কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লগা থাকে ৷ শীতকালীন (ডিচেম্বৰ-ফেব্ৰুৱাৰী) এই সময়ছোৱাত চাহগছ অথবা বাগিচাখনত সঠিকভাৱে লোৱা আপদালে অনাগত বছৰটোত কেচাঁপাতৰ উৎপাদন তথা গছৰ স্বাস্থ্যত যথেষ্টখিনি প্ৰভাব পেলায় ৷ শীতকালত বাগিচা এখনত ল’বলগা বিভিন্ন কাৰ্য্যৱলীৰ বিষয়ে তলত উল্লেখ কৰা হ’ল৷

কলম কৰা গছৰ যত্ন

১/ কলম বা স্কিফ্ কৰা ডাল পাতবোৰ বাগিচাখনতে চাহগছৰ তলত পৰি থাকিবলৈ দিব লাগে ৷ এইবোৰ পঁচি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে৷

২/কলম কৰা গছত নতুনকৈ কোঁহ ওলোৱাৰ আগেয়ে শুকান, বেমাৰী, জাঁজ কৰা (crossed branch) আৰু অতি মিহি বাঁজী ডালবোৰ কাটি পেলাব লাগে ৷ DS কৰা গছৰ অতি মিহি বাঁজী ডালবোৰো আতঁৰাই পেলোৱা উচিত ৷

৩/কলম কৰাৰ পাচতেই ১ ছে: মি: তকৈ বেছি শকত ডালবোৰৰ মুখত ইণ্ড’পেষ্ট বা বৰড’পেষ্ট (১০০ গ্ৰা: কপাৰ চালফেট+ ১০০ গ্ৰা: চূণ + ৫০০ মি: লি: পানী) বা ২০ % ট্ৰাইক’ডামা মিশ্ৰণ লগাব লাগে ৷

৪/চাহগছৰ ডালবোৰত শেলুৱৈ আদি গজি থাকিলে বিশেষকৈ MP, RP বা HRP আদি কলম কৰা গছত কলমৰ পাছতেই কষ্টিক ৱাচ’(Caustic wash) মিশ্ৰণ প্ৰয়োগ কৰিব লাগে ৷ এই মিশ্ৰণ তলত উল্লেখ কৰা ধৰণেৰে প্ৰস্তুত কৰিব পাৰি ৷

চূণ (Quick lime) : ২-৩ কি: গ্ৰা:

কাপোৰ ধোৱা ছ’ডা : ৬ কি: গ্ৰা:

পানী : ১০০ লি:

কীট পতঙ্গ নিয়ন্ত্ৰণ

UP, LS বা LOS কৰা চেকচনবোৰত এণ্ড’চালফেন (Endosulfan) ৫০০ মি:লি: আৰু ডাইক’ফল (Dicofol) ৫০০ মি:লি: ২০০ লিটাৰ পানীত মিহলাই ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ শেষৰ ভাগত মুঠ দুবাৰ প্ৰয়োগ কৰিব৷

এই সময়ছোৱাত কলম কৰা চাহ গছত বগাই অহা উঁই তথা উঁইহাফলু নিৰ্মূলৰ ব্যৱস্হা হাতত লব পাৰি ৷ ক্লৰ’পাইৰিফচ(Chlorpyriphos) ৩৫০ মি:লি: ১০০ লিটাৰ পানীত এই অনুপাতত মিহলাই উঁই আক্ৰান্ত প্ৰতিজোপা গছৰ গুৰিত ৬০-২৫০ মি:লি: মানকৈ প্ৰয়োগ কৰিব লাগে ৷ উঁই হাফলুৰ মাটিখিনি বাগিচাৰ পৰা আতঁৰাই পেলোৱা উচিত৷ হাফলুৰ পৰা উঁইৰ ৰাণীজনী উলিয়াই তাত ক্লৰ’পাইৰিফচ (Chlorpyriphos) ১০০ মি:লি: ৪ বাকেটমান পানীত মিহলাই গাঁতটো পানীৰে উপচাই পেলাব ৷

নবেম্বৰ-ফেব্ৰুৱাৰী মাহত লুপাৰ কেটাৰপিলাৰ, বান্স কেটাৰপিলাৰ আদিৰ লেটা (Chrysallid) বিশেষকৈ বেচিকৈ আক্ৰান্ত চেকচনবোৰত গছৰ গুৰি খুচৰি সংগ্ৰহ কৰি ধবংস কৰি পেলাব৷

নলা ব্যৱস্থা

ডিচেম্বৰৰ পৰা মাৰ্চ মাহলৈ বাগিচাত নলা খন্দাৰ উপযুক্ত সময় ৷

পথৰুৱা নলাবোৰ (field drain) যাতে ১০৫ ছে:মি: মান দ’ হয় তালৈ লক্ষ্য ৰাখিব৷

বাগিচাৰ নলাবোৰ অপতৃণ মুক্ত কৰি ৰাখিব লাগে ৷ প্ৰতি বছৰে খৰালি নলাত জমা হোৱা জাবৰ-জোথৰ, পাৰৰ খহি পৰা মাটি আদি আতঁৰাই পানী ওলাই যোৱাৰ পথ সুচল কৰি দিব৷

সংগ্ৰাহক নলা (Collector drain) আৰু মূল নলা (Main drain) ত মাটি খহি পৰাটো ৰোধ কৰিবলৈ নলাৰ দুয়োপাৰে চিত্ৰনলা ঘাঁহ ৰোপণ কৰিব পাৰি ৷

পাতত সাৰ প্ৰয়োগ

খৰাঙৰ পৰা পৰিত্ৰাণ পাবৰ বাবে UP গছত ডিচেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ এম. অ. পি. (MOP) ১ কি:গ্ৰা: আৰু মেগনেচিয়াম চালফেট(Magnesium Sulphate) ১ কি:গ্ৰা: ১০০ লিটাৰ পানীত মিহলাই মুঠ চাৰিবাৰ প্ৰয়োগ কৰিব ৷

এম. অ. পি. (MOP) ২ কি:গ্ৰা: ১০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে’ কৰিলেও খৰাঙৰ পৰা গছবোৰ বচাব পাৰি৷

অনুসাংগিক কাৰ্য্যৱলী

UP গছত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ মাজভাগত বাঁজী পাতবোৰ উঠাই পাততোলা টেবোলখন সমান কৰি দিব লাগে৷

স্প্ৰিংক’লাৰ ইৰিগেচন (Sprinkler irrigation) বা আন কোনো উপায়েৰে চাহ গছবোৰত পানী যোগানৰ ব্যৱস্হা কৰিব ৷ নাৰ্চাৰীৰ পুলিবোৰত প্ৰয়োজন অনুসৰি পানীৰ যোগান ধৰিব লাগে ৷

ছাঁ দিয়া গছবোৰৰ মূল গা-গছত মাটিৰ পৰা প্ৰায় ১.৫ মিটাৰ পৰ্য্যন্ত চূন লগাই দিব লাগে ৷ এনে কৰিলে বাগিচাখন দেখিবলৈ সুন্দৰ হোৱাৰ উপৰিও গা-গছবোৰ পোক-পৰুৱা, উঁই আদিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি ৷

নতুনকৈ ৰোপণ কৰা চাহ ডৰাত মালচিং কৰাৰ ব্যৱস্হা কৰিব লাগে ৷ গুৱাটিমালা ঘাঁহ, মেটেকা আদি মালচিঙৰ বাবে উত্তম ৷ ধানগছৰ নৰা মালচিঙৰ বাবে ব্যৱহাৰ নকৰিব ৷

চাহ ডৰাৰ মাটি পৰীক্ষাৰ বাবে মাটিৰ নমুনা সংগ্ৰহৰ বাবে শীতকালেই সৰ্বোত্তম ৷

মাটিৰ পি. এইছ. (pH) বেছি বা কম হ’লে নিম্নোলিখিত ধৰণেৰে সংশোধন কৰিব পাৰি –

১/মাটিৰ pH ৪.৫ তকৈ কম হ’লে ৮০-১০০ মেচ (mesh) জোখৰ ডল’মাইট (Dolomite) প্ৰতিবিঘা মাটিত ২৭০ কি:গ্ৰা: প্ৰয়োগ কৰা উচিত ৷

২/মাটিৰ pH ৫.৬ তকৈ বেছি হ’লে আইৰণ পাইৰাইট (Iron pyrite) বা এলুমিনিয়াম চালফেট (Alluminium sulphate)প্ৰতিবিঘা মাটিত ২৭০ কি:গ্ৰা: কৈ প্ৰয়োগ কৰিব লাগে৷

      উপৰোক্ত দ্ৰব্য দুবিধ বাগিচাখনত আন সাৰ প্ৰয়োগ কৰাৰ প্ৰায় ৬-৮ সপ্তাহ আগেয়ে জেক থকা মাটিত প্ৰয়োগ কৰা উচিত৷ সাৰ দুবিধ প্ৰয়োগৰ পিছত খুচৰি মাটিৰ লগত ভালদৰে মিহলাই দিব ৷

চাহ খেতিডৰা যিহেতু ব্যৱসায় হিচাবে গ্ৰহণ কৰা হৈছে, সেয়ে শীতকালিন এই সময়ছোৱাত যোৱা বছৰটোৰ আয়-ব্যয়ৰ হিচাব তথা আৰ্হি থকা বছৰটোত বিভিন্ন শিতানত প্ৰয়োজন হ’ব পৰা খৰচ (বাজেট), বিভিন্ন কামৰ আচঁনি যেনে সাৰ প্ৰয়োগৰ আচঁনি পৰিমান/খৰচ (Manuring programme), কলমৰ আচঁনি (Pruning programme) , অপতৃণনাশক প্ৰয়োগৰ আচঁনি (Weedicide programme) ইত্যাদি প্ৰস্তুত কৰি সাজু হ’ব লাগে৷

 

 

English Summary: How to care tea garden in winter
Published on: 23 December 2020, 11:26 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now