বৰ্তমান মধ্য অসমত ক্ষতিকাৰী ৰূপ গ্ৰহণ কৰা বিহাৰ হেইৰি কেটাৰপিলাৰ বা নোমাল বিছা সাধাৰণতে এবিধ লঘুগুৰুত্বৰ পতংগ৷ জলবায়ু পৰিবৰ্তন বা অন্যান্য কিছু কাৰণত এই পতংগ বৰ্তমান অনিষ্টকাৰী স্থিতিত উপনিত হোৱা দেখা গৈছে৷ বিহাৰ হেইৰি কেটাৰপিলাৰ বা নোমাল বিছাই সাধাৰণতে মৰাপাট, চয়াবিন, তিল, সৰিয়হ, মগু মাহ আৰু আনকিছুমান পাচলি খেতিক আক্ৰমণ কৰে৷
এই পতংগৰ পখিলাবোৰ মাৰ্চ মাহত ওপজে আৰু আক্ৰান্ত গছৰ পাতৰ তলপিঠিত ৪১০ৰ পৰা ১২৫০ টা পৰ্যন্ত ডিম্ব প্ৰসৱ কৰে৷ ডিম্ববোৰ পাতল সেউজীয়া বৰণৰ আৰু গোলাকাৰ হয়৷ কনীবিলাক প্ৰসৱৰ ৮ ৰ পৰা ১৩ দিনৰ ভিতৰত ফুটি পলু বাহিৰ হয়৷ এই পলু বা বিছাবিলাকেই অনিষ্টকাৰী স্তৰ৷ বিছাবিলাক ২৮ ৰ পৰা ৫৬ দিনত পূৰ্ণবিকশিত হৈ লেটা বন্ধা আৰম্ভ কৰে৷ মাটিৰ তলত বা উদ্ভিদৰ পেলনীয়া অংশৰ তলত ৭-১৪ দিনলৈ থাকি লেটা অৱস্থাৰ পৰা পখিলা সৃষ্টি হয়৷ এই পতংগৰ জীৱন চক্ৰ ৪২-৮৪ দিনৰ ভিতৰত সম্পূৰ্ণ হয়৷
ক্ষতিৰ ধৰণঃ
কনী ফুটি বাহিৰ হোৱা বিছা বিলাকে পাতৰ সেউজীয়া অংশ , কোমল কাণ্ড আৰু শাখা-প্ৰশাখা সমূহ ভক্ষণ কৰে ৷ অত্যধিক ক্ষতিকাৰী প্ৰাৱস্থাত গছৰ পাতহীন লঠঙা হৈ পৰে৷
উপদ্ৰবৰ পৰা পৰিত্ৰাণ পাবলৈ ভুক্তভোগী সকলে নিম্নোক্ত ব্যৱস্থা সমুহ গ্ৰহণ কৰিব পাৰে:
ক) জুইৰ পোহৰৰ দ্বাৰা আকৰ্ষিত কৰি পখিলা সমূহ ধ্বংস কৰা প্ৰয়োজন,
খ) কেৰাছিনৰ পানীত বিছাবিলাক পেলাই বা কেৰাছিন পানী (১ মিলি লিটাৰ কেৰাছিন প্ৰতিলিটাৰ পানীত মিহলাই) বিছাৰ ওপৰত চতিয়াওক৷
গ) বিউভেৰিয়া বেচিয়ানা নামৰ ভেঁকুৰবিধ ১ কিলোগ্ৰাম বা ১ লিটাৰ প্ৰতি হেক্টৰ কৃষিভুমিত প্ৰয়োগ কৰক৷ মকৰা, জেঠি, জিঁয়া আদি জৈৱ নিয়ন্ত্ৰক সমূহ ৰক্ষণাবেক্ষণ দিয়া উচিত৷ খেতিৰ মাজত চৰাই বহিব পৰা জেং পোতা প্ৰয়োজন৷ ইয়াৰো পৰি নিমৰ পৰা প্ৰস্তুত কৰা কীটনাশক সমূহ ব্যৱহাৰ কৰিও সুফল পাব পাৰি৷
ঘ)ৰাসায়নিক পদ্ধতিঃ কৃষিভুমিত এই বিছাৰ উপদ্ৰৱ পৰিলক্ষিত হ’লে,- ক্ল’ৰপাইৰিফচ ২০ ই চি নতুবা কুইনলফচ ২৫ ই চি নতুবা ইথিয়ন ৫০ ই চি নামৰ কীটনাশক প্ৰতি বিঘা মাটিত ২০০ মিলি লিটাৰ হিছাপত প্ৰয়োগ কৰক৷ ইয়াৰোপৰি প্ৰতি বিঘা মাটিত ১০০ মিলি লিটাৰ ট্ৰাইএজ’ফচ ৪০ ই চি ব্যৱহাৰ কৰিব পাৰে৷
ঘৰুৱাভাৱে আক্ৰমণ ক্ষেত্ৰত উপৰৰ কীটনাশকৰ যিকোনো এটা ২ মিলি লিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই বিছাৰ ওপৰত চতিয়াওক।
লিখকৰ পৰিচয়ঃ
ৰুদ্র নাৰায়ণ বৰকাকতি
পতংগতত্ব বিশেষজ্ঞ
কৃষি বিজ্ঞান কেন্দ্র, গোলাঘাট
অসম কৃষি বিশ্ববিদ্যালয়
Share your comments