1. এগ্ৰিপেডিয়া

বিছাৰ উপদ্ৰবৰ পৰা ৰেহাই পোৱাৰ উপাই

KJ Staff
KJ Staff
Hairy Caterpillar
Hairy Caterpillar

বৰ্তমান মধ্য অসমত ক্ষতিকাৰী ৰূপ গ্ৰহণ কৰা বিহাৰ হেইৰি কেটাৰপিলাৰ বা নোমাল বিছা সাধাৰণতে এবিধ লঘুগুৰুত্বৰ পতংগ৷ জলবায়ু পৰিবৰ্তন বা অন্যান্য কিছু কাৰণত এই পতংগ বৰ্তমান অনিষ্টকাৰী স্থিতিত উপনিত হোৱা দেখা গৈছে৷ বিহাৰ হেইৰি কেটাৰপিলাৰ বা নোমাল বিছাই সাধাৰণতে মৰাপাট, চয়াবিন, তিল, সৰিয়হ, মগু মাহ আৰু আনকিছুমান পাচলি খেতিক আক্ৰমণ কৰে৷

এই পতংগৰ পখিলাবোৰ মাৰ্চ মাহত ওপজে আৰু আক্ৰান্ত গছৰ পাতৰ তলপিঠিত ৪১০ৰ পৰা ১২৫০ টা পৰ্যন্ত ডিম্ব প্ৰসৱ কৰে৷ ডিম্ববোৰ পাতল সেউজীয়া বৰণৰ আৰু গোলাকাৰ হয়৷ কনীবিলাক প্ৰসৱৰ ৮ ৰ পৰা ১৩ দিনৰ ভিতৰত ফুটি পলু বাহিৰ হয়৷ এই পলু বা বিছাবিলাকেই অনিষ্টকাৰী স্তৰ৷ বিছাবিলাক ২৮ ৰ পৰা ৫৬ দিনত পূৰ্ণবিকশিত হৈ লেটা বন্ধা আৰম্ভ কৰে৷ মাটিৰ তলত বা উদ্ভিদৰ পেলনীয়া অংশৰ তলত ৭-১৪ দিনলৈ থাকি লেটা অৱস্থাৰ পৰা পখিলা সৃষ্টি হয়৷ এই পতংগৰ জীৱন চক্ৰ ৪২-৮৪ দিনৰ ভিতৰত সম্পূৰ্ণ হয়৷

ক্ষতিৰ ধৰণঃ

কনী ফুটি বাহিৰ হোৱা বিছা বিলাকে পাতৰ সেউজীয়া অংশ , কোমল কাণ্ড আৰু শাখা-প্ৰশাখা সমূহ ভক্ষণ কৰে ৷ অত্যধিক ক্ষতিকাৰী প্ৰাৱস্থাত গছৰ পাতহীন লঠঙা হৈ পৰে৷

উপদ্ৰবৰ পৰা পৰিত্ৰাণ পাবলৈ ভুক্তভোগী সকলে নিম্নোক্ত ব্যৱস্থা সমুহ গ্ৰহণ কৰিব পাৰে:

ক) জুইৰ পোহৰৰ দ্বাৰা আকৰ্ষিত কৰি পখিলা সমূহ ধ্বংস কৰা প্ৰয়োজন,

খ) কেৰাছিনৰ পানীত বিছাবিলাক পেলাই বা কেৰাছিন পানী (১ মিলি লিটাৰ কেৰাছিন প্ৰতিলিটাৰ পানীত মিহলাই) বিছাৰ ওপৰত চতিয়াওক৷

গ) বিউভেৰিয়া বেচিয়ানা নামৰ ভেঁকুৰবিধ ১ কিলোগ্ৰাম বা ১ লিটাৰ প্ৰতি হেক্টৰ কৃষিভুমিত প্ৰয়োগ কৰক৷ মকৰা, জেঠি, জিঁয়া আদি জৈৱ নিয়ন্ত্ৰক সমূহ ৰক্ষণাবেক্ষণ দিয়া উচিত৷ খেতিৰ মাজত চৰাই বহিব পৰা জেং পোতা প্ৰয়োজন৷ ইয়াৰো পৰি নিমৰ পৰা প্ৰস্তুত কৰা কীটনাশক সমূহ ব্যৱহাৰ কৰিও সুফল পাব পাৰি৷

ঘ)ৰাসায়নিক পদ্ধতিঃ কৃষিভুমিত এই বিছাৰ উপদ্ৰৱ পৰিলক্ষিত হ’লে,- ক্ল’ৰপাইৰিফচ ২০ ই চি নতুবা কুইনলফচ ২৫ ই চি নতুবা ইথিয়ন ৫০ ই চি নামৰ কীটনাশক প্ৰতি বিঘা মাটিত ২০০ মিলি লিটাৰ হিছাপত প্ৰয়োগ কৰক৷ ইয়াৰোপৰি প্ৰতি বিঘা মাটিত ১০০ মিলি লিটাৰ ট্ৰাইএজ’ফচ ৪০ ই চি ব্যৱহাৰ কৰিব পাৰে৷

ঘৰুৱাভাৱে আক্ৰমণ ক্ষেত্ৰত উপৰৰ কীটনাশকৰ যিকোনো এটা ২ মিলি লিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই বিছাৰ ওপৰত চতিয়াওক।

লিখকৰ পৰিচয়ঃ

ৰুদ্র নাৰায়ণ বৰকাকতি

পতংগতত্ব বিশেষজ্ঞ

কৃষি বিজ্ঞান কেন্দ্র, গোলাঘাট

অসম কৃষি বিশ্ববিদ্যালয়

English Summary: How farmers can protect their crops from bihar hairy caterpillar

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.