Krishi Jagran Assam
Menu Close Menu

নাচপতি

Tuesday, 05 February 2019 05:25 PM

নাচপতি হ'ল এনে এবিধ ফল, যি প্ৰায় প্ৰতিটো বতৰতে উপলব্ধ আৰু খাবলৈ বৰ সোৱাদযুক্ত হয়। ভোজন কৰাৰ পাছত নাচপতি খালে নিশ্চিত ৰুপত সুফল লাভ হয়। নাচপতিত ৭১% পানী ১.৫% চৰ্বি, ১.৫% প্ৰটিন ১৪% শৰ্কৰা আৰু চাৰে ২৫% কাৰ্বহাইড্ৰেট পোৱা যায়। ইয়াৰ লগতে ভিটামিন এ, ভিটামিন চি, আইৰণ, ফাইবাৰ, কেলছিয়াম, ফছফৰাছ আদি পোষক পদাৰ্থ যথেষ্ট পৰিমাণে পোৱা যায়। এই পোষক পদাৰ্থবিলাকৰ দ্বাৰা শৰীৰৰ হাড়বিলাক শক্তিশালী হয়। তদুপৰি শ্বাস প্ৰশ্বাস সম্বন্ধীয় ৰোগ,পেটৰ বিকাৰ আনকি মুখৰ কেঞ্চাৰ ৰোগৰ পৰাও হাত হাৰিব পাৰি।

নাচপতি হ'ল মানুহৰ শৰীৰক প্ৰাণদায়িনী শক্তিৰে উজ্জিৱিত কৰা গ্লুকজৰ এটা প্ৰধান উৎস। যিসকল ব্যক্তিয়ে প্ৰতিদিনে ব্যায়াম বা কচৰৎৰ দ্বাৰা শৰীৰ চৰ্চা কৰে, তেওঁলোকক যথেষ্ট শক্তিৰ আৱশ্যক হয়। এনে ক্ষেত্ৰত তেওঁলোকে সদায় এটাকৈ নাচপতি খোৱা উচিত। নাচপতিত এণ্টি অক্সিডেণ্ট উচ্চ মাত্ৰাত পোৱা যায়, যি মানুহৰ বয়স বাঢ়ি যোৱা প্ৰক্ৰিয়া ৰোধ কৰাত সহায়ক হয়। কাৰণ ই ফ্ৰি ৰেডিকেলচ নাশ কৰিব পাৰে আৰু শৰীৰত বয়সৰ চাপ পৰিবলৈ নিদিয়ে।

লিখক: ৰিদীপ বঞ্জন চেতিয়া (বিকাশপেডিয়া)

 

Benefits of Pear

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.