Krishi Jagran Assam
Menu Close Menu

ধান খেতিত কেনেকৈ অধিক লাভ অৰ্জন কৰিব পাৰি?

Monday, 01 July 2019 10:35 PM

       অসম এখন কৃষি প্ৰধান ৰাজ্য। কৃষিৰ শস্যৰ ভিতৰত ধান হৈছে অসমৰ এবিধ প্ৰধান শস্য। আনকথাত অসমৰ্ কৃষকে তেখেতেসকলৰ মুঠ কৃষি ভূমিৰ সৰহভাগ ধান খেতিৰ বাবে ব্যৱহাৰ কৰে। চৰকাৰী তথ্যমতে ২০০৯ চনৰ অসমৰ মুঠ খেতি কৰা মাটি প্ৰায় ৬৫ শতাংশ মাটিত ধান খেতি কৰা হয়। অৱশ্যে প্ৰতি বছৰেই অসমত কৃষকসকলে ধান খেতিত অন্য শস্যৰ খেতিতকৈ বেছি কৃষি ভূমি ব্যৱহাৰ কৰি আহিছে। আহিবই, কাৰণ ভাত অসমৰ মানুহৰ প্ৰধান খাদ্য।

যিহেতু ভাত অসমীয়া মানুহৰ প্ৰধান খাদ্য, গতিকে আমাৰ কৃষকসকলে নিতান্তই অধিক মাটি ধান খেতিত ব্যৱহাৰ কৰিব লাগিব। কিন্তু এই ক্ষেত্ৰত এটি ডাঙৰ সমস্যাই দেখা দিয়ে। সমস্যাটো হ’ল জনস্ংখ্যা বৃদ্ধি, নগৰীকৰণ আৰু কৃষি ভূমি কৃষিৰ সলনি অন্য লাভজনক কামত নিয়োগ কৰাৰ ফলত অসমত প্ৰতি বছৰে কৃষি ভূমিৰ পৰিমাণ দ্ৰুত হাৰত কমি আহিব ধৰিছে। এনে পৰিস্থিতিত বৰ্দ্ধিত জনস্ংখ্যাৰ ভাতৰ চাহিদা পূৰাবলৈ (বহি: ৰাজ্যৰ পৰা আমদানী নকৰাকৈ) অন্য ফলপ্ৰসু উপায় অৱলম্বন কৰিব লাগিব, যিটোৱে ধান খেতিৰ কৃষি ভূমিৰ পৰিমাণ বৃদ্ধি নকৰাকৈয়ে ধানৰ উৎপাদন বৃদ্ধি কৰিব পাৰি। ধানৰ উৎপাদিকা শক্তি বৃদ্ধি এনে এটি উপায় যাৰ দ্বাৰা অসমৰ কৃষকসকলে ধানৰ কৃষি ভূমিৰ পৰিমাণ বৃদ্ধি নকৰাকৈ প্ৰতি একক খেতি মাটিৰ পৰা অধিক উত্পাদন পাব পাৰে।

ধানৰ উৎপাদিকা শক্তি আৰু এইখেতিৰ পৰা লাভৰ পৰিমাণ কেনেকৈ বেছি কৰিব পাৰি?

ধনৰ উৎপাদিকা শক্তি অৰ্থাত প্ৰতি একক ধানৰ কৃষি ভূমিৰ উত্পাদন আৰু এই খেতিৰ পৰা অধিক লাভ আৰ্জন কৰিব বিচাৰিলে, আমাৰ কৃষকসকলে তলত উল্লেখ কৰা কথাবোৰৰ ওপৰত প্ৰকৃত বাস্তৱিক গুৰুত্ব দিব লাগিব আৰু সেই কামবোৰৰ সথিক সময়ত সঠিকভাবে প্ৰয়োগ কৰিব পাৰিব লাগিব।

১) ধান খেতি কৰিবলৈ আগবঢ়া মাটিডৰা বা মাটিবোৰ যিমান পাৰি সিমান উপযোগী মাটি বিবেচনা কৰিব লাগে। বিবেচনা কৰা মাটি যদি ক’ৰবাত ক’ৰবাত সমস্যা আছে সেইবোৰ পাৰ্যমানে নাইকীয়া কৰি ধান খেতিৰ বেছি উপযোগী কৰিব লাগে।

২) ধানৰ জাতবোৰ নিজৰ কৃষি ভূমিৰ পৰিৱেশৰ লগত খাপ খাব পৰা অধিক উত্পাদনক্ষম জাত হ’ব লাগে আৰু এই জাতবোৰ সদায় নাম থকা আৰু বিশ্বাস কৰিব পৰা অনুস্থান প্ৰতিষ্ঠান যেনে-অসম কৃষি বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনত থকা গৱেষণা প্ৰতিষ্ঠান যেনে- অসম কৃষি বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনত থকা গৱেষণা প্ৰতিষ্ঠান আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা স্ংগ্ৰহ কৰিব পাৰে।

৩) ধান খেতি কৰিবলৈ লোৱা মাটি ভালদৰে উপযুক্ত সময়ত চহাই ধানখেতিৰ উপযোগী কৰি লাগে। এনে কৰোতে মাটিডৰা কেইবাৰ হাল বাব, সেইটো নিৰ্ভৰ কৰিব মাটিডৰাৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত। এই ক্ষেত্ৰত প্ৰতিখন হালৰ মাজত সময়ৰ ব্যৱধান থকাটো ভাল। কৃষি ভূমি ভালদৰে মৈ দি সমান কৰি লব লগে। খেতি পথাৰত আলিবোৰ ঘন ঘনকৈ দিব লাগে। পুৰণা আলিবোৰৰ চুক-কাণবোৰ ভালদৰে কাটি চাফা কৰি নতুন বোকা দি ভালদৰে আলিবোৰ দিব লাগে। এনে কৰিলে অবতৰত ধান খেতি পথাৰৰ আলিবোৰ ঘাঁহ-বনত লুকাই থকা পোক পত্ংগৰ উত্সবোৰ আৰু বেমাৰৰ উত্সবোৰৰ বহু পৰিমাণে ধ্বংস হয়। এনে প্ৰচেষ্টা হাতত ল’লে ধানৰ পথাৰত ধানৰ বৃদ্ধিৰ সময়ত পোক-পত্ংগ আৰু বেমাৰ-আজাৰ বহু পৰিমাণে হ্ৰাস পায়।

৪) ধান খেতিত অধিক উত্পাদন আৰু লাভ পাবলৈ হ’লে সঠিক ধানৰ কঠিয়া, সঠিক সময়ত, বৈজ্ঞানিক পদ্ধতিত পাৰিব লাগিব। কঠীয়তলি ভাল হোৱাৰ লগতে বীজবোৰ উপযুক্তভাবে উপযুক্ত ৰাসায়নিক দ্ৰব্য যেনে- মেনক’জেৱ, কেপটান অথবা কাৰ্বনডেজিম নামৰ যিকোনো৯ এবিধ ঔষধ ২.৫ গ্ৰাম এক কিলোগ্ৰাম বীজ আৰু ১ লিটাৰ পানীৰ অনুপাতত মিহলাই ২৪ ঘণ্টা ৰাখিব লাগে আৰু তাৰ পিছত এই শোধন কৰা বীজবোৰ তুলি ৪৮ ঘণ্টা ভালদৰে গাপ দিব লাগে। কঠীয়াবোৰ নিৰোগী কৰি ৰাখিবলৈ বীজ শোধন কৰাটো দৰকাৰ হয়। কঠীয়া পৰাৰ আগতে কঠীয়াতলিত সঠিক পৰিমাণৰ সাৰ যেনে- ৰাসায়নিক আৰু জৈৱিক শুদ্ধভাবে প্ৰয়োগ কৰিব লাগে। এই ক্ষেত্ৰত প্ৰতি ১০ মিটাৰ দৈৰ্ঘ্য আৰু ১.২৫ মিটাৰ বহলৰ কঠীয়াতলিত ২০-৩০ কিলোগ্ৰাম গৰুৰ গোবৰ বা পচন সাৰ, ৮০ গ্ৰাম ইউৰীয়া, ৮০ গ্ৰাম চিঙ্গ্ল চুপাৰ ফচফেট আৰু ৪০ গ্ৰাম মিউৰেট অৱ পটাছ প্ৰয়োগ কৰিব লাগে। কঠীয়াতলিত সদায় পুৱা আবেলি ভালকৈ চকু দি থাকিব লাগে। পোক-পত্ংগ তথা বেমাৰ-আজাৰ জাতীয় কিবা বিসঙ্গতি দেখিলে অতি সোনকালে উপযুক্ত ঔষধ, উপযুক্ত সময়ত প্ৰয়োগ কৰিব লাগে।

৫) ধানৰ কঠীয়া সদায় উপযুক্ত সময়ত তুলিব লাগে আৰু উপযুক্ত সময়ত নিয়ম বা পদ্ধতিত ৰুব লাগে। অন্যথা ধানৰ উত্পাদন হ্ৰাস পাব আৰু লাভৰ পৰিমাণ কমি যাব। ধানৰ কঠীয়া ৰোপণৰ সময়ত প্ৰতি গোচা কঠীয়াৰ মাজত ২০ ৰ পৰা ২৫ ছে:মি: দূৰত্বৰ ব্যৱধন থাকিব লাগে আৰু প্ৰতিটো শাৰীৰ মাজত ১৫ ৰ পৰা ২৫ ছে: মিটাৰৰ দূৰত্বৰ ব্যৱধান থাকিব লাগে। অৱশ্যে এইটো নিৰ্ভৰ কৰিব ধানৰ জাতৰ ওপৰত। প্ৰতি গোচা কঠীয়াত সাধাৰণতে ২ ৰ পৰা ৩ ডাল কঠীয়া ল’ব লাগে, যদিহে ধান খেতি জুলাই বা আগষ্টত ৰোৱা হয়। আনহাতে ছেপ্তেম্বৰ মাহত ৰোৱা ধানৰ ক্ষেত্ৰত প্ৰতি গোচা কঠীয়াত ৪ ৰ পৰা ৬ ডাল কঠীয়া ব্যৱহাৰ কৰিব লাগে আৰু বিশেষ মন কৰিবলগীয়া কথা হ’ল- ধান ৰোওতে সদায় ৪-৫ ছে: মিটাৰ দলৈ কঠীয়াবোৰ পুতিব লাগে। ইয়াতকৈ দ’লৈ কঠীয়া পুতিলে যিটো বহুত কৃষকে কৰা পৰিলক্ষিত হয়, ধান সজাল ধৰোতে বহুতদিনৰ প্ৰয়োজন হয়। ফলত ধানৰ উত্পাদন হ্ৰাস পায় আৰু লাভৰ পৰিমাণ কমি যায়।

৬) ধান খেতিত অধিক উত্পাদন তথা লাভ অৰ্জন কৰিবলৈ হ’লে অন্য এটা বিশেষ গুৰুত্ব দিব লগা কাম হ’ল- উপযুক্ত সময়ত উপযুক্ত পৰিমাণৰ আৰু সঠিক সাৰ, সঠিকভাবে প্ৰয়োগ কৰাটো। এই ক্ষেত্ৰত সমতুল্য সাৰ প্ৰয়োগত অতি গুৰুত্ব দিব লাগিব। অন্যথা বিভিন্ন বিস্ংগাতি তথা বেমাৰ-আজাৰ আৰু পোক-পত্ংগৰ আক্ৰমণৰ পৰিমাণ বৃদ্ধি হব। ধান খেতিত অধিক লাভ আৰ্জন কৰিবলৈ হ’লে জৈৱিক আৰু ৰাসায়নিক এই দুয়োবিধ সাৰ প্ৰয়োগ কৰিব লাগিব। সাধাৰণতে অধিক লাভৰ বাবে প্ৰতি হেক্টৰ মাটিত ১০ টনকৈ পচন সাৰ হাল বোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰৰ ক্ষেত্ৰত প্ৰতি বিঘা ধান খেতিৰ মাটিত অৰ্দ্ধচাপৰ ধানৰ জাতৰ ক্ষেত্ৰত ১৮ কি:গ্ৰা: ইউৰীয়া, ১৭ কি:গ্ৰা: এচ এচ পি আৰু ৯ কি:গ্ৰা: এম অ পি প্ৰয়োগ কৰিব লাগে। কিন্তু ওখ জাতৰ ধনৰ ক্ষেত্ৰত এই কেইবিধ সাৰৰ পৰিমাণ ক্ৰমান্বয়ে ৬ কি:গ্ৰা:, ৮ কি:গ্ৰা: আৰু ২ কি:গ্ৰা: প্ৰয়োগ কৰিব লাগে।

   ধানখেতিৰ ক্ষেত্ৰত কোনবিধ সাৰ কেতিয়া আৰু কেনেকৈ কিমান পৰিমাণত প্ৰয়োগ কৰিব সেইটো বহুত দৰকাৰী বিষয়। কাৰণ ধানৰ উত্পাদন শক্তি আৰু লাভালাভ বহু পৰিমাণে এই বিশেষ বিষয়টোৰ ওপৰত নিৰ্ভৰ কৰে।

কম দিনীয়া ধানৰ জাত(১০০-১২০ দিনৰ)ৰ ক্ষেত্ৰত মুঠ প্ৰয়োগ কৰিবলগীয়া ইউৰিয়াৰ আধা আৰু সমুদায় চুপাৰ ফচফেট (এচ এচ পি) আৰু মিউৰেট অৱ পটাছ শেষৰবাৰ হাল বাঁওতে প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ ইউৰীয়া ধানৰ গেঁৰ ওলোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে।

মধ্য দিনীয়া আৰু দীৰ্ঘ দিনীয়া ধানৰ জাতৰ ক্ষেত্ৰত (১২০-১৫০ দিনীয়া) সাৰ প্ৰয়োগৰ নিয়ম অলপ বেলেগ। এই ক্ষেত্ৰত মুঠ প্ৰয়োগ কৰিবলগীয়া ইউৰীয়াৰ আধাভাগ আৰু সমুদায় এচ এচ পি আৰু এম অ পি সাৰ শেষবাৰ হাল বাওঁতে প্ৰয়োগ কৰিব্ লাগে। বাকী থকা ইউৰীয়াখিনি সমানে দুভাগ কৰি ধান ৰোৱাৰ ১০-৩০ দিনৰ ভিতৰত আৰু দ্বিতীয় ভাগ ধানৰ গেঁৰ অহাৰ সময়ত খেতি পথাৰত সিচি দিব লাগে। কৃষকসকলে এই ক্ষেত্ৰত অধিক জানিবৰ দৰকাৰ হ’লে ওচৰৰ কৃষি বিশেষজ্ঞৰ ওচৰ চাপিব পাৰে।

৭) ধান খেতিত অধিক লাভ হ’বলৈ হ’লে আৰু এটা কৰিবলগীয়া দৰকাৰী কাম হ’ল-উপযুক্ত সময়ত বন-বাত নিয়ন্ত্ৰণ কৰা, পানী যোগানৰ ব্যৱস্থা কৰা আৰু সঠিক সময়ত পোক-পত্ংগ আৰু বেমাৰ আজাৰ নিয়ন্ত্ৰণ কৰা। ইয়াৰ বাবে কৃষকসকলে সঘনাই কৃষি পথাৰ নিৰীক্ষণ কৰি থকাটো অতি দৰকাৰী। ভাল পৰিচালনাৰ ক্ষেত্ৰত ধানখেতিৰ পথাৰত ৫ ছে:মি: পানী থকাটো বাঞ্চনীয় আৰূ এই পানী নাইকীয়া হোৱাৰ ৩ দিনৰ পিছত পুনৰ পানীৰ ব্যৱস্থা কৰিব লাগে।

ধান ৰোৱাৰ পাছত খেতি পথাৰত পোক-পত্ংগ, বেমাৰ-আজাৰ আৰু অন্য যি কোনো চিনাক্ত কৰিব নোৱাৰা বিসংগতিয়ে ধান খেতিত আক্ৰমণ কৰিলে, কৃষকসকলে লগে লগে ওচৰৰ কৃষি বিশেষজ্ঞৰ পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰি, প্ৰয়োজন হ’লে কৃষি বিশেষজ্ঞ সকলক পথাৰলৈ নিমন্ত্ৰণ কৰি সমস্যাবোৰ দেখুৱাই এইবোৰ সঠিক সময়ত নিৰাময় অথবা নিয়ন্ত্ৰণৰ বাবে ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

৮) ধান খেতিত অধিক লাভ ধাৰাবাহিকভাবে পাবলৈ হ’লে উন্নত জাতৰ প্ৰামাণিক বীজ ব্যৱহাৰ কৰা আৰু প্ৰতি ৩-৪ বছৰৰ অন্তৰে অন্তৰে এই বীজবোৰ পৰিত্যাগকৰি নতুন প্ৰামাণিক বীজ কঠীয়াৰ বাবে গ্ৰহণ কৰা।

৯) ধান খেতিত অধিক লাভ পাবলৈ হ’লে- পথাৰৰ ধানখিনি উপযুক্ত সময়ত চপাব লাগিব, ধানখিনি ভালদৰে মাৰিব লাগিব আৰু পিছত উপযুক্ত সময়ত খুব ভালকৈ ৰ’দাই স্ংৰক্ষণ কৰি থব লাগিব যাতে কোনো কাৰণতেই স্ংৰক্ষিত ধানত পোকৰ আক্ৰমণ নহয় আৰু বেমাৰ-আজাৰে আক্ৰমণ কৰি নষ্ট কৰিব নোৱাৰে। এই ক্ষেত্ৰত কৃষকসকলে স্ংৰক্ষিত ধানত হ’ব পৰা লোকচানৰ পৰিমাণ নাইকীয়া বা নূন্যতম কৰিব পাৰিব লাগিব। কৃষকসকলে সঠিক সময়ত, সঠিক কাৰ্য ব্যৱস্থা কৃষি বিশেষজ্ঞৰ পৰামৰ্শমতে গ্ৰহণ কৰিলে সুফল পাবলৈ সক্ষম হ’ব।

১০) ধান খেতিৰ পৰা কৃষকসকলে অধিক লাভ ধাৰাবাহিকভাবে পাবলৈ হ’লে কৃষকসকলে ধান খেতিৰ লগত জড়িত প্ৰতি কৰ্ম কামৰ কথা এখন বহীত লিখিতভাবে ৰখাটো অতি দৰকাৰী। অৰ্থাৎ, এই ক্ষেত্ৰত কৃষকসকলে ফাৰ্ম ৰেকৰ্ড বহী ৰখাটো বৰ দৰকাৰী। কৃষকসকলে এই বহীখনত ধানখেতিৰ সকলো কথা যেনে-কোন টুকুৰা মাটিত কৰিছে, কি জাত লৈছে, ক’ৰ পৰা লৈছে, কেতিয়া কঠীয়া পাৰিছে, বীজ শোধন কৰিছেনে? কেনেকৈ কৰিছে, কি ঔষধ ব্যৱহাৰ কৰিছে, কেতিয়া কঠীয়া তুলিছে, ৰুব লগা মাটিত কেইবাৰ হাল বাইছে আৰু কেতিয়াৰ পৰা ধান ৰুবলৈ আৰম্ভ কৰিছে আৰু কেতিয়ালৈকে, সাৰ কেতিয়া, কিমান প্ৰয়োগ কৰিছে, কেতিয়া কেতিয়া পথাৰত ভ্ৰমণ কৰে, বেমাৰ-আজাৰ কেতিয়া আৰম্ভ হৈছে, কেতিয়া এইবোৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে, কেনেকৈ কৰা হৈছে, কি কি ঔষধ প্ৰয়োগ কৰা হৈছে, পথাৰত পানী কেতিয়া কেতিয়া কিমান পৰিমাণত যোগান ধৰ হৈছে, ইত্যাদি ইত্যাদি সকলো কৰ্মৰে দিনাংক, পৰিমাণ(ভৌতিক আৰু বিত্তীয় ৰুপত) লিখিতভাবে বহীত ৰাখিব লাগে আৰু পিছত এই সকলো কথাৰ বিশ্লেষণ ভালদৰে সম্পন্ন কৰি সঠি বাস্তব সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। এনে কৰোতে কিমান খৰছ কৰি কিমান আৰ্জন কৰা হ’ল সেইটো উলিয়াব লাগে। খৰছৰ ক্ষেত্ৰত কৃষকসকলে ঘৰুৱা আৰু বাহিৰৰ পৰা আনি প্ৰয়োগ কৰা সকলো বস্তুৰে হিচাপ লিখিত ৰাখিব লাগে, আৰু লাভ লোকচান উলিয়াওতে এই সকলোবোৰ কথা ভালদৰে বিবেচনা কৰিব লাগে।তাৰোপৰি অধিক লাভ হ’বলৈ হ’লে কৃষকসকলে উত্পাদিত ধান ক’ত, কেতিয়া, কেনেকৈ বিক্ৰিৰ ব্যৱস্থা গ্ৰহণ কৰিলে অৰ্থনৈতিক লাভ আটাইতকৈ বেছি হ’ব, সেইটোৰ ওপৰত সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব লাগিব। বাস্তৱ ক্ষেত্ৰত যদি সেইটোৱেই হ্য়, তেন্তে ধান খেতিৰ পৰা পাব পৰা আটাইতকৈ বেছি লাভ কৃষকসকলে পাবলৈ সক্ষম হ’ব।

ওপৰত আলোচনা কৰি অহা প্ৰতিটো কথা বা কাম যদি আমাৰ কৃষকসকলে সঠিক সময়ত সঠিক পৰিমাণত আৰু সঠিক পদ্ধতিত বাস্তৱত প্ৰয়োগ কৰে, তেন্তে ধান খেতিৰ পৰা আমাৰ কৃষকসকলে পাব পৰা সম্পূৰ্ণ লাভ আটাইতকৈ বেছি পৰিমাণত লাভ কৰিব পাৰিব। কিয়নো এতিয়াও অসমত ধানৰ প্ৰতি হেক্টৰৰ উত্পাদন ভাৰতৰ গড় উত্পাদনৰ তথা অন্য ৰাজ্য পঞ্জাৱতকৈ বহুত তলত আছে। উদাহৰণস্বৰুপে ২০০৯ চনত অসমত ধানৰ প্ৰতি হেক্টৰৰ উত্পাদন আছিল ১৭৬৫ কিলোগ্ৰাম, ৰাষ্ট্ৰীয় গড় আছিল ২১৩০ কিলোগ্ৰাম আৰু পঞ্জাৱত আছিল আটাইতকৈ বেছি উত্পাদন প্ৰতি হেক্টৰত ৪০১০ কিলোগ্ৰাম। ইয়াৰ পৰা আমি এইটো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰো যে অসমত এতিয়াও ধান খেতি অধিক বেছি লাভবান ৰুপত প্ৰতিষ্ঠা কৰিব পৰাৰ সুযোগ আছে। আশা কৰো আমাৰ পঢ়ুৱৈ কৃষকসকলে এই লেখাটোৰ পৰা কিছু পৰিমাণে হলেও উপকাৰ লাভ  কৰিবলৈ সক্ষম হ’ব।

                                                                               উৎস: কৃষি বিজ্ঞান কেন্দ্ৰ, গোলাঘাট।

How can rice farming made more profitable

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.