 
            উদ্ভিদৰ বাবে নাইট্ৰজেন আটাইতকৈ অত্যাৱশ্যকীয় উপাদান হিচাপে বিবেচিত হৈছে। নাইট্ৰজেনে উদ্ভিদৰ জৈৱ-ৰাসায়নিক আৰু বিকাশমূলক কাৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শস্যৰ উৎপাদনৰ লগতে ইয়াৰ গুণগত মানদণ্ডত ইয়াৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নাইট্ৰজেনে। বিশেষকৈ লাভজনক উৎপাদন বৃদ্ধিৰ বাবে ধান খেতিত নাইট্ৰজেন যোগান ধৰাতো অতি গুৰুত্বপূৰ্ণ।
মনকৰিবলগীয়া কথাতো হ'ল, উদ্ভিদে নিজে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গ্ৰহণ কৰিব নোৱাৰে। যাৰ বাবে উদ্ভিদজোপাক নাইট্ৰজেন যোগান ধৰিবৰ বাবে মাটিত পোৱা কিছুমান অণুজীৱ বা জৈৱ সাৰৰ প্ৰয়োজনীয়তা আহি পৰে।
শস্যক পুষ্টি প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে কিছুমান জৈৱ-সাৰ আছে। তাৰে ভিতৰত আজোলা হৈছে এনে এক জৈৱ-সাৰ। এই আজোলা মুখ্যতঃ ফিলিপাইনছ, চীন, ভিয়েটনাম, থাইলেণ্ড আৰু ভাৰতৰ দৰে দেশত ধান খেতিত ব্যৱহাৰ কৰা হয়।
আজোলা হৈছে এক পানীত গজা ফাৰ্ণ, যাৰ সৈতে এনাবেনা আজোলাই(যি হৈছে এক চাইনোবেক্টেৰিয়া) সহজীৱী সম্পৰ্ক গঠন কৰে আৰু উদ্ভিদবোৰক নাইট্ৰজেন প্ৰদান কৰে। আজোলা ভাৰতত এক প্ৰতিশ্ৰুতিপূৰ্ণ জৈৱ-সাৰ হিচাপে প্ৰমাণিত হৈছে আৰু কৃষকসকলে ইয়াক বহুলভাৱে ব্যৱহাৰ কৰে।
আজোলা ধানৰ সৈতে একেলগে খেতি কৰিব পাৰি। আজোলাৰ বাবে অতিৰিক্ত ভূমি বা অতিৰিক্ত পানীৰ প্ৰয়োজন নহয় আৰু ইয়াক জৈৱ-সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। শেহতীয়াকৈ, আজোলাক কৃষক সকলে পশুখাদ্য হিচাপেও ব্যৱহাৰ কৰা হৈছে, যিয়ে গাখীৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰে।
আজোলাৰ লাভালাভ (Benefit of Azola)
- 
ইয়াক এক কম ব্যয়ৰ জৈৱ-সাৰ হিচাপে পৰিগণিত হৈছে। আজোলাই দীৰ্ঘম্যাদী লাভালাভ কৃষক সকলক প্ৰদান কৰে। 
- 
আজোলাই উদ্ভিদক পুষ্টিৰ প্ৰযোজনীয়তা বৃদ্ধি কৰাৰ লগতে মাটিৰ উৰ্বৰতাও বৃদ্ধি কৰে। যাৰ ফলত শস্যৰ উৎপাদন বৃদ্ধি পায়। 
- 
আজোলাই ৰাসায়নিক নাইট্ৰজেনযুক্ত সাৰ যেনে ইউৰিয়া আদিৰ দৰে অজৈৱ সাৰৰ নিৰ্ভৰশীলতা হ্ৰাস কৰে আৰু সেইবোৰৰ দ্বাৰা হোৱা পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰিব পাৰে। 
- 
ই উদ্ভিদবোৰক অপতৃণ আৰু বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰে। 
- 
চাপৰ ক্ষেত্ৰতো ই উদ্ভিদৰ বিকাশত সহায় কৰেৱ আৰু আজোলাই শস্যলৈ পটাছিয়াম, জিংক আৰু লো যোগান ধৰে। 
লগতে পঢ়ক-Bitter Gourd Cultivation: জানো আঁহক কেনেদৰে কৰিব তিঁতা কেৰেলাৰ খেতি!
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments