1. উদ্য়ানশস্য়

Bitter Gourd Cultivation: জানো আঁহক কেনেদৰে কৰিব তিঁতা কেৰেলাৰ খেতি!

RAHUL ALI
RAHUL ALI
Bitter Gourd Cultivation, a complete Guide for farmers
Bitter Gourd Cultivation, a complete Guide for farmers

তিঁতা কেৰেলা এবিধ মুখৰোচক আৰু উচ্চ গুণ বিশিষ্ট পাচলি। বহুমুত্ৰ ৰোগৰ ৰোগীসকলৰ পৰম বন্ধু এইবিধ পাচলিৰ খেতি সাধাৰণতে আগতীয়াকৈ অক্টোবৰ নৱেম্বৰ মাহত, মধ্যমীয়াকৈ ফেব্ৰুৱাৰী- মার্চত আৰু শেহতীয়াভাৱে জুন-জুলাই মাহত কৰা হয়। 

অৱশ্যে এই লিখনিত শেহতীয়াভাৱে কৰা তিতা কেৰেলাৰ কৃষি পদ্ধতিৰ বিষয়ে কিছু তথ্য দাঙি ধৰা হব -

মাটি(Soil):

পানী ওলাই যোৱাৰ সুব্যৱস্থা থকা, বালিঅঁহীয়া, পলসুৱা, অধিক জৈৱিক গুণ থকা, মাটিত ৬.০-৭.০ পৰিমাণৰ অম্লতা থকা মাটি এই খেতিৰবাবে উপযোগী।

মাটি প্রস্তুত (Soil Prepare):

২-৩ বাৰ হাল বাই মৈয়াই মাটিডৰা সমান কৰি মিহিকৈ চাহ কৰি ল'ব লাগে।

সাৰ প্রয়োগ (Fertilizer Application):

প্রতি বিঘাত ১০ কুইন্টল পচন সাৰ বা শুকান গোবৰ, ইউৰিয়া, ইউৰিয়া ১০ কিলোগ্রাম, ছুপাৰ ফছফেট ২৫ কিলোগ্ৰামম আৰু মিউৰিট অব পটাছসাৰ ৭ কিলোগ্ৰাম প্রয়োজন। ইয়াৰে ইউৰিয়া সাৰৰ আধাভাগ আৰু সমুদায় সাৰখিনি মাটি চাহ কৰা সময়ত প্রয়োগ কৰিব লাগে। আধাভাগ ইউৰিয়া ফুল আৰু ফল ধৰাৰ সময়ত টপদ্রেচ হিচাপে প্রয়োগ কৰিব লাগে।

জাত (Varities):

মনছুন মনৰ্ক, লং গ্রীণ মনছুন।

বীজৰ পৰিমাণ (Seed Amount):

বিঘাই প্রতি ৮০০-৯০০ গ্রাম।

বীজ সিঁচাৰ সময় (Time to seedling):

জুন-জুলাই মাহৰ ভিতৰত।

ব্যৱধান (Distance):

শাৰীৰ মাজৰ ব্যবধান ১.৫-২.৫ মিটাৰ আৰু গছৰ ব্যৱধান ৬০ ছেণ্টিমিটাৰ-১.২ মিটাৰ হ’ব লাগে।

 

জলসিঞ্চন (Irrigation):

খৰাং বতৰত ৮-১০ দিনৰ অন্তৰে অন্তৰে জলসিঞ্চন কৰিৱ লাগে।

খেতি চপোৱা (Harvest):

ফলবোৰ কোমল আৰু সেউজীয়া হৈ থাকোতে খেতি চপোৱাৰ উপযুক্ত হয়।

উৎপাদন (Production):

বিঘাই প্রতি ১৫-১৮ কুইন্টল।

লগতে পঢ়ক-জলকীয়াৰ খেতিৰে উপাৰ্জনৰ চিন্তা কৰিছে নেকি আপুনি? তেনেহলে পঢ়ক এই প্ৰবন্ধ-

English Summary: Bitter Gourd Cultivation, a complete Guide for farmers

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.