Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 2 September, 2024 2:45 PM IST
Flood-tolerant Paddy varieties for Assam

ধেমাজিন জিলাৰ দিঘলীৰ এজন প্ৰগতিশীল কৃষক বিজয় পামে। ২০২৩ বৰ্ষত কৃষকগৰাকীয়ে দেশৰ ৰাষ্ট্ৰপতি পৰা কৃষি পুৰস্কাৰো লাভ কৰিছে। কৃষকগৰাকীয়ে হেৰাই যাব ধৰা অসমৰ বানপানী সহনশীল থলুৱা ধান বাওধানৰ খেতি আৰু ইয়াৰ বীজ সংৰক্ষণ কৰি আহিছে দীৰ্ঘদিন ধৰি। যাৰ বাবে কৃষক বিজয় পামে ৰাষ্ট্ৰপতিৰ পৰা কৃষি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। কৃষকগৰাকীয়ে বাওঁধানৰ সমান্তৰালভাৱে পাণ খেতি, ৰবিশস্য আৰু পলিহাউচত খেতি কৰে। তদুপৰি তেওঁ কেঁচুসাৰ উতপাদন কৰে আৰু জিলা কৃষি বিজ্ঞান কেন্দ্ৰত কেঁচুসাৰ যোগান ধৰে।

কৃষকগৰাকীয়ে এইবাৰ ২১ বিঘা জলাশয় সদৃশ কৃষিভূমি লীজত লৈ বাওধানৰ খেতি কৰিছে। আমাৰ বহু কৃষকে এনে জলাশয় সদৃশ মাটিবোৰ পেলাই ৰাখে কিন্তু কৃষক বিজয় পামে তেনে মাটিতেই সসন্মানে জীয়াই থকাৰ বাট বিচাৰি পাইছে।  কৃষি জাগৰণ অসমৰ সংবাদকৰ্মীৰে কথা-বতৰা সময়খিনিত কৃষকগৰাকীয়ে ২১ বিঘা মাটিৰ সেউজীয়া ধাননীখিনিলৈ আঙুলিয়াই কয়- এই ধানখিনি ৰোৱা ৩ দিনৰ পাছতে ১৪ দিনৰ বাবে পানীত ডুব গৈ আছিল। আপোনালোকে চাওঁক এতিয়া এই ধানখিনি পানীত ডুৱ যোৱা নিচিনা লাগিছেনে! তেওঁ কয়- বৰ্তমানেও আপোনালোকে দেখি থকা পথাৰখনত একঁকাল পানী আছে। পানী যিমানেই বাঢ়ে বাঢ়ে এই ধানটো সিমানেই বাঢ়ে। কৃষকগৰাকীয়ে কয় যে আমাৰ অসমৰ যিবোৰ পথাৰত বাৰ মাহে পানী থাকে। তেনে ঠাইত আমাৰ কৃষকসকলে চ’ত- বহাগত সিঁচি বা ৰুই এই খেতি কৰিব পাৰে।

লগতে পঢ়ক- 

Gadda 140 F1 : কৃষকসকলে আগতীয়াকৈ জাতিলাওৰ এই জাতটোৰ খেতি কৰক

কৃষকগৰাকীয়ে জানিবলৈ দিয়া তেওঁ এই জাতটোৰ বীজ দীৰ্ঘদিন ধৰি উতপাদন কৰিছে। তেওঁ লখিমপুৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰত এইজাতটোৰ বীজ যোগান ধৰি আহিছে। কোনো কৃষকে এই জাতটোৰ ধানৰ খেতি কৰিবলৈ বিচাৰিলে বীজ যোগান ধৰিব বুলি জানিবলৈ দিয়ে। শেহতীয়াকৈ কৃষক গৰাকীয়ে বাওধানৰ চাউলৰ বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি বাওধানৰ চাউলো উতপাদন কৰিবলৈ বজাৰলৈ উলিয়াই দিছে। অসমৰ আন ধানৰ জাতৰ চাউল অধিক স্বাস্থ্য সন্মত বুলি কয়। শেহতীয়াকৈ অসমৰ বাওধানে ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় বজাৰতো চাহিদা লাভ কৰিছে বুলি উল্লেখ কৰি অনাগত দিনত বাওধানৰ চাউলৰ এখন ভাল বজাৰৰ সম্ভাৱনা আছে আৰু এই ধানৰ খেতি কৰিলে নিশ্চিতভাৱে লাভান্বিত হ’ব বুলি কয় কৃষকগৰাকীয়ে।

উল্লেখ্য যে অসমৰ যিবোৰ কৃষি পথাৰত বাঢ়নী পানীত ডুব যায়, যিবোৰ পথাৰ বান প্ৰৱণ, যিবোৰ পথাৰত বানে মাৰি যোৱা বাবে কৃষকসকলে দুই তিনিবাৰ ভুঁই ৰুৱ লগা হয় তেনে অঞ্চলৰ কৃষকসকলে এই সমস্যাবোৰৰ বিকল্প হিচাপে বাওধানৰ খেতি কৰিব পাৰে।

লগতে পঢ়ক- 

আগতীয়াকৈ খেতি কৰিবৰ বাবে এই পদ্ধতিৰে পুলি উৎপাদন কৰক

English Summary: Flood-tolerant Paddy varieties for Assam
Published on: 02 September 2024, 02:43 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now