Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 25 December, 2022 2:52 PM IST
rice cultivation

ধান হৈছে এবিধ পানীত হোৱা শস্য আৰু পানী ভৰ্তি পথাৰত ইয়াৰ খেতি কৰা হয়। প্ৰতি কেজি ধানৰ উৎপাদনৰ বাবে প্ৰায় ৪০০০ ৰ পৰা ৫০০০ লিটাৰ পানী খৰচ হয়। সেয়েহে কৃষি কাৰ্য্যত পানীৰ সংৰক্ষণৰ বাবে লবলগীয়া প্ৰচেষ্টা সমূহৰ ভিতৰত ধান খেতিৰ কাৰণে কম পানী ব্যৱহাৰ কৰাটো এক প্ৰয়োজনীয় বিষয় হৈ পৰিছে। এই পৰিস্থিতিৰ লগত যুজঁ দিবলৈ বিশ্বৰ বহু গৱেষকে কম পানীত খেতি কৰিব পৰা ধানৰ প্ৰকাৰৰ উদ্ভাৱন কৰি আছে। এই ধান সমূহক বায়ুজীৱি  (এৰোবিক) ধান বোলে। ৰিচাৰ্চ মেটাৰ্ছ নামৰ এখন পত্ৰিকাৰ এক প্ৰতিবেদনত এইদৰে কোৱা হৈছে। লগতে পত্ৰিকাখনত কোৱা হৈছে যে- ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অধীনস্থ ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠান (আই আই আৰ আৰ) হাইদৰাবাদ আৰু তেলেংগানা ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়, হাইদৰাবাদৰ গৱেষক সকলে কৰা এক অধ্যয়নত তেওঁলোকে সেই জিনসমূহ চিনাক্ত কৰি উলিয়াইছে যিয়ে পানীৰ অভাৱ থকা অৱস্থাত বায়ুজীৱি ধানৰ বৃদ্ধিত সহায় কৰে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা সমৰ্থিত এই গৱেষণাটোৰ ফলাফলসমূহ চাইনটিফিক ৰিপোৰ্টচ  নামৰ পত্ৰিকা এখনত প্ৰকাশ হৈছে।

গৱেষকসকলে কম পানী থকা বা শুকান পথাৰত খেতি কৰিব পৰা বায়ুজীৱী ধানৰ এক প্ৰকাৰ (চি আৰ ধান ২০২) আৰু সাধাৰণতে ব্যৱহৃত পানী ভৰ্তি পথাৰত খেতিৰ উপযোগী এক ধানৰ প্ৰকাৰৰ (বি পি টি ৫২০৪) শিপা আৰু কাণ্ডৰ অধ্যয়ন কৰিছিল। তেওঁলোকে নেক্সট জেনেৰেচন চিকুয়েন্সিং নামৰ এক প্ৰযুক্তিৰ সহায়ত শিপা আৰু কাণ্ডৰ কোষবোৰত থকা হাজাৰ হাজাৰ আৰ এন এ ৰ অধ্যয়ন কৰিছিল আৰু কোষত কাৰ্যক্ষম হৈ থকা জিন সমূহ (য’ত চিডি এখনত থকা গানৰ দৰে, প্ৰাণীৰ জীৱন ধাৰণৰ ক্ৰিয়া-প্ৰক্ৰিয়াসমূহ লিপিবদ্ধ হৈ থাকে) চিনাক্ত কৰি উলিয়াইছিল।

তেওঁলোকে কৰা পৰীক্ষাৰ সহায়ত কোষত থকা জিন সমূহক তিনিটা ভাগত বিভক্ত কৰা হৈছিল। প্ৰথম ভাগটো আছিল ট্ৰেন্সক্ৰিপচন ফেক্টৰ জিন সমূহ যিয়ে প্ৰটিন উৎপাদন কাৰ্য্যত ভাগ লয়। দ্বিতীয় ভাগটো আছিল পৰিবাহী জিন সমূহ যিয়ে সেই বিলাক প্ৰটিন উৎপাদনত ভাগ লৈছিল যিয়ে কোষৰ ভিতৰলৈ গ্লূকোজ আৰু অন্যান্য পুষ্টিকৰ উপাদান পৰিবহন কৰাত সহায় কৰে। তৃতীয় ভাগটো আছিল শিপাৰ চৰিত্ৰৰ লগত জড়িত জিন সমূহ যি শিপাৰ দৈৰ্ঘ্য আদি আৰু শিপাৰ বিভিন্ন কাৰ্য্যৰ কাৰণে প্ৰয়োজনীয়।

অধ্যয়ন টোৱে প্ৰমাণ কৰিছিল যে পানীৰ নাটনিৰ এক পৰিস্থিতিৰ সম্মুখীন হোৱাত  ধানৰ শিপা প্ৰণালীয়ে ইয়াৰ কাণ্ডতকৈ অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিপাত প্ৰকাশিত হোৱা এক জিন ‘ডি আৰ ই বি ১ এফ’ য়ে  পানী নথকা অৱস্থাত ১.৫ গুণ বেছি প্ৰটিন উৎপন্ন কৰিছিল । একেদৰে অজৈৱ ফছফেটৰ  পৰিবাহী জিন ‘পি এইচ টি ১;৬’ ও বায়ুজীৱী ধানত ৪.৪২গুণ বেছিকৈ প্ৰকাশিত (কাৰ্যক্ষম) হৈছিল আৰু ইয়ে প্ৰতিকূল পৰিস্থিতিৰ সম্মুখীন হবলৈ এই জিন সমূহেযে সহায় কৰে তাক প্ৰমাণ কৰিছিল।  একেদৰে শিপাৰ লগত জড়িত এক জিন ‘ও এছ এম টি ২ এ’ বায়ুজীৱী ধানৰ শিপাত তিনি গুণ অধিক পৰিমানে প্ৰকাশিত হৈছিল আৰু ইয়ে প্ৰতিকূল পৰিস্থিতিত শিপাৰ ভূমিকাৰ কথা প্ৰমাণ কৰিছিল।

বায়ুজীৱি ধানৰ অভিযোজনৰ আৰত থকা জিনীয় প্ৰক্ৰিয়াৰ বিষয়ে সবিশেষ জনোৱা এয়া এক প্ৰথম অধ্যয়ন। গৱেষক সকলে ভাৱে যে এই জ্ঞান পানীৰ অভাৱ থকা ঠাইত খেতি কৰিব পৰা আৰু অধিক শস্যৰ প্ৰকাৰৰ উদ্ভাৱন কৰি বিশ্ববাসীক খৰাং পৰিস্থিতিৰ পৰা হোৱা ক্ষতিৰ পৰা উদ্ধাৰ কৰিবলৈ সহায়ক হব।  আধা সংখ্যক খেতি পথাৰেই পানী যোগানৰ ব্যৱস্থাৰ বাহিৰত থকাৰ পাছতো ১০৫.৪ মিলিয়ন টন ধানৰ সৈতে ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম উৎপাদক। গতিকে পানীৰ নাটনিৰ বাবে ভোকত থাকিব লগা পৰিস্থিতিৰ এক সাম্ভাব্য সমাধান দিয়াৰ সম্ভাৱনাৰে এই অধ্যয়নে সকলোৰে বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে।

লগতে পঢ়কঃ অসমত বড়ো ধানৰ কৃষি পদ্ধতিৰ বিষয়ে সবিশেষ

English Summary: Detailed information about aerobic rice research
Published on: 25 December 2022, 02:52 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now