1. এগ্ৰিপেডিয়া

কেঁচু সাৰ প্ৰস্তুত কৰি মাহে ডেৰ লাখ টকা উপাৰ্জন কৰে যাদৱে...

KJ Staff
KJ Staff

বৰ্তমান সময়ত সমগ্ৰ বিশ্ব জৈৱিক কৃষি পদ্ধতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । ইয়াৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ সমূহেও জৈৱিক কৃষি পদ্ধতি প্ৰচাৰৰ বাবে বিশেষ আঁচনি আৰু অভিযান গ্ৰহণ কৰিছে । ইতিমধ্যে ভাৰতৰ বহু কৃষকৰ লগতে কৃষক সংগঠন সমূহে জৈৱিক প্ৰদ্ধতিৰ প্ৰচাৰ তথা এই ক্ষেত্ৰত জন সচেতনতা বৃদ্ধি কৰিবৰ বাবে আগবাঢ়ি আহিছে ।

সেই অনুসৰি বহু কৃষকে কেইবাটাও কাৰণত ভাৰ্মিকম্পোষ্ট কৰিবলৈ বাছি লৈছে । কৃষক সকলে প্ৰায়ে শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ আৰু সাৰ, তৃণনাশক আৰু কীটনাশকৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ভাৰ্মিকম্পোষ্ট উৎপাদন কৰিব বিচাৰে । কৃষকে কেঁচু বা ভাৰ্মিকম্পোষ্টৰ বিক্ৰীৰ পৰা তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ ভাৰ্মিকম্পোষ্টিঙৰ বাবে আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে ।

ইয়াৰ লগতে দেশৰ বহুতো ৰাজ্যলৈ কেঁচু সাৰ প্ৰেৰণ কৰি আহিছে কৃষক সকলে । তদপুৰি বহুতো সচেতন কৃষকৰ লগতে কৃষক সংগঠনে কেঁচু সাৰ প্ৰস্তুতকৰণৰ ওপৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে দেশৰ বিভিন্ন প্ৰান্তত ।

সাধাৰণতে আমাৰা খেতি পথাৰত যিমানে ইউৰিয়া ব্যৱহাৰ কৰা হয় সিমানে মাটিৰ উৰ্বৰতা হ্ৰাস পায় । মাটিৰ উৰ্বৰতা হ্ৰাস পোৱা মানে ইয়াৰ উৎপাদন ক্ষমতাও সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে ৰাসায়নিৰ সাৰৰ ওপৰত । সমান্তৰালভাৱে ৰাসায়নিক সাৰৰ দ্বাৰা উৎপাদিত সামগ্ৰীও মানুহৰ বাবে অস্বাস্থ্যকৰ ।

কেঁচু সাৰ প্ৰস্তুত কৰি লাভজনক উপাৰ্জন কৰিবলৈ সক্ষম হোৱা এগৰাকী কৃষক হৈছে হাৰিয়ানাৰ ৰেৱাৰীৰ নাংগল মুণ্ডি গাঁৱৰ এজন কৃষক হৈছে কুলজিৎ যাদৱ । যাদৱে যোৱা দুবছৰ ধৰি জৈৱিক কৃষিৰ বাবে কেঁচুসাৰ সাৰ(ভাৰ্মিকম্পষ্ট) প্ৰস্তুত কৰি আহিছে আৰু ইয়াক দেশৰ বহুতো ৰাজ্যলৈ প্ৰেৰণ কৰি আহিছে । কেৱল এইটোৱেই নহয় যে তেওঁ বিভিন্ন ৰাজ্যৰ কৃষকসকলকো প্ৰশিক্ষণ দি আছে আৰু তেওঁ মাহে উপাৰ্জন কৰে প্ৰায় ডেৰ লাখ টকা ।

সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত যাদৱে কয়, ইউৰিয়াৰ নিৰ্বিচাৰ ব্যৱহাৰৰ ফলত ভূমিৰ উৰ্বৰতা হ্ৰাস পাইছে । যাৰ ফলত উৎপাদন হ্ৰাস হয় আৰু মানুহৰ স্বাস্থ্যকো প্ৰভাৱিত কৰে । জৈৱিক কৃষিৰ বাবে ভাৰ্মিকম্পোষ্ট প্ৰস্তুত কৰাৰ উপৰিও, যাদৱে জৈৱিক কীটনাশক প্ৰস্তুত কৰে, যি শস্যৰ উৎপাদন বৃদ্ধি কৰে আৰু শস্যৰ ৰোগ আৰু ফুলৰ ক্ষতিৰ দৰে সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে ।

ইয়াক প্ৰস্তুত কৰিবলৈ, নিম, দাতুৰা, কেনাৰ, চিৰসেউজ, এলো ভেৰা, ধপাত, ৰঙা বা সেউজীয়া জলকীয়া, আৰু কেষ্টৰ পাতসহ ৩৫ প্ৰকাৰৰ বনৌষধি মিহলি কৰি এক তৰল স্প্ৰে প্ৰস্তুত কৰা হয় । শস্যৰ ওপৰত এই থলুৱা পদ্ধতিৰ দ্বাৰা প্ৰস্তুত কৰা কীটনাশক ছটিয়াই, উদ্ভিদৰ সকলো ধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি । তদুপৰি  ফুল সৰি পৰাৰ দৰে সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায় ।

লগতে পঢ়কঃ লাভজনক উপাৰ্জনৰ বাবে কৰক শৰ্বাতি ঘেঁহুৰ খেতি

English Summary: A Half Lakh Rupees Every Month From Vermicomposting Business

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.