1. এগ্ৰিপেডিয়া

মাকৈ খেতি কৰি কম দিনতে অধিক লাভৱান হোৱাৰ বাট মুকলি কৰক

KJ Staff
KJ Staff
Corn cultivation
Corn cultivation

অসমৰ কৃষকে কম সময়ত কৰিব পৰা খেতি সমূহৰ ভিতৰত আমি মাকৈ খেতিৰ নাম লব পাৰো৷ মাকৈ খেতিৰ পৰিচৰ্যাৰ খৰচ কম, চাহিদাৰ বাবে মূল্যমান বেছি, ফলত পৰম্পৰাগত ধানখেতিৰ অঞ্চলত খোপনি পুতিছে মাকৈ খেতিয়ে৷ এই সন্দৰ্ভত কৃষি উন্নয়ন বিষয়া দীপ গোস্বামীয়ে এক প্ৰৱন্ধত এইদৰে লিখিছে-

‘মাকৈ যিহেতু উদ্যোগিক ক্ষেত্ৰখনত বহুল ব্যৱহাৰ হয়, যেনে- শিশুখাদ্য কৰ্ন-ফ্লেক্স, কৰ্ন-ফ্লৰ আদিৰ প্ৰস্তুতিত; পশুখাদ্য, মাছৰ খাদ্য আদিৰ প্ৰস্তুতিত আমি ইয়াৰ বজাৰ পাবৰ কাৰণেও কোনো সমস্যা নহব৷ জনামতে অসমৰ কাৰ্বি আলং জিলাৰ খটখটীত প্ৰথম মাকৈ ভিত্তিক কৃষি উদ্যোগ গঢ় লৈ উঠে৷ পৰৱৰ্তী সময়ত খাৰুপেটীয়া, বৰপেটাৰোড আদি অঞ্চলসমুহতো মাকৈৰ সংসাধন উদ্যোগ গঢ় লৈ উঠিছে৷

বৰ্তমান মাকৈৰ চাহিদা বৃদ্ধিয়ে ইয়াৰ কৃষিভূমি সম্প্ৰসাৰণত অৰিহণা যোগাইছে৷চৰ অঞ্চলত মাকৈৰ কৃষিভূমি সম্প্ৰসাৰণ লক্ষ্যনীয়৷ পৰম্পৰাগত গ্ৰীষ্মকালিন ধানখেতিৰ বাবে প্ৰখ্যাত মৰিগাওঁ, দৰং, বৰপেটা আদি জিলাসমুহত মাকৈ খেতিয়ে ধানৰ পৰিপূৰক খেতিৰূপে স্থান পাইছে৷

উদাহৰণস্বৰূপে দৰং জিলাৰ ৰঙামাটি অঞ্চলৰ কথাই কব পাৰি৷ এই অঞ্চলৰ কৃষকে আহু আৰু শালি এই দুয়োটা ১ বিঘাৰ পৰা ৩০ বিঘালৈকে মাকৈ খেতি কৰে৷ বহু ঠাইত বানপানীৰ প্ৰাদুৰ্ভাৱৰ কাৰণে প্ৰায়েই শালিধান চপাব নোৱাৰে, কিন্তু কমদিনীয়া কাৰণে মাকৈ চপাব পাৰে৷ মাকৈ চপোৱাৰ পাছত কিছু ৰ’দত শুকুৱাই চেলাৰ মেচিন দ্বাৰা গুটিবোৰ গুচাই ৰ’দত শুকুৱাই লব লাগে আৰু দুই তিনিটা চোকা ৰ’দত দি বস্তাত ভৰাই বিক্ৰিযোগ্য কৰি তুলিব পাৰি৷

মাকৈ খেতি কৰা অঞ্চলসমুহলৈ অৰ্থনৈতিক পৰিবৰ্তন অহা চকুত পৰে৷ সকলো অঞ্চলৰে পৰিবৰ্তন প্ৰায় একেধৰণৰে৷ মাকৈ খেতিয়ে কিছু হ’লেও কৃষকৰ অৰ্থনৈতিক পৰিকাঠামো সবল কৰিছে৷ এনে সৱলতা যথেষ্ট আশাব্যঞ্জক৷ তথাপিও যেন এই খেতিটোক আৰু অধিক শক্তিশালী কৰাৰ আৱশ্যক আছে৷ আনহাতে, আমি ভাবো সৰল প্ৰযুক্তি কৌশলৰ ব্যাপক ব্যৱহাৰ মাকৈ খেতিৰ উন্নয়নত অধিক সহায়ক হব৷’

লগতে পঢ়কঃ চৰাইদেউত RKVYআৰু APART ৰ অধীনত কৰা খেতি পৰিদৰ্শন কৃষি বিভাগৰ

English Summary: Corn cultivation can be profitable for Assam farmers

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.