1. এগ্ৰিপেডিয়া

অসমৰ অৰ্থনীতিত কৃষিৰ গুৰুত্ব

KJ Staff
KJ Staff
Contribution of agriculture in Assam Economy
Contribution of agriculture in Assam Economy

অসমৰ অৰ্থনীতিত কৃষিয়ে এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে । এখন কৃষি প্রধান ৰাজ্য হিচাপে অন্যান্য বহুতো ৰাজ্যৰ তুলনাত অসমৰ অৰ্থব্যৱস্থা অধিক পৰিমানে কৃষিৰ ওপৰত নিৰ্ভৰশীল । অসমৰ অৰ্থব্যৱস্থা যে কেবল কৃষিভিত্তিক তেনে নহয়। ইয়াৰ উদ্যোগিক বিকাশ আৰু উন্নয়নতো কৃষিৰ গুৰুত্ব সর্বাধিক। অসমৰ বৃহৎ উদ্যোগ চাহশিল্প কৃষি-ভিত্তিক। আনহাতে চেনি, কপাহ, মৰাপাট, কাগজ উদ্যোগো কৃষিভিত্তিক। অসমৰ খাদ্য শস্য আৰু উদ্যোগীক কেঁচামালৰ পিনৰ পৰাও কৃষিৰ গুৰুত্ব সৰ্বাধিক । তদুপৰি চৰকাৰী ৰাজহ, ৰাজ্যিক আয়, শ্ৰমিকৰ কৰ্ম সংস্থান আদি দিশৰ পৰাও কৃষিয়েই অসমৰ সৰ্ববৃহৎ উদ্যোগ । গতিকে দেখা যায় যে কৃষিয়ে আমাৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।

কৃষিৰ গুৰুত্ব যে অকল খাদ্য শস্য হিচাপেহে প্রধান তেনে নহয়। উদ্যোগীক বিকাশ অআৰু উন্নয়নৰ বেলিকাও কৃষিৰ গুৰুত্ব অসীম । কাৰণ বহুতো উদ্যোগক কেচাঁমালৰ যোগান ধৰে এই কৃষিখণ্ডই । অসমৰ প্ৰায় ৫০ শতাংশ উদ্যোগৰ কেচাঁমাল কৃষিজাত বস্তু। এই কেচাঁমালৰ ওপৰতে ভিত্তি কৰি চেনি, মৰাপাট, তেল, বনস্পতি আদি শিল্প গঢ়ি উঠিছে। এনেবোৰ কেচাঁমালৰ সামগ্ৰীৰ যোগান অবিহনে অসমৰ উদ্যোগীক বিকাশ ও সম্প্রাসাৰন তেনেই অসম্ভৱ । ইয়াৰ বাহিৰেও পৰোক্ষভাৱে বহুতো শিল্পই কৃষিৰ ওপৰত নিৰ্ভৰশীল। কুটীৰ আৰু ক্ষুদ্ৰ শিল্পৰ ক্ষেত্ৰতো কৃষিৰ ভূমিকা গুৰুত্বপূৰ্ণ। উদোগৰ কাৰণে প্ৰয়োজনীয় কেচাঁ সামগ্ৰীৰ উৎস হ’ল খেতি। গতিকে উদ্যোগবোৰৰ উন্নতি আৰু প্ৰসাৰন কৰিবলৈ হ’লে কৃষিৰ ওপৰত গুৰুত্ব দিয়া প্রয়োজন । কৃষিয়ে উদ্যোগ প্রতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলক খাদ্যৰ যোগান ধৰাত এক গুৰুত্বপূৰ্ ভূমিকা গ্ৰহণ কৰে। উদ্যোগৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰাত কৃষি ব্যৱস্থাই এক বৃহৎ বজাৰ সৃষ্টি কৰে। যেনে, কৃষিখণ্ডৰ প্ৰয়োজনীয় যন্ত্রপাতি উদ্যোগত উৎপাদিত হয় আৰু সেইবোৰ কৃষিৰ কাৰণে কিনিবলগীয়া হয়। ইয়াৰ উপৰি উদ্যোগবোৰত প্ৰয়োজনীয় মানুহৰ শ্রমশক্তিৰো কাৰণ হ'ল কৃষি। কাৰণ কৃষিজাত খাদ্যদ্ৰব্যৰ চাহিদানুপাতে ভোগ কৰি উদ্যোগৰ শ্ৰমিকসকলে নিয়মিতভাৱে উদ্যোগৰ উৎপাদনৰ বাবে তেওঁলোকৰ শ্ৰমদান কৰিব পাৰে।

আমাৰ জাতীয় আয়ৰ ক্ষেত্ৰটো দেখা যায় যে ইয়াৰ অধিকাংশ আহে কৃষিখণ্ডৰ পৰা। গোটেই ভাৰতৰ তুলনাত অসমতে জাতীয় আয়লৈ আটাইতকৈ বেছি অংশ আহে কৃষিৰ পৰা। গতিকে দেখা যায় যে সৰ্বভাৰতীয় ভিত্তিত কৃষিয়ে অসমত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বৈদেশিক বানিজ্যৰ ক্ষেত্ৰটো কৃষিৰ গুৰুত্ব মন কৰিবলগীয়া। কৃষিখণ্ডৰ পৰা উৎপাদিত সামগ্ৰী ৰপ্তানিৰ জড়িয়তে বৈদেশিক বিনিময় সম্ভৱ হৈ উঠে। অসমৰ চাহ, ধপাত, মৰাপাট, কপাহ, আদি কৃষিজাত সামগ্ৰীসমূহ বিদেশলৈ পঠাই বৈদেশিক মুদ্রা অর্জন কৰিবলৈ সক্ষম হৈছে। বৈদেশিক বাণিজ্যৰ উপৰিও আভ্যন্তৰীণ বাণিজ্যৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰটো কৃষিৰ অৱদান মনকৰবলগীয়া। কৃষিয়ে যোগান ধৰা খাদ্য দ্ৰব্য আৰু উদ্যোগীক কেচাঁমালৰ সামগ্ৰীসমূহ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰণৰ যোগেদি দেশৰ পৰিবহন ব্যৱস্থাই বিশেষকৈ ৰেলৱে বিভাগ অধিক লাভ উপার্জন কৰিবলৈ সক্ষম হৈছে। ফলত ৰাষ্ট্ৰৰ আভ্যন্তৰীণ ব্যৱসায়ৰ সম্প্ৰসাৰন ঘটিছে। সেয়েহে পঞ্চ বার্ষিক পৰিকল্পনাৰ কালছোৱাত কৃষিব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ১ম পৰিকল্পনাৰ কালছোৱাত কৃষিখণ্ডৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছিল। খাদ্যদ্রব্যৰ উৎপাদনৰ ক্ষেত্ৰত আত্মানিৰ্ভৰশীল হোৱাৰ বাবে পৰিকল্পনাত কৃষিৰ শিতানত মুঠ ২৪১কোটি টকা ব্যয় কৰিবলৈ সিদ্ধান্ত লৈছিল। কৃষি ব্যৱস্থাৰ উন্নতিকল্পে পদ্ধতি কৃষি ভূমিত কৰা হৈছিল। উন্নতমানৰ বীজ আৰু কৃষিভূমিত যোগান ব্যৱস্থা কৰা হৈছিল। ফলস্বৰূপে কৃষিজাত উৎপাদন শতকৰা ভাগলৈ বৃদ্ধি পাইছিল ।

আনহাতে দেখা যায় অসমত কৃষিয়েই অধিকাংশ লোকৰ নিৰ্বাহৰ উৎস। ভাৰতৰ তুলনাত উদ্যোগীক বিকাশ নাই গতিকে কৃষি প্ৰধান হিচাপে ৰাজ্যখনৰ সৰ্বাধিক কর্মসংস্থান কৃষিয়েই যোগান বুলি ক'ব অসমত জনসংখ্যা বৃদ্ধিৰ লগে ওপৰত জনসংখ্যাৰ হেচাঁ বাঢ়ি কৃষিৰ বাহিৰে নিয়োগৰ বিশেষ সুবিধা নথকাত বা উদ্যোগীকৰণৰ গতি মন্থৰ হোৱাত কৃষিৰ দ্বাৰাই মানুহে জীবিকা নির্বাহ কৰিবলগীয়া হৈছে। ৰাজ্যখনৰ সৰহ সংখ্যক জনসাধাৰণে গাওঁ অঞ্চলত বসবাস কৰে। গাঁৱৰ অধিকাংশ লোক দুখীয়া আৰু নিৰক্ষৰ। তেওঁলোকৰ আন কামৰ প্রতি মন থাকিলেও মুলধনৰ অভাৱত আন কাম কৰিব নোৱাৰে। আনকি বর্তমান কুটিৰ আৰু ক্ষুদ্র শিল্পসমূহো ধ্বংসপ্রাপ্ত হোৱাত সেইবোৰৰ প্ৰতিও মানুহে মন কান নিদিয়া হৈছে। তদুপৰি গাঁৱৰ মানুহে নিজৰ জন্মস্থান এৰি আন ঠাই লৈ গৈ কাম নকৰে। ফলত পৰম্পৰাগত ভাৱে চলি অহা কৃষিকেই মূল জীৱিকাৰ উৎস হিচাপে লয় । অসমত কৃষিয়েই হৈছে অধিকাংশ লোকৰ আয় সমৃদ্ধিৰ সমল। অসমৰ জনসাধাৰণৰ অৰ্থনৈতিক উন্নতিও কৃষিৰ উন্নতিৰ লগত জড়িত । যি বছৰত অসম কৃষি খণ্ডত কৃতকার্য হয়, সেইবাৰ কৃষকসকলৰ আয় উপার্জনো বৃদ্ধি পায় আৰু লগে লগে ৰাজ্যখনৰ উদ্যোগৰো উন্নতি সাধন হয়। কাৰণ আমি জানো যে কৃষিৰ লগত উদ্যোগৰ ওতঃপ্রোত সম্পর্ক আছে ।

খাদ্য সংস্কটৰ সমাধানত কৃষিৰ ভূমিকা উল্লেখযোগ্য। অসমৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে খাদ্য- শস্য বৃদ্ধি হোৱা নাই। তদুপৰি প্ৰতি বছৰে অসমত বানপানীয়ে খেতিৰ অশেষ ক্ষতি সাধন কৰে। ফলত চৰকাৰে বহু টকাৰ খাদ্যশস্য অন্য ৰাজ্যৰ পৰা আমদানি কৰিবলগীয়া হয়। দেশৰ আভ্যন্তৰীণ বাণিজ্য, পৰিবহন ব্যৱস্থা, জনসাধাৰণৰ জীৱিকাৰ মানদণ্ড, জাতীয় আয়, শিল্পৰ সম্প্ৰসাৰণ সকলো কৃষিৰ কৃতকার্যতাৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে কৃষি ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব দি শস্য বৃদ্ধি কৰিবলৈ যত্ন কৰা উচিত । কিয়নো আমি জানো যে বৰ্দ্ধিত জনসংখ্যাৰ ভোগ প্ৰৱণতা কৃষিজাত সামগ্ৰীয়ে পূৰণ কৰে । অসমত প্ৰায় ৪২ লাখ একৰ মাটিত ধান খেতি কৰা হয় আৰু তাৰ পৰা ২০ লাখ টনতকৈ অধিক কেতিয়াবা উৎপাদন হয়। অসমৰ মৰাপাটে পশ্চিমবঙ্গৰ মৰাপাট কলৰ দুই তৃতীয়াংশ চাহিদা পূৰণ কৰে । অসমৰ বহু ঠাইত কুহিয়াৰ খেতি কৰা হয়। তাৰ ভিতৰত গোলাঘাট জিলাত উৎকষ্ট বিধৰ কুঁহিয়াৰ পোৱা যায়। অসমৰ ভূমিক্ষয় ৰোধ কৰি আৰু উদ্ধাৰ কৰা পতিত মাটিসমূহ খেতিৰ বাবে উপযোগী কৰি তুলিব পাৰি। কাৰণ অসমৰ মাটি কৃষিৰ বাবে উপযোগী। গতিকে এই ব্যৱস্থাবোৰ কাৰ্যকৰী কৰিব পাৰিলে অসম কৃষিৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ উপৰিও বাকী ৰাজ্যসমূহকো খাদ্যৰ যোগান ধৰিব পাৰিব।

অসমৰ ৰাজহৰ এক বুজন পৰিমাণ কৃষিৰ পৰা আহে। মুঠতে কৃষিয়ে অসমৰ সামাজিক আৰু অর্থনৈতিক জীৱনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে। ৰাজ্যখনৰ উদ্যোগীকৰণ আৰু আর্থিক উন্নয়নত কৃষিয়ে গুৰত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে । কাৰণ অসমৰ সৰহ সংখ্যক লোকৰেই জীৱিকাৰ উপায় হ’ল কৃষি। আকৌ ৰাজ্যখনৰ ঘৰুৱা উৎপাদনৰ প্ৰায় ৫০ শতাংশ কৃষিৰ পৰা আহৰন কৰা হয়।

অসমৰ অৰ্থনীতিত কৃষিৰ এনেবোৰ গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ বাবে পৰিকল্পনা আয়োগে ইয়াৰ উন্নয়নৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। আয়োগৰ মতে কৃষিৰ উৎপাদনৰ ক্ষেত্ৰত দেশ এখন স্বাৱলম্বী হ’ব নোৱাৰিলে দেশৰ দৰিদ্ৰ দূৰ নহয়, উদ্যোগীক বিকাশ আৰু উন্নয়নো সম্ভৱ নহয় নাইবা দ্রব্য মূল্যৰ স্থিৰতাও নাথাকে বা দেশ উন্নতিৰ বাবে লাগতিয়াল বৈদেশিক মুদ্ৰা আহৰণ কৰাটোও সম্ভৱ নহয়। কিয়নো ভাল কৃষিৰ ওপৰতে আমাৰ অৰ্থব্যৱস্থা নিৰ্ভৰ কৰে। ভাল খেতিৰ পৰা খেতিয়কৰ আয় বাঢ়ে আৰু সেই আয়ৰ জড়িয়তে সৰ্বসাধাৰণ মানুহে অপৰিহাৰ্য সামগ্ৰীবোৰ কিনি লয় । ইয়াৰ ফলত আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ ঘটে আৰু শিল্প উদ্যোগৰ অগ্রগতি হয় । এই শিল্প উদ্যোগৰ অগ্রগতিয়ে দেশৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰে ।

লেখকঃ ডাঃ নমিতা দেৱী, 

সহযোগী অধ্যাপক,

পশ্চিম গুৱাহাটী মহাবিদ্যালয়,

ফোনঃ ৮৭২১৮৩৪৭২৫

লগতে পঢ়কঃ অভিনেতা পংকজ ত্ৰিপাঠী কৃষি নেটৱৰ্কৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত

English Summary: Contribution of agriculture in Assam Economy

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.