Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 26 June, 2023 6:27 PM IST
বাটাৰনাট স্কোৱাচৰ কৃষি পদ্ধতি

বাটাৰনাট স্কোৱাছ নামৰ এই পাচলিবিধৰ খেতি অসমত একেবাৰে নতুন। কিন্তু এই পাচলিবিধৰ খেতি কৰি অসমৰ কৃষকসকল যথেষ্ট লাভান্বিত হোৱাৰ স্থল আছে। কাৰণ এই পাচলিবিধ অসমৰ মাটি আৰু জলবায়ু অতি উপযোগী। অসমৰ মাটিত বাটাৰনাট স্কোৱাচৰ ফল পাততকৈ ফল অধিক পৰিমাণে লাগে। অসমত লমালমে লগা এই পাচলিবিধ ভাৰতৰ লগতে বিদেশতো যথেষ্ট সমাদৰ আছে। বিশেষকৈ আৰব দেশত। বিগত দিনত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ কৃষকসকলে ডুবাইলৈ বাটাৰনাট স্কোৱাচ ৰপ্তানি কৰি লাভান্বিত হৈছে।

বাটাৰনাট স্কোৱাচক অসমীয়াত মিঠা ৰঙালাও বুলি ক’ব পাৰে। ইয়াৰ সোৱাদ ৰঙালাওৰ দৰে, কিন্তু বৰণ আৰু আকাৰ ৰঙালাওৰ পৰা সম্পূৰ্ণ পৃথক। কিন্তু বাটাৰ নাট স্কোৱাচৰ ভিতৰৰ ৰঙটো ৰঙালাওৰ দৰেই। ই আকাৰত সৰু। এটাৰ ওজন ৫০০ গ্ৰামতকৈ অলপ বেছি। অসমত ২০২২ বৰ্ষত প্ৰথমবাৰৰ ৰাজ্যৰ কৃষি বিভাগৰ পৃষ্ঠপোষকতাত বহুকেইজন কৃষকে এই বাটাৰনাট স্কোৱাচৰ খেতি কৰিছিল আৰু এই খেতি কৰি কৃষকসকলে বিৰাট সফলতা লাভ কৰিছে।

লগতে পঢ়ক- 

Floating farming : পানীৰ ওপৰত কৃষকসকলে কেনেকৈ কৰিব খেতি!

ওদালগুৰিত বীনেশ্বৰ বাগলাৰীৰ বাৰীত লমালমে লগা বাটাৰনাট স্কোৱাছ

ওদালগুৰি কৃষক বীনেশ্বৰ বাগলাৰীয়ে এইবাৰ পৰীক্ষামূলকভাৱে এবিঘা মাটিত কৰিছিল বাটাৰনাট স্কোৱাচৰ খেতি। কৃষকগৰাকীয়ে অতি কম খৰচ আৰু মাত্ৰ ৫০ দিনতে এবিঘা মাটিত বাটাৰনাটৰ খেতি কৰি ১ লাখ ১০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। কৃষক বীনেশ্বৰ বাগলাৰীয়ে জানিবলৈ দিয়া মতে, এই পাচলি বিধৰ পুলি ৰোপণ কৰাৰ পৰা ৫০ দিনত পৰা চপোৱাৰ উপযোগী হৈ পৰে। বাগলাৰীয়ে কয়- ২০২৩ বৰ্ষৰ মাৰ্চ মাহৰ মাজভাগত পুলিবোৰ ৰুইছিলো আৰু মে' মাহৰ প্ৰথম সপ্তাহৰ পৰা বাটাৰনাট স্কোৱাচ চপাব পৰা হৈছিল। তেওঁ কয়- ৰাসায়নিক সাৰৰ পৰিৱৰ্তে সম্পূৰ্ণ ভাৱে জৈৱিক পদ্ধতিত এই খেতিবিধ কৰিব পৰা যায় আৰু এই খেতি বিধত কোনো ধৰণৰ বেমাৰ-আজাৰ, পোক-পৰুৱাৰ আক্ৰমণ দেখা পৰিলক্ষিত নহ'ল। ভালকৈ কৰিলে ১ বিঘা মাটিৰ পৰা প্ৰায় ৬৩ কুইণ্টল বাটাৰনাট স্কোৱাচ উৎপাদন কৰিব পাৰিব।

ফটোত দেখা এই বাটাৰনাট স্কোৱাচবোৰ ওদালগুৰিৰ বীনেশ্বৰ বাগলাৰীৰ বাৰীৰ। আপোনালোকেই দেখিবলৈ পাইছে কিদৰে পাততকৈ অধিক পৰিমাণে লাগিছে বাটাৰনাট স্কোৱাচৰ ফল লাগিছে গছবোৰত। বাটাৰনাট স্কোৱাচৰ কৃষি পদ্ধতি একেবাৰে সহজ। পানী জমা নোহোৱা, সাৰুৱা মাটিত কৃষকসকলে বাটাৰ নাট স্কোৱাচৰ খেতি কৰিব পাৰে। মাঘ-ফাগুণ মাহৰ পৰা এই খেতি কৃষকসকলে আৰম্ভ কৰিব পাৰে। ফটোত দেখাৰ দৰেই কৃষকসকলে পথাৰখন প্ৰস্তুতি চলাব লাগে। পথাৰত পোনে পোনে গুটি সিঁচাৰ লগতে নাৰ্চাৰীৰ পদ্ধতিৰে পুলি উতপাদন কৰিয়ো পথাৰত পুলি ৰোপন কৰিব পাৰে। বাটাৰ নাট স্কোৱাচ লতাজাতীয় উদ্ভিদ। ইয়াক ৰঙালাও দৰে মাটিত বগাবলৈ দি বা জাতিলাওৰ দৰে হেণ্ডালিত বগাবলৈ দিব পাৰে। অৱশ্যে বেছিভাগ কৃষকেই মাটিত বগাবলৈ দিয়ে, বাটাৰনাট স্কোৱাচৰ কৃষক বীনেশ্বৰ বাগলাৰীয়ে মাটিতে গছবোৰক বগাবলৈ দিছিল।

উল্লেখযোগ্য যে অসমত এই পাচলিবিধ কেইজনমান কৃষকৰ মাজতহে উপলব্ধ। গতিকে বীজ ভাণ্ডাৰসমূহত ইয়াৰ বীজ এতিয়াও সহজলভ্য হোৱা নাই। গতিকে যিসকল কৃষকে এই খেতি কৰিম বুলি ভাৱিছে তেওঁলোকে অনলাইন অৰ্ডাৰ কৰি বাটাৰনাট স্কোৱাচৰ বীজসমূহ সংগ্ৰহ কৰিব পাৰিব।

লগতে পঢ়ক- 

Zero tillage : ধান কটাৰ পাছতে খালি হৈ পৰা পথাৰত এই পদ্ধতিৰে কৰক খেতি

English Summary: Butternut Squash farming system & its bumper benefit
Published on: 26 June 2023, 04:58 IST