Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 12 July, 2024 6:29 PM IST

অসমীয়াত এষাৰ কথা আছে-ভাদৰ চাৰি,  আহিনৰ চাৰি, মাহ সিঁচিবা যিমান পাৰি। অর্থাৎ ভাদ মাহৰ শেষৰ চাৰিদিন আৰু আহিন মাহৰ প্ৰথম চাৰিদিনেই হৈছে মণ্ড আৰু মাটিমাহৰ বীজ সিঁচাৰ উপযুক্ত সময়। আমাৰ ৰাজ্যখনত এই দুয়োবিধ মাহৰ খেতি ফলপ্রসূভাৱে কৰিব পৰা যায়। উন্নত কৃষি পদ্ধতি অৱলম্বন কৰি এই খেতি কৰিলে কেৱল ৩ মাহমানৰ ভিতৰতে বিঘাই প্রতি ডেৰ কুইণ্টলতকৈয়ো অধিক মাহ উৎপাদন কৰিব পৰা যায়, যাৰ মূল্য বৰ্তমান বজাৰত ৮ হাজাৰ টকাৰো অধিক। আনহাতে, এই বছৰ অসমত হোৱা অভূতপূৰ্ব বানপানীয়ে আমাৰ ভালেমান কৃষকৰ শালিধানৰ খেতি নষ্ট কৰি থৈ গ’ল। যিবোৰ পথাৰত শালিধানৰ খেতি কৰিব পৰা নহ’ল এতিয়া তেনে মাটিত শীতকালীন শস্যৰ খেতি ব্যাপকভাৱে আৰম্ভ কৰিব লাগিব। শালিধানৰ খেতিতকৈয়ো শীতকালীন শস্যৰ খেতিৰ পৰা অধিক উপার্জন লাভ কৰিব পৰা গৈছে। সেইবাবে এতিয়া সময় আহোঁতেই মাহখেতিৰ উপযুক্ত মাটিবোৰত বহল পৰিসৰত এই খেতি আৰম্ভ কৰিব পৰা যায়। এইক্ষেত্ৰত আমি তলত উল্লেখ কৰা দিশসমূহৰ ওপৰত অগ্রাধিকাৰ দিব পাৰোঁ।

  • ১) মগুমাহৰ উন্নত জাতসমূহৰ ভিতৰত টি ৪৪, কপাৰগাঁও, কে ৮৫১, এম এল ৫৬ আৰু মাটি মাহৰ উন্নত জাতৰ ভিতৰত টি ৯, টি ২৭, পণ্ট ইউ ১৯ আদি আমাৰ ৰাজ্যখনৰ বাবে উত্তম। এই খেতিৰ বাবে বালিচহীয়া পলসুৱা মাটি উৎকৃষ্টমানৰ।
  • ২) মণ্ড আৰু মাটিমাহৰ বীজ সিঁচিবৰ বাবে মাটিডৰা ২-৩ চাহ হালবাই প্রস্তুত কৰি উলিয়াব লাগে আৰু পানী ওলাই যোৱাৰ সুবিধা থাকিব লাগে। পথাৰৰ মাটি অধিক টেঙাগুণযুক্ত হ’লে মাটি পৰীক্ষা কৰি নির্ধাৰিত পৰিমাণত কৃষিচুণ প্রয়োগ কৰিলে মাটিৰ টেঙা গুণ কমে আৰু উৎপাদন বাঢ়ে। এবিঘা মাটিৰ বাবে ৬ কুইণ্টলমান পচনসাৰ, ৪.৫ কিল’গ্রাম ইউৰীয়া আৰু ৩০ কিল’গ্ৰাম ছুপাৰ ফচফেটৰ লগতে ৩ কিল’গ্রাম মিউৰিয়েট অব পটাছ সাৰ প্রয়োগ কৰিবলৈ কৃষি বিজ্ঞানীসকলে অনুমোদন জনাইছে।
  • ৩) ৰাসায়নিক সাৰৰ বিকল্প হিচাপে আজিকালি বিভিন্ন জৈৱিক সাৰ প্রয়োগ কৰিব পৰা গৈছে। মণ্ড আৰু মাটিমাহৰ খেতিতো জীৱাণুসাৰ প্রয়োগ কৰি ইউৰিয়া সাৰৰ মাত্রা হ্রাস কৰিব পাৰি। সিঁচাৰ আগতে বীজখিনিত এনে জীৱাণুসাৰ প্রয়োগ কৰিলে শস্যৰ গজন আৰু বাঢ়ন শক্তি অটুট থাকে আৰু তেতিয়া প্রতিবিঘা মাটিত ৩ কিল’গ্রাম পৰিমাণত ইউৰিয়া সাৰ প্রয়োগ কৰিব লাগে।

লগতে পঢ়ক- 

bean farming : ৩৫-৪০ দিনত ফুলিব, ৪৫-৫০ দিনত চিঙি নিব পাৰিব বজাৰলৈ

  • ৪) জীৱাণুসাৰৰ পেকেট বজাৰত বিভিন্ন নামত কিনিবলৈ পোৱা যায়। প্রথমে বীজখিনি পৰিষ্কাৰ পানীত তিয়াই লৈ তাত জীৱাণুসাৰখিনি ভালদৰে মিহলাব লাগে যাতে প্ৰতিটো বীজতে জীৱাণুসাৰৰ প্রলেপ পৰে। তাৰ পিছত বীজখিনি কাপোৰ অথবা বস্তাত মেলি ছাঁ পৰা ঠাইত ৰাখি শুকুৱাব লাগে। তেনেদৰে প্ৰস্তুত কৰা বীজখিনি পথাৰত সিঁচাৰ ব্যৱস্থা কৰিব লাগে। এক কিল’গ্ৰাম মাহৰ বীজ পৰিশোধন কৰিবলৈ ৪০-৫০ গ্রাম জীৱাণুসাৰৰ প্রয়োজন হয়।
  • ৫) এবিঘা মাটিত সিঁচিবলৈ প্রয়োজন হোৱা বীজৰ পৰিমাণ বীজৰ আকাৰৰ ওপৰত নিৰ্ভৰশীল। সকলোবোৰ বীজ চৰকাৰী অনুজ্ঞাপত্ৰ থকা বীজ বিক্ৰী কেন্দ্র অথবা অসম বীজ নিগমৰ পৰাহে সংগ্ৰহ কৰা ভাল। এবিঘা মাটিত শাৰীবদ্ধভাৱে সিচিবলৈ হ’লে দুটা শাৰীৰ মাজত ১ ফুট ব্যৱধান ৰখা উচিত।
  • ৬) খেতিৰ পৰা আশানুৰূপ উৎপাদন লাভ কৰিবলৈ হ’লে সময়মতে শস্য পৰিচর্যাৰ কাম হাতত লোৱা ভাল। সেই বাবে বীজ সিঁচাৰ পিছত প্রয়োজনমতে, পথাৰৰ অলাগতিয়াল বন-বাতবোৰ গুচাই শস্যৰক্ষাৰ ব্যৱস্থা হাতত লোৱা উচিত। মণ্ড আৰু মাটিমাহৰ গছবোৰত শতকৰা ৭৫ ভাগ ছেই পূৰঠ হ'লে চপোৱাৰ ব্যৱস্থা কৰিব লাগে।

ভাদ মাহত আমাৰ ৰাজ্যখনৰ নামঘৰবোৰত প্রতিদিনে এক বুজন পৰিমাণৰ মাহ-প্ৰসাদৰ প্রয়োজন হয়। ৰাজ্যখনৰ সেই চাহিদা পূৰণ কৰিবলৈ হ’লে আমি এতিয়া মাহ খেতিত অগ্রাধিকাৰ দিয়া উচিত। অন্যথা নামঘৰত প্রসাদমুঠি দিবলৈ অথবা কোনো এটা মাংগলিক অনুষ্ঠান পাতিবলৈ প্রয়োজন হোৱা মাহকেইটা বিচাৰি আমি অন্য ৰাজ্যৰ ওচৰত হাত পাতিব লাগিব।

লেখক: ড° কুমুদ চুতীয়া

লগতে পঢ়ক-

After flood farming : বানে মাৰি যোৱা এবিঘা ধাননী পথাৰত কৰক এই খেতি

 

English Summary: Black Gram Farming time & benefit
Published on: 12 July 2024, 06:28 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now