ফটোত দেখা এই কণমাণিটোৰ নাম দিব্যজ্যোতি চেতিয়া। কণমাণিটো তিনিচুকীয়া জিলাৰ পেঙেৰীৰ উদ্যমী কৃষক ধনীৰাম চেতিয়াৰ সন্তান। কণমাণিটোৰ বয়স ১০-১২ বছৰ হ’ব। পেঙেৰীস্থিত এখন মধ্য ইংৰাজী বিদ্যালয়ত অধ্যয়নৰত কণমাণিটো স্কুল ছুটীৰ পাছতে দেউতাকৰ পাছে পাছে ঘূৰি-ফুৰে, দেউতাকক ইটো-সিটো কামত লগনীয়াৰ দৰে সহায় কৰি দিয়ে। আৰু স্কুল ছুটীৰ দিনৰ দিনটোৰ বেছিভাগ সময় সি দেউতাকৰ সৈতে কটায় কৃষি পথাৰত । দিব্যজ্যোতি সন্দৰ্ভত দেউতাক ধনীৰাম চেতিয়াৰ লগত অনানুষ্ঠানিকভাৱে হোৱা কথা-বতৰাত তেওঁ কয় যে স্কুল ছুটিৰ পাছতে দিব্যজ্যোতিয়ে ঘৰৰ পৰা ৫-৬ কিলোমিটাৰ দূৰত্বৰ কৃষিফাৰ্মখনলৈ প্ৰায়ে খোজেৰে আহে। তেওঁলোকৰ লগত বিভিন্ন কাম-কাজত সহায় কৰে। আৰু তেওঁৰ পাছে পাছে ঘূৰি ফুৰে।
ওপৰত কোৱা কথাখিনি বহু শিশুৰ ক্ষেত্ৰতে প্ৰযোজ্য। আমাৰ গ্ৰামাঞ্চলত বহু শিশুৱে মাক-দেউতাকৰ কামত সহায় কৰে। বা শিশুৱে অভিভাৱকৰ সংগ ভাল পায়। গতিকে অভিভাৱকৰ জীৱিকাৰ সৈতে একাত্ম হৈ যায়। সেয়ে গ্ৰামাঞ্চলৰ শিশুৰ পৰা এইক্ষেত্ৰত পৃথক বা ব্যতিক্ৰম নহয় দিব্যজ্যোতি। কিন্তু অন্যক্ষেত্ৰত ব্যতিক্ৰম দিব্যজ্যোতি তাৰ সমবয়সৰ ল’ৰাৰ পৰা। গ্ৰামাঞ্চলৰ এটি ল’ৰাৰ পৰা। আপোনালোকক জনাও যে ধনীৰাম চেতিয়া অসমত নতুন চিন্তাৰে খেতি কৰি থকা কৃষকসকলৰ অন্যতম। দেউতাকে কৰি থকা কৃষি কৰ্মৰ এজন প্ৰত্যক্ষদৰ্শী বুলিব লাগিব কণমানি দিব্যজ্যোতিক। দিব্যজ্যোতিয়ে সৰু অৱস্থাতে বহু কৃষি সম্বন্ধীয় সৰু বৰ কথা জানে। সি জনা কথাবোৰ দেউতাকৰ ধনীৰাম চেতিয়া (Dhoniram Chetiya) নামৰ ফেচবুকটোত খুব সুন্দৰকৈ কয়। কণমানি দিব্যজ্যোতি কৃষি সম্বন্ধীয় কথাবোৰে বহুলোকক অনুপ্ৰাণিত কৰে। কণমানি দিব্যজ্যোতিৰ বহু কথা-বতৰাত প্ৰকৃতিৰ প্ৰতি থকা আকুলতা, চৰাই চিৰিকটি প্ৰতি থকা মৰম আদিবোৰ ফুটি উঠে।
লগতে পঢ়ক-
Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি
উদাহৰণস্বৰূপে- দুদিনমান পূৰ্বে দিব্যজ্যোতিৰ লগত আমাৰ কথা হৈছিল। কথা প্ৰসংগতে আমি দিব্যজ্যোতিক সুধিছিলো- তুমি জন্মদিনত কেক কটাৰ সলনি গছ পুলি কিয় ৰোৱা! তেতিয়া দিব্যজ্যোতিয়ে কৈছিল- কেকটো ৩০০ টকা দি কিনি আনিলে খাই পেলালে এদিনতে শেষ যাব। কিন্তু ফলৰ গছপুলি এটা ৰুলে আমি বহুদিনলৈ তাৰ ফল খাই থাকিব পাৰিম। আৰু সেই ফলৰ গছত চৰাই-চিৰিকটিয়ে বাঁহ সাজিব পাৰিব। তুমি ইমান ভাল কথাবোৰ কেনেকৈ জানা বুলি সোধাত দিব্যজ্যোতিয়ে কয়- মই সৰুৰ পৰাই দেউতাৰ পাছ পাছে ইটো-সিটো কৰি ঘূৰি ফুৰো। তেনেকৈয়ে দেউতাৰ পৰা কথাবোৰ শিকিছো। ইমান সৰুতে কৃষি সম্বন্ধীয় কথাবোৰ কেনেকৈ জানা বুলি সোধাত দিব্যজ্যোতিয়ে কয়- মই সৰুৰ পৰাই দেউতাৰ লগত ইটো-সিটো কামত সহায় কৰো। দেউতাৰ পাছে পাছে ঘূৰিয়েই আয়ত্ব কৰিছো।
কণমানি দিব্যজ্যোতি ডাঙৰ হলে এজন কৃষিবিষয়া বা কৃষি বিজ্ঞানী হ’লে ভাল হ’ব বুলি ভাৱে পিতৃ ধনীৰাম চেতিয়াই। কিন্তু ডাঙৰ হৈ কি হ’ব এতিয়াও থিৰাং কৰিব পৰা নাই নাই কণমানিটোৱে। কিন্তু দেউতাকৰ সপোন পূৰাবলৈ চেষ্টা কৰিম বুলি বুলি কয় দিব্যজ্যোতি। পিছে আছুতীয়াকৈ এবাৰ অনানুষ্ঠানিকভাৱে সোধাত সি কয়- আৰ্মি হ’ম।
লেখক- পংকজ খনিকৰ
লগতে পঢ়ক-