 
            কোমোৰা অসমীয়া মানুহৰ অতিকে চিনাকী এটা পাচলিৰ নাম। বহাগ বিহুতো গৃহস্থৰ ঘৰত বিহুজোৰাৰ লগে লগে বিহুৱাই গায় চালত কোমোৰা বুলি। হাঁহ মাংস আৰু কোমোৰাৰ জুতি প্ৰতিজন অসমীয়া মানুহৰ এক লোভনীয় খাদ্য তালিকাৰ এবিধ অন্যতম ব্যঞ্জন। ইয়াৰোপৰি কোমোৰাৰ দালিৰ লগত, অন্যান্য পাচলিৰ লগত ভাজি কৰি খায় অসমীয়া মানুহে। সম্প্ৰতি কোমোৰাক চুপ কৰি খোৱাও দেখিবলৈ পোৱা যায়। এই কথাখিনিৰ দ্বাৰা অসমীয়া সমাজত কোমোৰাৰ চাহিদা কিমান সেই কথাটোকে ক’ব বিচৰা হৈছে।
সম্প্ৰতি বজাৰত এক কেজি কোমোৰাৰ দাম ২০ পৰা ৩০ টকা। এটা ডাঙৰ কোমোৰাত ৫ ৰ পৰা ৭ কেজি পৰ্যন্ত হয়। গতিকে এটা কোমোৰাত পৰা ১১০ ৰ পৰা ১২০ টকালৈকে পাব পাৰি। ততস্বত্বেও কিন্তু অসমীয়া কৃষক ৰাইজে পৰ্যাপ্ত পৰিমানে কোমোৰাৰ খেতি নকৰে। অসমৰ বজাৰ ভৰি থকা অধিকাংশ কোমোৰাই নাগালেণ্ড-অৰুণাচলৰ। অসমীয়া মানুহে কোমোৰাৰ কৰে কিন্তু খেতি নকৰে। ঘৰতে খাবলৈ এজোপা ৰুৱে। নিজে খাই শেষ কৰিব নোৱাৰিলে বিক্ৰি কৰে। এনেদৰেই অসমীয়া মানুহে কোমোৰাৰ খেতি কৰে। অৱশ্যে দুই এজন কৃষকে ব্যৱসায়িক ভিত্তিত কোমোৰাৰ খেতি কৰে। কিন্তু সেয়া আঙুলি মূৰত লেখিব পৰা। ইয়াৰ এটা অতি যোগাত্মক দিশ হ’ল- বহুত বেছি কোমোৰা উতপাদন কৰিলেও বজাৰৰ বাবে হাবাথুৰি খাব নালাগে কৃষকগৰাকী। কাৰণ এটা পুৰঠ কোমোৰা গছৰ পৰা চিঙাৰ পাছতে এবছৰলৈ বেয়া হৈ নাযায়। দিন বাঢ়ি যোৱাৰ লগে লগে ই বেছি সুস্বাদু হৈ পৰে। কৃষকগৰাকীয়ে ধীৰ-সুস্থিৰে কোমোৰাৰ বিক্ৰি কৰি থাকিব পাৰে।
লগতে পঢ়ক-
গুৱাহাটীত অনুষ্ঠিত হ’ব দেশৰ জৈৱিক সামগ্ৰীৰ সৰ্ববৃহৎ বাণিজ্য মেলা
সেয়েহে অন্য খেতিৰ দৰে ব্যৱসায়িকভাৱে যদি অসমৰ কৃষকসকলে এই খেতি কৰে যথেষ্ট লাভান্বিত হোৱাৰ স্থল আছে। গতিকে কৃষকসকলৰ প্ৰতি লক্ষ্য ৰাখি এই আলোচনাত কোমোৰা খেতিৰ প্ৰয়োজনীয় আৰু প্ৰাথমিক কেইটামান দিশৰ বিষয়ে আলোচনা কৰিম-
সঁচ- থলুৱা জাতবোৰেই উপযোগী। পাৰিলে থলুৱা জাতৰ সৰু, সৰু কোমোৰাবোৰ লগাব। সৰু সৰু কোমোৰাৰ লগালে বিক্ৰি কৰিবলৈ ভাল হয়।
মাটি- পানী জমা নোহোৱা ওখ আৰু সাৰুৱা মাটি কোমোৰাৰ বাবে উপযোগী।
পুলি ৰোৱাৰ সময়- ফেব্ৰুৱাৰী আৰু এপ্ৰিলৰ মাজৰ সময়খিনি।
পুলি ৰোৱাৰ পদ্ধতি-
শাৰী শাৰীকৈ পুলিবোৰ ৰুৱ লাগে। এটা শাৰীৰ পৰা আন এটা শাৰীলৈ ব্যৱধান দুই মিটাৰ। এটা পুলিৰ পৰা আন এটা পুলিলৈ ব্যৱধান এক মিটাৰ। এনে কৰিলে গছ কোমোৰা জোপা নিজস্ব ধৰণে বগাই যাবলৈ সুবিধা হয়। আৰু কৃষকগৰাকীয়ে হেণ্ডালি দিবলৈ আৰু প্ৰয়োজন অনুসৰি নিৰাবলৈ, সাৰ-পানী যোগান ধৰিবলৈ সুবিধা হয়। হেণ্ডালি খনৰ উচ্চতা মাটিৰ পৰা ৬ ফুটমান কৰিব লাগে।
সাৰ প্ৰয়োগ-
জৈৱিকভাৱে কৰিলে কৃষকসকলৰ অধিক লাভ হ’ব। যদি ৰাসায়নিক সাৰ প্ৰয়োগ কৰি এই খেতি কৰিম বুলি ভাৱে অভিজ্ঞলোকৰ লগত কথা পাতিব। পানী যোগান ধৰিব নিজেই অনুমান কৰি। গোৱৰ বা অন্যান্য জৈৱিক সাৰ আপোনাৰ অনুমান মতেই প্ৰয়োগ কৰিব পাৰে।
খেতি কৰাৰ আগে জিলা কৃষি বিষয়া বা কোনো অভিজ্ঞ লোকৰ পৰা দুই এটা কথা জানি ল’লে ভাল হ’ব।
( বিঃদ্ৰ- জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে। জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/
যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments