1. এগ্ৰিপেডিয়া

ভাৰততো কৰা হয় মেলেৰিয়া বিৰোধী উদ্ভিদ 'আৰ্টেমিচিয়া'ৰ খেতি

KJ Staff
KJ Staff

মেলেৰিয়া আৰু হেলমিন্থৰ চিকিৎসাৰ বাবে আৰ্টেমিচিনিন ব্যৱহাৰ কৰা হয়। এই আৰ্টেমিচিনিন ঔষধটো প্ৰস্তুত কৰা হয় আৰ্টেমিচিয়া নামৰ উদ্ভিদবিধৰ পৰা। পূৰ্বে চীন দেশ আছিল এই উদ্ভিদৰ সৰ্ববৃহৎ উৎপাদক। কিন্তু এতিয়া আৰ্টেমিচিয়া উদ্ভিদৰ খেতি ভাৰততো বহুলভাৱে কৰে ভাৰতীয় খেতিয়কে। পিছে এসময়ত ভাৰতো আছিল আৰ্টেমিচিয়া উদ্ভিদৰ ক্ষেত্ৰত চীনৰ ওপৰত নিৰ্ভৰশীল।

কিন্তু চিএছআইআৰ-চেণ্ট্ৰেল ইনষ্টিটিউট অফ মেডিচিনেল এণ্ড এৰোমেটিক প্লাণ্টৰ গৱেষণাৰ অন্ততঃ ১.২ শতাংশ উচ্চ আৰ্টেমিচিনিন ঘনত্বৰ সৈতে উদ্ভিদৰ এটা নতুন প্ৰজাতিৰ বিকাশ হয়। এইবিধ উদ্ভিদৰ পৰা আহৰণ কৰা ৰাসায়নিক পদাৰ্থ মেলেৰীয়া ঔষধ আৰ্টেমিচিনিন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

শেহতীয়াকৈ এই সন্দৰ্ভত  চিএছআইআৰ-চিআইএমএপিৰ সঞ্চালক প্ৰবোধ কুমাৰ ত্ৰিবেদীয়ে কয়, " আৰ্টেমিচিয়া উদ্ভিদৰ নতুন প্ৰজাতিটো মেনিনজাইটিছ ৰোগীসকলৰ বাবে জীৱন ৰক্ষাকাৰী বুলি প্ৰমাণিত হৈছে।" ঔষধি আৰু সুগন্ধি উদ্ভিদ বিজ্ঞানৰ এখন আলোচনীত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, এই প্ৰকাৰটোৱে আৰ্টেমিচিয়া খেতি/ব্যৱসায়ৰ সৈতে জড়িত কৃষক আৰু উদ্যোগ দুয়োকে লাভান্বিত কৰিব।

'আৰ্টেমিচিয়া আনুৱা' খেতি চাৰিমাহৰ ভিতৰতে চপাব পৰা হয়। আৰু চাৰি মাহতে প্ৰতি হেক্টৰ ভূমিত ৬৫,০০০ টকা পৰ্যন্ত লাভ উঠাব পাৰে কৃষকসকলে। এসময়ত চীনৰ ওপৰত নিৰ্ভশীল ভাৰতে এতিয়া মেলেৰীয়া প্ৰতিৰোধক আৰ্টেমিচিনিন ঔষধ নাইজেৰিয়া, ঘানা, কঙ্গো , কেনিয়া,  জাম্বিয়া, মালাৱী, ৰৱাণ্ডা, ম্যানমাৰ, কম্বোডিয়াকে ধৰি কেইবাখনো দেশলৈ ৰপ্তানি কৰে।

লগতে পঢ়ক- FPO কি? ইয়াৰ পৰা কেনেদৰে উপকৃত হয় কৃষকসকল?

English Summary: 'Artemisia Annua' Cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.