1. স্বাস্হ্য আৰু জীৱন

এতিয়া বতৰ সলনি হৈছে, ভাইৰেল জ্বৰৰ সময়!

KJ Staff
KJ Staff
Viral Fever
Viral Fever

এতিয়া বতৰ আৰু জলবায়ু সলনি হৈছে ভাইৰেল জ্বৰ আহিছে। ঘৰৰ এজনৰ হ'লে পিছত আনবোৰৰো হ'ব পৰে। ৩-৭ দিনৰ ভিতৰত এই জ্বৰ কমি যায়। এই জ্বৰে শৰীৰৰ ভিতৰ আৰু বাহিৰ অধিক গৰম কৰে, গা দুৰ্বল আৰু বিষাই, প্ৰস্ৰাৱ জ্বলা পোৰা কৰে, কম কমকৈ প্ৰস্ৰাৱ হয়, চকু আৰু মূৰৰ বিষে অশান্তি দিয়ে।

লক্ষণসমূহ

জ্বৰ, মূৰৰ বিষ, দুর্বল গাৰ বিষ, চর্দি, ডিঙিৰ চৰচৰণি

প্রাকৃতিক ব্যৱস্থাৰে এই জ্বৰ আৰোগ্য কৰিব পাৰি

১) দিনটো যিমান পাৰি বেছি টেঙা নোহোৱাকৈ সাধাৰণ শীতল পানীত নেমু, ক’লা নিমখ, মৌ বা মিচিৰি মিহলি কৰি চৰ্বত খাওক। দিনটোত এবাৰ তেতেলীৰ চৰ্বতো খাব পাৰে৷ মাজে মাজে কেই গিলাচমান সাধাৰণ পানীও খাব।

২) ৰাতিপুৱা কুহুমীয়া পানীত নিমখ দি ভালদৰে আলজিভাত গৰম পানী লগাকৈ গাৰগোল কৰিব। পাৰিলে ‘জলনেতি’ কৰিব।

৩) শৰীৰ অধিক গৰম হ'লে মাজে মাজে ভৰিত ঠাণ্ডা পানী ঢালিব। স্নান কৰোতে

প্রথমে ভৰিত পানী ঢালি পিছত উৰু, কঁকাল, কান্ধ শেষত মূৰত পানী ঢালিব। যদি শৰীৰত পানী লাগিলে গোটেই শৰীৰত হঠাৎ ঠাণ্ডা লগাৰ অনুভৱ হয়,  তেতিয়া সকলো কামত কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিব।

৪) আবেলি, সন্ধিয়া বা নিশা এবাৰ কমেও ৫ মিনিট উতলা গৰম পানীৰ বাষ্প নাকেৰে টানিব। পানীত নিমখ, হালধি, আদা, জালুক, কাহ লং, জাবৰং অলপ দি ল'ব।

৫) যদি ঠাণ্ডা লাগি জ্বৰ উঠে অলপ সহ্য কৰিব পৰা গৰম পানীৰে ‘ফুট বাথ’ কৰিব।

৬) আদা, মৌ, লং, ডালচেনি, হালধি, পিপলি, জাবৰং কম পৰিমাণে মিহলাই কাড়া বনাই ঠাণ্ডা কৰি খাব।

লেখক- ৰংমন ৰংদৈ, বিভাগীয় প্ৰধান, যোগ আৰু স্বাস্থ্য বিজ্ঞান বিভাগ, চি আৰ এচ ডি টি, দৰং

ফোনঃ ৯৮৬৪১-৬৯৯০৯

লগতে পঢ়ক-Yoga for Health: সূৰ্য নমস্কাৰ কি? সূৰ্য নমস্কাৰ কেতিয়া কৰাটো অনুচিত!

 

English Summary: Viral Fever and its Natural Remedies

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.