অসম এখন কৃষিপ্ৰধান ৰাজ্য হিচাপে কৃষিজাত দ্ৰব্যৰ বিপনন ব্যৱস্হাৰ গুৰুত্ব অধিক। কিন্তু বৰ্তমান আমাৰ কৃষি বজাৰ ব্যৱস্হাতো বহু ধৰণৰ সমস্যা সৃষ্টি হৈছে। গাওঁ অঞ্চলত যাতায়তৰ বেয়া অৱস্হাৰ বাবে উৎপাদিত দ্ৰব্য বজাৰলৈ লৈ যোৱাটো কৃষকৰ বাবে কষ্টকৰ আৰু ব্যয়বহুল কাম। এনে ক্ষেত্ৰত তেওঁলোকে কৃষিজাত সামগ্ৰীসমূহ ক’ম দামতে ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধবী আৰু আত্মীয়স্বজনৰ তাত বিক্ৰী কৰিবলৈ বাধ্য হয়।
কৃষকসকলে উচিত দাম পোৱাৰ পৰা বঞ্চিত হয় আৰু পুনৰ কৃষি উন্নয়নৰ বাবে মূলধনৰ অভাৱত কৃষি উন্নয়ন কৰিব নোৱাৰে। বহু ক্ষেত্ৰত কৃষকৰ দৰিদ্ৰতাই তেওঁলোকক মহাজন বা অন্যান্য ব্যৱসায়ীৰ ওচৰত দায়বদ্ধ কৰি ৰাখে আৰু কৃষকে ক’ম দামতে উৎপাদিত শস্য বিক্ৰী কৰিবলৈ বাধ্য হয়।
এনে ক্ষেত্ৰত চৰকাৰৰ কৰণীয় বহু আছে। প্ৰথমতে কৃষকসকলৰ যাতে তেওঁলোকৰ সামগ্ৰীসমূহ নিব পাৰে তাৰ বাবে যাতায়ত আৰু পৰবহণ ব্যৱস্হাৰ অধিক উন্নয়ন কৰিব লাগে। দ্বিতীয়তে, নিয়ন্ত্ৰিত বজাৰ ব্যৱস্হা কৰি কৃষকক বিক্ৰীৰ বাবে সুবিধা প্ৰদান কৰিব লাগে। তৃতীয়তে জোখ-মাপৰ ক্ষেত্ৰত থকা অসুবিধাবোৰ আতঁৰ কৰিব লাগে যাতে উচিত মূল্য পোৱাৰ পৰা কৃষকে বঞ্চিত নহয়। চতুৰ্থতে, কৃষিজাত সামগ্ৰীবোৰৰ নিৰ্দিষ্ট দাম বান্ধি দি কঠোৰ আইন প্ৰণয়ন কৰিব লাগে।
পঞ্চমতে, কৃষিজাত সামগ্ৰীসমূহ সংৰক্ষিত কৰি ৰাখিবৰ বাবে চৰকাৰে শীত-তাপ নিয়ন্ত্ৰিত ভঁৰালৰ ব্যৱস্হা কৰিব লাগে যাতে কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী সঞ্চয়ৰ অভাৱত ক’ম দামতে বিক্ৰী কৰিব লগীয়া নহয়। আনহাতে ষষ্টতে কৃষিজাত দ্ৰব্যসমূহৰ প্ৰকাৰ বা ধৰণ (Quality) অনুযায়ী যাতে ভাগ ভাগ কৰি বিভিন্ন দাম বান্ধি দিয়া হয় তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখিব লাগে।
এনেদৰে কৃষিজাত দ্ৰব্যসমূহৰ বজাৰ ব্যৱস্হাৰ উন্নতি সাধিলেহে কৃষকৰ উন্নতি হ’ব আৰু দেশখনো অৰ্থনৈতিক দিশত আগুৱাই যাব পাৰিব।
লগতে পঢ়কঃ কেইবিধমান চিনাকি বনৌষধি (Herb)
লেখকঃ ড০ নমিতা দেৱী
সহযোগী অধ্যাপিকা, অৰ্থনীতি বিভাগ
পশ্চিম গুৱাহাটী মহাবিদ্যালয়