Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 12 July, 2023 11:30 AM IST
বানপানীৰ পাছত কৰিব পৰা খেতি

পাঠকসকল, আজি আমি এই আলোচনাত ৰাজ্যত বানৰ পাছতে বানে ধান মৰা পথাৰত, আগতীয়া ধান চপোৱা পথাৰ আৰু খৰাঙৰ বাবে ৰুব নোৱৰা পথাৰসমূহত কি কি শীতকালীন শস্যৰ খেতি কৰি কৃষকসকলে লাভ উঠাব পাৰিব সেই বিষয়ে আলোচনা কৰিম।

মাটি মাহ

বানপানীৰ পাছতে অসমৰ কৃষকে কৰিব পৰা এবিধ লাভদায়ক খেতি হ’ল মাটিমাহ। বিজ্ঞানসন্মত পদ্ধতিৰে এই খেতি কৰি যথেষ্ট লাভাৱান্বিত হ’ব পাৰিব গ্ৰাম্য কৃষকসকল। বানে মৰা পথাৰখনৰ লগতে  আগতীয়া ধান চপোৱা পথাৰখনত এই খেতি কৰিব পাৰিব কৃষকসকলে। অসমত মাটিমাহৰ এখন ভাল বজাৰ আছে। এই বজাৰখনৰ সুবিধা গ্ৰহণ কৰি মাটিমাহ খেতিত মনোনিৱেশ কৰি লাভাৱান্বিত হ’ব পাৰে অসমৰ কৃষকসকল। অসমৰ জলবায়ু উপযোগী কেইটামান মাটিমাহৰ বীজ হ’ল টি-৯, টি-২৭, টি-১২২, এচ বি -১২৯) আদি।  পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থকা বালি পলসুৱা মাটি এই খেতিৰ বাবে উপযুক্ত! বীজ সিঁচাৰ সময়- জুলাই মাহৰপৰা ছেপ্তেম্বৰৰ আৰম্ভণিলৈকে।

মাটিমাহ

মাকৈ খেতি

অসমৰ কৃষকে কম সময়ত কৰিব পৰা খেতি সমূহৰ ভিতৰত আমি মাকৈ খেতিৰ নাম লব পাৰো৷ মাকৈ খেতিৰ পৰিচৰ্যাৰ খৰচ কম, চাহিদা অতি বেছি, ফলত পৰম্পৰাগত ধানখেতিৰ অঞ্চলত খোপনি পুতিছে মাকৈ খেতিয়ে। বৰ্তমান মাকৈৰ চাহিদা বৃদ্ধিয়ে ইয়াৰ কৃষিভূমি সম্প্ৰসাৰণত অৰিহণা যোগাইছে৷ অসমৰ চৰ অঞ্চলসমূহত ইতিমধ্যে মাকৈ মাকৈৰ খেতি বৃহত পৰিমানত কৃষকসকলে আৰম্ভ কৰিছে। গ্ৰীষ্মকালিন ধানখেতিৰ বাবে প্ৰখ্যাত মৰিগাওঁ, দৰং, বৰপেটা আদি জিলাসমুহত মাকৈ খেতিয়ে ধানৰ পৰিপূৰক খেতিৰূপে স্থান লৈছে৷ আগষ্টৰ পৰা অক্টোবৰৰ মাজভাগলৈ সিঁচিব পৰা কেইবিধমান মাকৈৰ জাত হল গংগা- ১০১, *গংগা-৫, *ডেক্কান হাইব্ৰীড,  *কিষাণ, ডায়াৰা, *হুনিয়াচ আদি।

লগতে পঢ়ক- 

Indian Bean : আগষ্ট-ছেপ্তেম্বৰতে কেনেকৈ কৰিব ওৰহীৰ খেতি !

স্কোৱাচৰ খেতি

সম্প্ৰতি অসমত জনপ্ৰিয় হৈ পৰা পাচলিবোৰৰ ভিতৰত এবিধ অন্যতম পাচলি স্কোৱাচ। দুই এবছৰ আগৰলৈকে অভিজাত্য লোকসকলৰ মাজতে সীমাৱদ্ধ হৈ আছিল এই পাচলিবিধ। কিন্তু বৰ্তমান গ্ৰামাঞ্চলৰ লোকসকলৰ মাজতো জনপ্ৰিয় হৈ উঠিছে পাচলিবিধ। কিন্তু এই পাচলিসমূহৰ খেতি কৰা নহয় অসমত। মেঘালয়-অৰুনাচলৰ দৰে ৰাজ্যসমূহতে কেৱল স্কোৱাচৰ খেতি হয় বুলি এটা ভ্ৰান্ত ধাৰণা এটা অসমীয়া কৃষক ৰাইজে কৰি আহিছে। ফলত অসমৰ বজাৰসমূহ ভৰি থাকে বহিঃৰাজ্যৰ স্কোৱাচেৰে। ইয়াৰ মাজতে অসমৰ দুই এজন কৃষকে স্কোৱাচৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈছে। এই স্কোৱাচ খেতিৰ কৃষকসকলৰ সফলতাই প্ৰমাণ কৰি দেখুৱাইছে যে অসমৰ জলবায়ু স্কোৱাচ খেতিৰ উপযোগী আৰু এই খেতিৰ দ্বাৰা যথেষ্ট লাভান্বিত হ’ব পাৰে কৃষকসকল। অসমৰ জলবায়ু উপযোগী স্কোৱাচ খেতিৰ সঁচসমূহ- লং হোৱাইট, পইণ্টেড গ্ৰীণ, ৰাউণ্ড হোৱাইট, ব্ৰড গ্ৰীণ, অ’ভেল গ্ৰীণ আদি। এই বীজসমূহ অসমৰ যিকোনো বীজ ভাণ্ডাৰতে লাভ কৰিব পাৰে নাইবা আপুনি অনলাইনত অৰ্ডাৰ কৰিও আনিব পাৰে।

স্কোৱাচৰ খেতি
তিল খেতি

তিল খেতি

তিলৰ ব্যৱহাৰ অসমত সচৰাচৰ কম কিন্তু তিলৰ চাহিদা আছে। বিহুৰ সময়ত সাধাৰণতে তিলপিঠা বনাবলৈ অসমত তিলৰ ব্যৱহাৰ কৰা হয়। কিন্তু তিল খেতি কৰা হয় তেল প্ৰস্তুতৰ বাবেহে। তিলৰ পৰা প্ৰস্তুত কৰা  তেল অতি মূল্যৱান। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰত এই তিল তেলৰ চাহিদা বেছি। গতিকে তিলৰ এখন ভাল বজাৰ লাভ কৰাৰ সমান্তৰালভাৱে আপুনি তিল খেতি কৰি লাভান্বিত হ’ব পাৰিব। অসমত এই খেতি ধানৰ বিকল্প খেতি হিচাপে কৰিব পৰা স্থল আছে। কিয়নো শেহতীয়া বানে অসমৰ কৃষিক্ষেত্ৰখনক প্ৰায় নিঃশেষ কৰি গৈছে। বানে মাৰি যোৱা ধানৰ পথাৰসমূহত তিলৰ খেতি কৰিব পাৰো। কাৰণ বানে মৰা পথাৰখন ইয়াৰ পাছতে খালি হৈয়ে ৰ’ব পুনৰ বাৰিষা নহালৈকে। গতিকে ধান খেতিত লোকচান হোৱা আপোনাৰ ধন তিল খেতিৰে উভতাই আনিব পাৰিব। অৱশ্যে বেছি দ ঠাইসমূহ তিল খেতিৰ বাবে উপযোগী নহয়। বালিঅহিয়া পলসুৱা মাটি তিলৰ বাবে উপযোগী। তদুপৰি ধানৰ খেতি ভাল নোহোৱা বাম ঠাই সমূহো তিল খেতিৰ বাবে উপযোগী। এনে ঠাইসমূহত আমি বাৰিষা পাচলি খেতি কৰি জুলাই-আগষ্ট মাহত সেইবোৰ উঠাই তিলৰ খেতি কৰিব পাৰোঁ।

লগতে পঢ়ক- 

Turnip Farming : বৰষুণৰ কমাৰ লগে লগেই কৰিব পাৰিব শালগমৰ খেতি

English Summary: After flood cultivation in Assam
Published on: 12 July 2023, 11:27 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now