1. সফল কাহিনী

দুটা ছাগলীৰে আৰম্ভ কৰা ফাৰ্মখনৰ পৰা এতিয়া বছৰি উপাৰ্জন হয় ৩ লাখ টকা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বেংকৰ চাকৰি এৰি ছাগলীৰ ফাৰ্ম খুলি ভুল কৰিলে নেকি পৰিমীতাই !
বেংকৰ চাকৰি এৰি ছাগলীৰ ফাৰ্ম খুলি ভুল কৰিলে নেকি পৰিমীতাই !

আপুনি মই চাকৰি বিচাৰি ফুৰিছো! যিকোনো প্ৰকাৰে আমাক চাকৰি এটা লাগে। চাকৰিৰ বাবে যোগ্যতা নাথাকিলেও আমি বহুতে ধাৰ-ঋণ কৰি, সম্প্ৰতি বিক্ৰি কৰি ঘোচ দি হ’লেও চাকৰি এটা ল’ব বিচাৰো। গুৱাহাটীৰ ৰূপনগৰত জন্ম হোৱা তথা বিবাহসূত্ৰে নলবাৰীৰ বাসিন্দা মহিলা পৰীমিতা শৰ্মাৰ কিন্তু আমাৰ বহুতৰে পৰা পৃথক। এসময়ত বেংকত চাকৰি কৰিছিল পৰীমিতা শৰ্মাই। কিন্তু কামৰ বোজা আৰু মানসিক চাপৰ বাবে বেংকৰ চাকৰি এৰিছিল। পৰৱৰ্তী সময়তে স্বাধীন মনেৰে কৰিব পৰা এটি ব্যৱসায়ৰ সন্ধানত নামি পৰে তেওঁ৷

লগতে পঢ়ক- কণী উৎপাদনৰ বাবে মুৰ্গীৰ সৰ্বশ্ৰেষ্ঠ প্ৰজাতি

কামৰ সন্ধান ইউটিউৱত উপাৰ্জন সম্পৰ্কীয় ভিডিঅ’বোৰ চাই থাকোতে এদিন তেওঁ দেখা পালে এখন ছাগলী ফাৰ্ম৷ পৰৱৰ্তী সময়তে এগৰাকী মহিলাৰ বাবে ছাগলী পালনেই উপযুক্ত কাম হ’ব তেওঁ বিবেচনা কৰি এটা বছৰ বিভিন্ন ঠাইত ছাগলী ফাৰ্মসমূহ ছাগলী কেনেকৈ পুহিব লাগে ,তাৰ বিষয়ে খৰচি মাৰি জনাৰ চেষ্টা কৰিলে ৷ অৱশেষত ২০১৮ চনত পৰীমিতাই নিজা ছাগলী ফাৰ্ম আৰম্ভ কৰিলে। নাম ৰাখিলো “আস্হা ছাগলী ফাৰ্ম’’। মাত্ৰ দুজনী থলুৱা ছাগলীৰে ফাৰ্মখন আৰম্ভ কৰে৷ প্ৰায় তিনিমাহধৰি ছাগলী দুজনী পোহাৰ পাছতে বৰ্ণিহাতৰ পৰা আৰু দুটামান উন্নত জাতৰ ছাগলী আনি থলুৱা ছাগলীৰ সৈতে ক্ৰচ কৰায় ৷ ইয়াৰ পাছতে আত্মীয়ৰ সহায়ত ৰাজস্থানৰ পৰা চিৰহি প্ৰজাতিৰ তিন্জনী ছাগলী আনে। ছাগলীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে তেওঁ ছাগলী পালন সন্দৰ্ভত অধিক জানিবৰ বাবে প্ৰশিক্ষণ লোৱা ইউ কো আৰচিটীত প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ পৰৱৰ্তী সময়ত আৰু উভটি চাব লগা হোৱা নাই পৰিমীতাই। এই সন্দৰ্ভত তেওঁ কয় -  “২০২০ চনৰ পৰা মই ছাগলী পোৱালি বিক্ৰী কৰা আৰম্ভ কৰিলো ৷ মই থলুৱাতকৈ উন্নত জাতৰ ছাগলী উৎপাদনৰ ওপৰত অধিক গুৰুত্ব দিব লগীয়া হ’ল ৷ কাৰণ থলুৱা ছাগলীবোৰৰ আকাৰ সৰু হয় ৷ বজাৰত ভবা মতে বা খৰচ অনুসৰি দাম পোৱা নাযায় ৷ সেয়ে মই উন্নত জাতৰ চিৰহি ছাগলী পোৱালী বিক্ৰীবলৈ আৰম্ভ কৰিলো ৷ গাখীৰ এৰা এটি পোৱালী প্ৰায় ১২০০০ টকাত বিক্ৰী হয় ৷ গতিকে কষ্ট কৰাৰ বিনিময়ত লাভ অৰ্জন কৰিব পাৰি ৷ চিয়হিৰ উপৰি মই আগতীয়া অৰ্ডাৰ পালে গুজৰি , বাৰবাৰী বা কোটা আদি প্ৰজাতিৰ ছাগলী গ্ৰাহকক যোগান ধৰোঁ ৷ আমাৰ ফাৰ্মৰ পৰা অসমৰ লগতে বহি: ৰাজ্য যেনে পশ্চিমবংগ , ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশলৈ ছাগলী বিক্ৰী কৰিছো ৷”

পৰীমিতা শৰ্মা
পৰীমিতা শৰ্মা

নতুন ছাগলী ফাৰ্ম খোলাসকলক পৰিমীতাই কয়- “আপুনি যদি ছাগলী ফাৰ্ম খুলিব বিচাৰে তেন্তে আৰম্ভ কৰাৰ আগতে ছাগলীৰ প্ৰতিপালনৰ বিষয়ে কিছু পৰিমানে জানি লোৱা উচিত ৷ মনত ৰাখিব ঘৰত পৰম্পৰাগতভাৱে পোহা আৰু ফাৰ্ম কৰাৰ মাজত বহু পাৰ্থক্য আছে ৷ যদি ফাৰ্ম খুলিব বিছাৰিছে তেন্তে দুই তিনিজনী ছাগলীৰে আৰম্ভ কৰক ৷ তেতিয়া লোকচানৰ সম্মুখীন নহয় ৷ লাহে লাহে ছাগলী প্ৰতিপালনৰ বিষয়ে জনাৰ পাছত ছাগলীৰ সংখ্যা বঢ়াই যাওক ৷” 

ছাগলী পালকসকলে মন কৰিবলগীয়া কেইটামান কথাঃ

১। চাফচিকুণতা ৷

২।ছাগলী ৰাখিবলৈ চাঙৰ ব্যৱস্থা কৰা ৷ তেতিয়া মোটবোৰ তলত পৰিব ৷ নহ’লে মোটৰ পৰা ছাগলীৰ নিমুনিয়া বেমাৰ হয় ৷

৩। সময় মতে ভেকচিন দিয়া ৷

৪। একোজন পশু চিকিৎসৰ লগত ভাল সম্পৰ্ক ৰখা ৷

৫।কৰ্মচাৰী থাকিলেও ৰাতিপুৱা গধুলী নিজেই তদাৰক কৰা ৷

লগতে পঢ়ক- Black Pepper Farming: জালুকৰ খেতি সম্বন্ধে জানো আহক!

পৰীমিতা শৰ্মা নিজেই যিহেতু এগৰাকী নাৰী গতিকে তেওঁ কয়-  মই ভাবো বিবাহিত বা অবিবাহিত প্ৰত্যেক গৰাকী মহিলাই স্বাৱলম্বী হোৱাৰ প্ৰয়োজন৷ প্ৰতিগৰাকী মহিলাই নিজৰ উপাৰ্জনৰ এটি পথ তৈয়াৰ কৰি লোৱা প্ৰয়োজন৷ এনে কৰিলে আত্মসন্মান আৰু আত্মসন্তুষ্টি দুয়োটাই বৃদ্ধি পায় ৷ চাকৰি বিচাৰি ফুৰি লটিঘটি হোৱাতকৈ নিজৰ চৌপাশে থকা সুবিধাবোৰ গ্ৰহণ কৰিলেই হ’ল ৷ মই কোৱা নাই যে সকলোৱে ছাগলী পোহক ৷ যাৰ যি সুবিধা হয় ,সেইমতেই আগবাঢ়ক ৷ কোনোৱে যদি হাঁহ কুকুৰা পুহিছে , কোনৱে তাঁতশালত লাগিছে ,কোনোৱে কাপোৰ তৈয়াৰ কৰিছে ,মুঠতে যি কামৰ বাবে নিজকে যোগ্য বুলি ভাবে তাকে কৰি উপাৰ্জনৰ পথ মোকোলাব লাগে ৷ কিন্তু বহুক্ষেত্ৰত গ্ৰামাঞ্চল বা চহৰাঞ্চলত মহিলাসকলে কিবা এটা কৰাৰ সিদ্ধান্ত ললে। ঘৰখনৰ পৰা, মানুহজনৰ পৰা সমৰ্থন পোৱা নাযায়। কিন্তু এইক্ষেত্ৰত পৰীমিতাৰ স্বামী আৰু স্বামীৰ ঘৰখন ব্যতিক্ৰম এই সন্দৰ্ভত তেওঁ কয়- মোৰ সৌভাগ্য যে স্বামী, শহুৰ দেউতাৰ পৰা আৰম্ভ কৰি ঘৰৰ সকলোৰে সহযোগ লাভ কৰি আহিছো ৷

লগতে পঢ়ক- ঘৰতে ১০ জনী উন্নত প্ৰজাতিৰ ছাগলী পোহক

English Summary: goat farming success story

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.