1. সফল কাহিনী

কলাধানৰ খেতিৰে কৰ্মমুখী যাত্ৰা প্ৰণিতা উজীৰৰ

KJ Staff
KJ Staff
কলাধানৰ খেতিৰে কৰ্মমুখী যাত্ৰা প্ৰণিতা উজীৰৰ
কলাধানৰ খেতিৰে কৰ্মমুখী যাত্ৰা প্ৰণিতা উজীৰৰ

কলাধানৰ খেতিৰে কৰ্মমুখী যাত্ৰা প্ৰণিতা উজীৰ নামৰ এগৰাকী বোৱাৰী৷ কুমাৰীকাটাৰ এখন ভিতৰুৱা গাঁৱৰ জীয়ৰী প্ৰণিতা নিকটবৰ্ত্তী ভেৰাখাটৰ বোৱাৰী হৈ স্বামীক সাৰথি কৰি ভৱিষ্যতৰ সপোন ৰচি নিজ কৰ্মৰে মহিয়ান হবলৈকে পোণতে আৰম্ভ কৰিছিল কাঠফুলাৰ দৰে খেতি৷ সমান্তৰালভাৱে আৰম্ভ কৰে গাহৰি পালন, গাইগৰু পালনৰ দৰে উৎপাদনমুখী কৰ্ম৷ তেওঁ কৃষিবিভাগৰ পৰা পাঁচ কিলগ্ৰাম কলাধান ৰ বীজ সংগ্ৰহ কৰিছিল৷

পাঁচ কিলো  কলাধানৰ বীজেৰে নিজৰ মাটিত খেতি আৰম্ভ কৰি প্ৰথমৱাস্থতাত সফল নহলেও পৰবৰ্তী সময়ত সেই পাঁচকিলো বীজেৰে আৰম্ভ কৰা কলাধানৰ খেতি এতিয়া সাত বিঘা মাটিত কৰি আহিছে৷ বিঘাই প্ৰতি ১০/১২ মোনকৈ ধান উৎপাদন কৰিবলৈ সক্ষম হোৱা প্ৰণিতাই ব্যৱসায়ৰ প্ৰতি চকু ৰাখি এতিয়া তামুলপুৰ কুমাৰীকাটা অঞ্চলৰ কলাধানৰ খেতিয়ক সকলৰ উৎপাদিত কলাধান সংগ্ৰহ কৰি বছৰি প্ৰায় সাতশমোন ধান বিক্ৰী কৰিবলৈ সক্ষম হৈছে মহিলা কৃষক গৰাকী৷ ধান বিক্ৰী কৰে দুধনৈৰ কলাধানৰ খেতিয়ক উপেন্দ্ৰ ৰাভাৰ ওচৰত৷ আৰম্ভণিতে কলাধানৰ ঔষধি গুনাগুন ৰ বিষয়ে জানি বৰ হেপাহ জন্মাত কলাধানৰ খেতিডৰা আৰম্ভ কৰে৷

ইপিনে দুধনৈৰ কৃষক কলাধানখ্যাত উপেন্দ্ৰ ৰাভাৰ কথা শুনি মোহিত হৈ পৰে প্ৰণিতা। পৰবৰ্তী সময়ত প্ৰণিতাই দুধনৈৰ কলাধান খ্যাত কৃষক জনৰ সৈতে চিনাকি হৈ এই দিশত বহু দিহা পৰামৰ্শ গ্ৰহন কৰিছিল৷ মহিলা কৃষক প্ৰণিতাই জনোৱা মতে আজিৰ দৰত কলাধান প্ৰতিমোনত ১৪০০/ টকা দৰত বিক্ৰী কৰি আহিছে৷ ঘৰতে কলাধানৰ চাউল উলিয়াই গ্ৰহকৰ ওচৰত বিক্ৰী কৰি আহিছে প্ৰায় ৭০/৮০ টকা দৰত৷ ইতিমধ্যেই প্ৰণিতাৰ কলাধানৰ খেতিয়ে প্ৰচাৰ লাভ কৰাত দূৰদূৰনিৰ পৰা ঘৰলৈকে আহে চাউল বিচাৰি৷ অৰ্ডাৰ অনুযায়ী তামুলপুৰ, কুমাৰীকাটাৰ লগতে গুৱাহাটীলৈও পঠাই দিয়ে৷

দুধনৈৰ কলাধানখ্যাত কৃষক উপেন্দ্ৰ ৰাভাৰ পৰা কলাধৰনৰ চাউলৰ পৰা কি কি উৎপাদন কৰিব পাৰি কেনেকৈ কি কি পদ্ধতিৰে খাদ্য সামগ্ৰী তৈয়াৰ কৰা হয় তাৰো বিশদ আভাস লৈ হাতেকামে লাগি যায়। কিয়নো কলাধান আৰু  ধানৰ পৰা উৎপাদিত চাউল বিক্ৰী কৰিয়েই প্ৰণিতা ক্ষান্ত হোৱা নাছিল৷ কৰ্মোদ্যমী মহিলা গৰাকীৰ মনত নিত্য নতুন চিন্তাৰে কিবা এটা কৰাৰ মানসিকতাই মনত খেদি ফুৰিছিল মনে বিচৰা কাম কৰিবলৈ প্ৰথমে মেচিনত কলাধানৰ চাউল গুৰি কৰি তাৰ পৰা থলুৱা পিঠা-পনা ,লাড়ু,  কেক ভুজীয়া, জিলাপী আদি তৈয়াৰ কৰিবলৈ ধৰিলে৷ তামুলপুৰ-ওডালগুৰিৰ কৃষিবিভাগৰ দ্বাৰা পৰিচালিত পদৰ্শনী তামুলপুৰত অনুষ্ঠিত গনতন্ত্ৰৰ দিৱস, গনৰাজ্য দিৱসত সমূহত নিজৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰি বেচ আশাবাদী হোৱাত প্ৰণিতাই অকল কলাধান উৎপাদনতে ক্ষান্ত নাথাকি তাৰ পৰা চাউল উৎপাদন কৰি বজাৰত বিক্ৰী কৰাৰ লগতে চাউলৰ পৰা উৎপাদিত থলুৱা খাদ্য সামগ্ৰী তৈয়াৰ কৰি বিভিন্ন সভা- সমিতি, প্ৰদৰ্শনীৰ থলীত প্ৰদৰ্শন কৰিবলৈ ধৰিলে৷

আনকি প্ৰণিতাৰ হাতৰ পৰশত কলা চাউলৰ পৰা তৈয়াৰ কৰা কলাচাউলৰ গুৰী,  পিঠা-পনাই এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হ’ল৷ যাৰ ফলত প্ৰণিতাই নিজৰ উৎপাদিত সামগ্ৰীকলৈ এখন বজাৰ পাবলৈও সক্ষম হৈছে৷ ফলস্বৰূপে তামুলপুৰ জিলাৰ বাহিৰৰ পৰাও বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠানৰ পৰা খাদ্য সামগ্ৰী বিচাৰি অৰ্ডাৰ অহা হ’ল৷ প্ৰণিতা উজীৰে শেহতীয়া ভাৱে নিজৰ উৎপাদিত পিঠা-পণা,  কেক্,  ভুজীয়া, জিলাপী আদি খাদ্যৰ পেকেটিং কৰি “উজীৰ ফুড প্ৰডাক্টছ” নামেৰে এক বজাৰ মুখী যাত্ৰা আৰম্ভ কৰিছে৷

প্ৰণিতাই আন দহজনে কৰিব নোৱাৰা এটা ভাল কাম কৰি গাঁৱৰ মহিলাক সংস্থাপনৰ দিহা কৰি নিজেও  আত্মসংস্থাপিত হৈছে৷ আনকি থলুৱা খাদ্যৰ উৎপাদনেৰে গাৱঁৰ কৃষিঅৰ্থনীতি জীপাল কৰি গ্ৰামাঞ্চলৰ পৰাই  কৃষিউদ্যোগৰ যাত্ৰা আৰম্ভ কৰি এক বজাৰমুখী যাত্ৰাৰ শুভাৰম্ভ কৰিছে সেয়াই প্ৰণিতাক নতুনত্বৰ সোৱাদ দিয়ক৷ প্ৰণিতাৰ এই যাত্ৰা একক আৰু অভিন্ন ৰূপত আগবাঢ়ক-এই আশাৰে বাট চালো৷

লগতে পঢ়ক-দুটা ছাগলীৰে আৰম্ভ কৰা ফাৰ্মখনৰ পৰা এতিয়া বছৰি উপাৰ্জন হয় ৩ লাখ টকা

উৎপল ডেকা

ফোনঃ ৯৯৫৪৬৪০৯৯৫

English Summary: Black Rice Cultivation by Pranita Ujir

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.