1. অন্যান্য

ভাৰত হ'ব আমেৰিকাৰ বৃহৎ প্রতিৰক্ষা অংশীদাৰ

KJ Staff
KJ Staff

   আমেৰিকাৰ জ’ বাইডেন প্রশাসনে ভাৰতৰ সৈতে সামৰিক আৰু প্ৰযুক্তিক সহযােগিতা অধিক বৃদ্ধি কৰাৰ চিন্তা-চৰ্চা চলাইছে। অকল অস্ত্র বা সামৰিক যন্ত্রপাতি ভাৰতক প্রদান কৰিয়েই নহয়, নতুন দিল্লী প্রশাসনে যাতে নিজাববীয়াকৈ প্ৰতিৰক্ষা উদ্যোগক অধিক শক্তিশালী কৰি তুলিব পাৰে, সেই ক্ষেত্ৰত আমেৰিকাই সহায় তথা সহযােগিতা আগবঢ়াব বিচাৰিছে।

   দেশখনৰ প্ৰতিৰক্ষা দপ্তৰ পেন্টাগনৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়াই ছিনেটৰ তথা কংগ্ৰেছ প্রতিনিধিসকলক মুকলিকৈ জনাইছে এই কথা। ইন্দো-পেছিফিক ছিকিউৰিটী এফেয়াৰছৰ ভাৰপ্ৰাপ্ত সহকাৰী প্ৰতিৰক্ষা সচিবৰ দায়িত্বত থকা ডেভিদ হেলভিয়ে উল্লেখ কৰিছে যে আগন্তুক দিনত আশা কৰা ধৰণে ভাৰতৰ সৈতে সামৰিক আৰু প্ৰযুক্তিক সহযােগিতা বৃদ্ধি পালে ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগসমূহ হৈ পৰিব অধিক কার্যক্ষম তথা শক্তিশালী। মার্কিন কংগ্ৰেছৰ প্রতিনিধি ডুগ লেম্বনৰ এক প্ৰশ্নৰ উত্তৰত ডেভিদ হেলভিয়ে উল্লেখ কৰিছে যে ভাৰত হৈছে। আমেৰিকাৰ প্রকৃত বন্ধু। এই বন্ধুত্ব অধিক ঘনিষ্ঠ হৈ আহিছে।

   ভৱিষ্যৎ দিনত এছিয়াত ভাৰতেই আমেৰিকাৰ গুৰুত্বপূর্ণ। প্ৰতিৰক্ষা সহযােগী তথা অংশীদাৰ হােৱাৰ সম্ভাৱনা আছে বুলিও হেলভিয়ে মার্কিন কংগ্ৰেছত ঘােষণা কৰিছে। পেন্টাগনৰ এই জ্যেষ্ঠ বিষয়ববীয়াগৰাকীৰ মন্তব্যৰ পাছতে আমেৰিকাৰ সংবাদ মাধ্যমে ইয়াক গুৰুত্বসহকাৰে লৈছে যদিও তাৎক্ষণিকভাৱে নতুন দিল্লী প্রশাসনে কোনােধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই। স্মর্তব্য যে জ’ বাইডেনে হােৱাইট হাউছৰ শীর্ষ পদবীত আৰােহণ কৰাৰ পাছতেই ভাৰতৰ সৈতে মৈত্রী সুদৃঢ় কৰিব বুলি ঘােষণা কৰিছিল।

English Summary: India usa relationship on defence

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.