1. অন্যান্য

Time8 ৰ সাংবাদিকক ক্ষমা খোজাৰ দাবী আলফা স্বাধীনৰ! কুইপৰ অপহৃত বিষয়াৰ মুক্তি পুনৰ অনিশ্চয়তাত

KJ Staff
KJ Staff

     আলফা স্বাধীনে পুনৰ আন এখন প্ৰেছ বিজ্ঞপ্তি ৰাজহুৱা কৰিছে। ব্যক্তিগত নিউজ পৰ্টেলটোৰ Time8 ৰ সাংবাদিকদ্বয়ে ক্ষমা বিচৰাৰ পাছত এই বিজ্ঞপ্তি প্ৰেৰণ কৰিছে সশস্র সংগঠনটোয়ে। এই বিবৃতিত উল্লেখ কৰা হৈছে যে- Time8 সংবাদ প্রতিষ্ঠানৰ সাংবাদিক দিক্ষীত শৰ্মা আৰু প্ৰণৱ গগৈৰ প্ৰতিক্ৰিয়া আমাৰ দৃষ্টিগোচৰ হৈছে।

   লগতে আলফা স্বাধীনে এই বিবৃতিত লিখিছে- ‘ কিন্তু উক্ত বাতৰিটো সম্প্ৰচাৰ কৰোতে দিক্ষীত শৰ্মাই যি ধৃষ্টালি মনোভাৱ প্ৰকাশ কৰিছিল তাৰ কোনো উল্লেখনীয় শুধৰণি আমি প্ৰত্যেক্ষ নকৰিলো। সাংবাদিকৰ কাম সংবাদ পৰিৱেশন কৰা, ন্যায়াধীশৰ দৰে ন্যায়-অন্যায় বিচৰা কৰা নহয়। এই কথা তেখেতে জনাৰ প্ৰয়োজন আছে।’

আৰু পঢ়ক- Big Breaking: নৱ-নিযুক্ত এছ.আইলৈ ডি. জি.পিৰ সতৰ্কবাণী : প্ৰশিক্ষণকালত হেৰুৱাব পাৰে চাকৰি!

    সাংবাদিকতাৰ সংজ্ঞা সলনি কৰি আমাক নীতিশিক্ষা দিয়াৰ কাৰ্যক আমি সহজভাৱে ল’ব নোৱাৰো। আনফালে, তেখেতে নিজৰ ভুল স্বীকাৰ নকৰি ন্যায়াধীশৰ দৰে ভাও দিয়া কাৰ্যক আমি কোনো কাৰণতেই মানি ল’ব নোৱাৰো। গতিকে আমি স্পষ্ট কৰিব বিচাৰো যে দিক্ষীত শৰ্মাই নিজৰ ভুল স্বীকাৰ কৰি ব্যক্তিগতভাৱে ৰাজহুৱাকৈ তেখেতৰ সংবাদ মাধ্যমৰ যোগেদি ক্ষমা নিবিচৰা পৰ্যন্ত আমি আমাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব নোৱাৰিম।’- বুলি বিবৃতিত স্পষ্টভাৱে উল্লেখ কৰিছে আলফা স্বাধীনে।

ভাঙৰ খবৰ! ৰাজ্যৰ বিধানসভা নির্বাচনত ঘৰত বহিয়েই ভোটদান কৰিব পাৰিব! সংবাদমেল যোগে ঘোষনা কৰিলে নির্বাচন আযোগে -

উৎস - অসমীয়া প্রতিদিন

 

English Summary: ulfa i new press released news on time8 reporters

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.