1. News

ঝাঞ্চিত MFOI আৰু VVIF কিষাণ ভাৰত যাত্ৰাত কৃষকৰ মাজত অত্যাধুনিক কৃষি সঁজুলি প্ৰদৰ্শন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
‘MFOI, VVIF Kisan Bharat Yatra’ Joins Forces with STIHL for West and Central Regions
‘MFOI, VVIF Kisan Bharat Yatra’ Joins Forces with STIHL for West and Central Regions

এম এফ অ’ আই, ভি ভি আই এফ কিষাণ ভাৰত যাত্ৰা : বৃহস্পতিবাৰে (৭ মাৰ্চ, ২০২৪) এম এফ অ’ আই, ভি ভি আই এফ কিষাণ ভাৰত যাত্ৰাৰ বিষয়ববীয়াসকল ঝান্সী আৰু বৰোদাত উপস্থিত হয়। আৰু এম এফ অ’ আই সন্দৰ্ভত সজাগতা সৃষ্টিৰ সমান্তৰালকৈ কৃষকসকলক খেতি আৰু কৃষি সঁজুলিৰ সৈতে জড়িত তথ্যও প্ৰদান কৰা হয়।

এম এফ অআই, ভি ভি আই এফ কিষাণ ভাৰত যাত্ৰাঃ  ঝান্সী (উত্তৰ প্ৰদেশ)ৰ ৰাণী লক্ষ্মী বাই কৃষি বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হোৱা কৃষি জাগৰণৰ ‘এম এফ অ’ আই, ভি ভি আই এফ কিষাণ ভাৰত যাত্ৰা’ অব্যাহত আছে। এই যাত্ৰাই মধ্য ভাৰতৰ অঞ্চলসমূহৰ কৃষকসকলৰ পৰা ভাল সঁহাৰি লাভ কৰিছে। এই যাত্ৰাৰ সময়ত কৃষকসকলক কৃষি জাগৰণ আৰু মহিন্দ্ৰা টেক্টৰছে আয়োজন কৰা এম এফ অ’ আই বঁটাৰ বিষয়ে কৃষকসকলৰ মাজত সজাগতা কৰা হৈছে। বৰ্তমান এই যাত্ৰা উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ মাজেৰে পাৰ হৈ আছে। 

ঝাঁঞ্চীত যাত্ৰাৰ কালত প্ৰথমে পৃথ্বীপুৰ নয়া খেডাত উপস্থিত হয় ভাৰত কিষাণ যাত্ৰাৰ দলটো। য’ত কৃষি জাগৰণৰ দলে মহিন্দ্ৰা ট্ৰেক্টৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত ‘ মিলিযনাৰ ফাৰ্মাৰ অৱ ইণ্ডিয়া কৃষক বঁটাৰ বিষয়ে প্ৰগতিশীল কৃষকসকলক সজাগ কৰে। কৃষি জাগৰণৰ দলটোৱে কৃষকসকলক জনায় যে এয়া এই ধৰণৰ এক অনন্য পদক্ষেপ। এনে পৰিস্থিতিত কৃষকে উৎসাহেৰে ইয়াত অংশগ্ৰহণ কৰিব লাগিব। ইয়াৰ পিছত যাত্ৰা চলি থাকিল আৰু পৰৱৰ্তী ষ্টপেজত ঝান্সীৰ চিৰগাঁও পায়গৈ। য'ত কৃষি জাগৰণৰ দলটোৱে কৃষক উৎপাদন সংস্থা, চিৰগাঁও আৰু অঞ্চলটোৰ অন্যান্য কৃষকসকলক এম এফ অ' আইৰ বিষয়ে সজাগ কৰি তোলে কৃষকসকলক।

লগতে পঢ়ক- 

কৃষিখণ্ডৰ বাবে সুখবৰ, ন’ৰৱে দূতাবাসৰ অংশীদাৰিত্বৰে কৃষি বিভাগৰ প্ৰকল্প মুকলি

একেদৰে বৃহস্পতিবাৰে (৭ মাৰ্চ, ২০২৪) যাত্ৰা ঝান্সীৰ লাহৰ্গীৰ্ড আৰু বৰোদাত উপস্থিত হয়। তাত কৃষকসকলে খেতিৰ লগত জড়িত বিভিন্ন বিষয়ত নিজৰ মতামত প্ৰকাশ কৰাৰ লগতে এম এফ অ’ আইৰ এই পদক্ষেপক সমৰ্থন কৰে। এই সময়ত বৰোদাৰ কৃষক উৎপাদক সংস্থাৰ সদস্য আত্মৰাম ৰাজপুতে কয় যে বুণ্ডেলখণ্ড উত্তৰ প্ৰদেশৰ এক বৃহৎ অঞ্চল। ইয়াত শস্যকে ধৰি বহু প্ৰকাৰৰ ফলমূল আৰু শাক-পাচলিও উৎপাদন কৰা হয়। তেওঁ কয় যে এফ পি অ’ৰ জৰিয়তে আমি কৃষকসকলক সংযোগ কৰি ন্যায্য লাভ আৰু সুবিধা প্ৰদানৰ দিশত কাম কৰি আছো। ইয়াৰ সমান্তৰালকৈ তেওঁ কৃষি জাগৰণৰ পদক্ষেপ এম এফ অ’ আইক প্ৰশংসা কৰি কয় যে কাৰোবাক সন্মান জনোৱাৰ দিশত এয়া এক উৎকৃষ্ট প্ৰচেষ্টা। তেওঁ কয় যে আমাৰ এফ পি অ’ৰ লক্ষ্যও কৃষকৰ আয় বৃদ্ধি কৰি তেওঁলোকক কোটিপতি কৃষক কৰি তোলা।

ইয়াৰ মাজতে ‘এম এফ অ’ আই, ভি ভি আই এফ কিষাণ ভাৰত যাত্ৰা’ত পশ্চিম আৰু মধ্য ভাৰত মণ্ডলৰ অংশীদাৰ হিচাপে কৃষি জাগৰণৰ সৈতে জড়িত কৃষি সঁজুলি নিৰ্মাণ কোম্পানী ষ্টিলে (এছ টি আই এইচ এল) নিজৰ কৃষি সঁজুলি প্ৰদৰ্শন কৰি কৃষকসকলক ইয়াৰ বিষয়ে তথ্য প্ৰদান কৰে। আপোনালোকক কওঁ যে মহিন্দ্ৰা ট্ৰেক্টৰছৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা ‘এম এফ অ’ আই, ভি ভি আই এফ কিষাণ ভাৰত যাত্ৰা’ত আগশাৰীৰ কৃষি সঁজুলি নিৰ্মাতা প্ৰতিষ্ঠান ষ্টিলে পশ্চিম আৰু মধ্য অঞ্চলৰ বাবে কৃষি জাগৰণৰ সৈতে অংশীদাৰিত্ব কৰিছে। পশ্চিম আৰু মধ্য অঞ্চলৰ ‘এম এফ অ’ আই, ভি ভি আই এফ কিষাণ ভাৰত যাত্ৰা’ৰ সময়ত এছ টি আই এইচ এল ইণ্ডিয়া কোম্পানীয়ে কৃষকসকলক খেতি আৰু কৃষি সঁজুলিৰ সৈতে জড়িত তথ্য প্ৰদান কৰাৰ লগতে তেওঁলোকক সজাগ কৰি তোলে।

লগতে পঢ়ক- 

MFOI BHARAT KISHAN YATRA : মধ্য আৰু পশ্চিম ভাৰতত MFOI কিষাণ ভাৰত যাত্ৰাৰ শুভাৰম্ভ

English Summary: ‘MFOI, VVIF Kisan Bharat Yatra’ Joins Forces with STIHL for West and Central Regions

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.