1. উদ্য়ানশস্য়

ৰামায়ণত লক্ষ্মণক বচাবলৈ হনুমানে আনিছিল এই বিশল্যকৰণীৰ পাত

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Deadly night shade
Deadly night shade

বিশল্যকৰণী বুলি ক'লে সাধাৰণতে ৰামায়ণৰ যুদ্ধত ৰাৱণে যেতিয়া লক্ষ্মণক আঘাত কৰি মৃত্যু শয্যালৈ ঠেলি দিছিল, তেতিয়া ৰাৱণৰ ৰাজবৈদ্য সুসেনে লক্ষ্মণক বচাবলৈ দ্ৰোণগিৰি পৰ্বতৰ পৰা হনুমানক আনিবলৈ দিয়া বনৌষধী বিধৰ কথাই মনলৈ আহে। কিন্তু বহু গৱেষণাৰ পাছতো বিশল্যকৰণী নামৰ সেই বনৌষধী বিধ আজিলৈকে সঠিককৈ চিনাক্ত কৰিব পৰা নাই । ভাৰতবৰ্ষত তেনেধৰণৰ ঔষধী গুণ থকা তিনিজুপি শাক বন জাতীয় উদ্ভিদ আৰু এটা অৰ্কিডৰ প্ৰজাতিক ঠাই ভেদে বিশল্যকৰণী বুলি কোৱা দেখা যায়।

সেই আটাইকেইবিধ বিশল্যকৰণী আমাৰ কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্ৰ উদ্যানত সংৰক্ষিত হৈ আছে। সেই কেইবিধ হৈছে ক্ৰমে-

১)বিশল্যকৰণী (ক):

বৈজ্ঞানিক নাম= Ayapana triplinervis.

ঔষধী গুণ=পাত আৰু কাণ্ডৰ লেপ মুকলি ঘাঁৰ পৰা ৰক্তক্ষৰণ আৰু তেজ জমা হোৱা নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।। তেজ ওলোৱা, ডায়েৰিয়া, পেটৰ আলচাৰৰ পৰা তেজ ওলোৱা বা শৰীৰৰ আন যিকোনো অংশত তেজ ওলোৱা বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয়।।

২)কন্টক বিশল্যকৰণী:

বৈজ্ঞানিক নাম= Barleria lupulina.

ঔষধী গুণ= ইয়াৰ পাত ভাৰতবৰ্ষৰ লোক-চিকিৎসাত পোক-পৰুৱাৰ কামোৰ, সাপৰ কামোৰ, ফোঁহা, বাতবিষ, শৰীৰত হোৱা প্ৰদাহ কমোৱাৰ বাবে ব্যৱহাৰ কৰাৰ লগতে যিকোনো ৰক্তক্ষৰণ বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

লগতে পঢ়ক- 

Vetiver farming : লক্ষ্ণৌৰ কাৰিকৰি দল আহিল কৃষকসকলে কৰি থকা খেতি চাবলৈ

৩)বিশল্যকৰণী(খ), বিষহৰি:

বৈজ্ঞানিক নাম= Alternanthera bettzickiana.

ঔষধী গুণ=ইয়াৰ পাত শিশুৰ ৰক্তহীনতাৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়, ইয়াৰ উপৰিও বাতবিষ, গেষ্ট্ৰাইটিছ, মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ, মাতৃ দুগ্ধ বৃদ্ধি কৰা, তেজৰ সঞ্চালন উন্নত কৰা, সাপে কামোৰা বিষ, শৰীৰত হোৱা যিকোনো ৰক্তক্ষৰণ বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয়।।

৪)বিশল্যকৰণী(অৰ্কিড), সঞ্জীৱনী:

বৈজ্ঞানিক নাম= Dendrobium plicatile.

ঔষধী গুণ=ইয়াৰ ফুল আৰু কাণ্ডৰ ৰস চীনত পৰম্পৰাগতভাৱে মানৱ শৰীৰৰ যিকোনো বিকাৰৰ চিকিৎসাত টনিক হিচাপে ব্যৱহাৰ কৰে, অৰ্থাৎ ই মানৱ শৰীৰৰ যিকোনো ৰোগত সঞ্জীৱনী হিচাপে কাম কৰে।

আপুনি প্ৰখ্যাত বিশল্যকৰণীৰ আটাই কেইবিধ যদি চাবলৈ ইচ্ছা কৰে তেনে কাজিৰঙা অৰ্কিড পাৰ্কলৈ আহিব পাৰে।

কাজিৰঙা অৰ্কিড পাৰ্ক বিৰল অৰ্কিড, গছ-গছনি, ফুল-ফল, লতা-লতিকাৰ সংৰক্ষণ ভূমি।।

কৃতজ্ঞতা: ত্ৰিদিপ গগৈ

সঞ্চালক, প্লাণ্ট বিভাগ

কাজিৰঙা অৰ্কিড পাৰ্ক।

লেখক- অখিল গগৈ

উৎস- অখিল গগৈৰ ফেচবুক পেজ

লগতে পঢ়ক- 

নীলা হালধিৰ খেতি কৰকঃ এক কিলোৰ দাম ৩ হাজাৰ টকা পৰ্যন্ত

English Summary: Deadly night shade Medicinal plants & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.