1. উদ্য়ানশস্য়

Horticulture : এবিঘা মাটিত মাত্ৰ এবাৰ আৰম্ভ কৰি গোটেই জীৱন পাওঁক ফল

PANKAJ KHANIKAR
PANKAJ KHANIKAR
উদ্যান শস্যৰ খেতি
উদ্যান শস্যৰ খেতি

পাঠকসকল, আজি এই লেখাত কৃষকসকলে এবাৰ আৰম্ভ কৰি ২০ পৰা ৩০ বছৰলৈ ফল পাই থাকিব পৰা কেইবিধমান ৰবিশস্যৰ খেতিৰ বিষয়ে আলোচনা কৰিম। আৰম্ভণিতে এটা কথা কৈ লও কৃষকসকলে তলত উল্লেখিত যিকোনো এবিধ উদ্যান শস্যৰ খেতি মাত্ৰ এবাৰ। পুনৰ কৈছো মাত্ৰ এবাৰ। তাকো বেছি মাটিত নহয়। মাত্ৰ এবিঘা মাটিত এই খেতি কৰি কৃষকসকলে বৃদ্ধ বয়সতো স্বাধীন মনে জীৱনটো পাৰ কৰিব পাৰিব।

ড্ৰেগন ফল (Dragon fruit)

সম্প্ৰতি অসমত জনপ্ৰিয় হৈ উঠা এবিধ নতুন আৰু লাভদায়ক উদ্যান শস্যৰ খেতি হ’ল ড্ৰেগন ফলৰ খেতি। ড্ৰেগন হৈছে এবিধ ফল। ই মূলতঃ আমেৰিকান ফল যদিও ভাৰতত ইয়াৰ জনপ্ৰিয়তা কম নহয়। অসমৰো বিভিন্নপ্ৰান্তত এই খেতি কৰিবলৈ আৰম্ভ কৰিছে আমাৰ কৃষকসকলে। জানিব পৰা মতে, অসমৰ মাটিত হোৱা ড্ৰেগন ফল বেচ সুস্বাদু । বৰ্তমান এক কেজি ড্ৰেগন ফলৰ দাম ৩০০ পৰা ৪০০ টকাৰ ভিতৰত। ড্ৰেগন ফল ৰোপন কৰা ১১-মাহৰ ১২ মাহৰ ভিতৰত ফল লাগিবলৈ ধৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এবাৰ ৰোৱাৰ পাছত ৪০ বছৰলৈকে এজোপা ড্ৰেগনে ফল দি থাকে। অৱশ্যে মাজে মাজে কৃষকজনে সাৰ-পানী যোগাই আহিবই লাগিব। এই খেতি কৰি অসমৰ বহুকেইজন কৃষকে ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ গাঁৱে-ভূঞে বহু মাটি খালি হৈ পৰি থাকে। লগতে ধান ভাল নহ’লেও ধান খেতি কৰি থাকে কৃষকসকলে। ধান ভাল নোহোৱা আৰু ছন পৰি থকা মাটিসমূহত এই খেতি কৰি ধান খেতিতকৈ অধিক উপাৰ্জন কৰিব পাৰিব কৃষকসকলে। কিন্তু এই খেতি আৰম্ভ কৰোঁতে খৰচ অলপ বেছি হয় কিন্তু ৪০ বছৰৰ লৈকে ইয়াৰ ফল লাভ কৰিব কৃষকসকলে।

লিচু (Litchu)

আম ফলৰ ৰজা আৰু লিচু হৈছে ফলৰ ৰাণী। আমৰ দৰেই ভাৰতৰ চুকে-কোনে লিচু চিনি পায়, লিচুক খায়। ভাৰতবৰ্ষৰ বিহাৰত লিচুৰ উৎপাদন আটাইতকৈ বেছি হয়। অসমৰ তেজপুৰৰ লিচুৰ নাম ভাৰতৰ লগতে ভাৰতৰ বাহিৰতো বিখ্যাত। এতিয়া লিচু বতৰ সমান্তৰালভাৱে লিচুৰ ৰোৱাৰ বতৰ। গতিকে অসমৰ কৃষকসকললৈ লিচু খেতিৰ বিষয়ে অলপ কথা লৈ আহিছো। লিচুৰ চাহিদা বহুত, দাম আছে ততস্বত্তেও কিন্তু অসমৰ কৃষকসকলে লিচু খেতি ব্যৱসায়িকভাৱে কৰা দেখা নাযায়। দুই এজনে কৃষকে অৱশ্যে কৰে। সেয়া পৰ্যাপ্ত নহয়। লিচু খেতিৰ বাবে পানী জমা নোহোৱা, বালিচহীয়া মাটি উপযোগী। অসমৰ মাটি আৰু জলবায়ু লিচুৰ বাবে বেছ উপকাৰী। কাৰণ অসমত শীতকালত অতিপাত ঠাণ্ড আৰু গৰমত অতিপাত গৰম নহয়। অসমত লিচু পুলি ৰোপনৰ উপযুক্ত সময় আগষ্ট মাহৰপৰা ছেপ্টেম্বৰ মাহলৈ। গতিকে আমাৰ যিসকল কৃষকে লিচুৰ খেতি কৰিম ভাবি আছে তেওঁলোকে এতিয়াৰ পৰাই সাজু হওঁক। আৰু যিসকল কৃষকে লিচু খেতি কৰিম বুলি ভাবিছে তেওঁলোকে কৃষি বিষয়াৰ লগত প্ৰথমে কথা পাতি লওঁক। তেওঁলোকৰ পৰামৰ্শ মতে আগবাঢ়ক, সাৰ-পানী যোগান ধৰক। দেখিব আপুনি ভবাতকৈ ভালধৰণে উপাৰ্জন কৰিব।

সুমংগলা New variety betel nut-3

অসমৰ গ্ৰামাঞ্চলত তামোল সকলোৰে ঘৰতে প্ৰায় থাকেই। কাৰণ তামুল অসমীয়া সংস্কৃতিৰ এটা এৰাব নোৱৰা সম্পদ। আলহী আহিলেই বা সন্মানীয়জনক শ্ৰদ্ধা জনাবলৈ তামুল-পাণ আগবঢ়াই দিয়াতো অসমীয়া মানুহৰ নীতিৰ কথা। গতিকে প্ৰত্যেক অসমীয়া মানুহৰ বাৰীত তামোলৰ গছ এজোপা ৰোপণ কৰে অসমীয়া মানুহে। অৱশ্যে আজি আমি ব্যৱসায়িকভাৱে তামোলৰ খেতি কৰিব বিচৰা কৃষকসকলৰ বাবে এটা উন্নত অৰ্থাত হাইব্ৰীড জাতৰ তামোলৰ বিষয়ে কম। এই তামো লবিধৰ নাম সুমংগলা। খুব চাপৰতে লাগে। আৰু কম দিনতে লাগে। আন তামোলতকৈ অধিক পৰিমাণে লাগে এই জাতটোত। কেৰ্কেটুৱা থকা অঞ্চলতো এই তামোলবিধৰ খেতি কৰিব পাৰে কাৰণ কেৰ্কেটুৱাৰ পৰা সুৰক্ষা দিবলৈ সহজে সুবিধা হয় কৃষকজনৰ। সুমংগলা নামৰ তামোলৰ হাইব্ৰীড জাতটোৰ পুলি পাবলৈ এই 70998-23585 নাম্বাৰত যোগাযোগ কৰক। বহু সময়তে এনে অভিযোগ শুনা যায়- হাইব্ৰীড বুলি লোকেল তামোলৰ পুলিকে কিছুমান ধৃত ব্যৱসায়ীয়ে যোগান ধৰে। গতিকে তেওঁলোকৰ পৰা সাৱধান।

লগতে পঢ়ক- 

Stevia : বহি:ৰাজ্যই দখল কৰাৰ পূৰ্বে অসমীয়া কৃষকে ষ্টেভিয়াৰ খেতি কৰক

ছজিনা (Drumstick )

বৰ্তমান সময়ৰ লাভজনক খেতিসমূহৰ অন্যতম এবিধ খেতি হল চজিনা খেতি। চজিনা আজিকালি বজাৰত চুপাৰ ফুড হিচাবে বিখ্যাত। এই খেতি কৰি কৃষকসকলে সহজতে অধিক লাভৱান হোৱাৰ স্থল আছে। বৰ্তমান সময়ত ৫ পৰা ৬ ডাল চজিনাতে ২০ ৰপৰা ২৫ টকা। গতিকে এজনে কৃষকে যদি বাৰীতে কেইজোপামান ছজিনা ৰুই লয় ঘৰতে খোৱাৰ লগতে বিক্ৰিও কৰিব পাৰিব। চজিনাৰ খেতি কেৱল ভাৰততে নহয়, বিশ্বৰ বহু দেশতো চজিনাৰ খেতি কৰা হয়। আপোনালোকে হয়তো জানে- চজিনা কেৱল পাচলি হিচাপেই নহয় ইয়াৰ পৰা বহু বেমাৰৰ ঔষধো প্ৰস্তুত কৰা হয়। যোৱা কেইবছৰমানৰ পৰা অসমৰো দুই এজন কৃষকে চজিনাৰ খেতি কৰিবলৈ লৈছে। শেহতীয়াকৈ বাক্সাৰ এজন যুৱ কৃষকে এবিঘা মাটিত চজিনাৰ খেতি আৰম্ভ কৰিছে। চজিনা বহুবৰ্ষজীৱী শাক-পাচলিৰ উদ্ভিদ । কোনো বিশেষ যত্ন নোলোৱাকৈ ঘৰতে গছ ৰোপণ কৰিব পাৰে। বাৰীৰ ঢাপতো কৃষকসকলে ছজিনাৰ খেতি কৰিব পাৰে। স্কীনত দেখি থকাৰ ৰুৱাৰ দৰেই ছজিনাবোৰ ৰুৱ পাৰে কৃষকসকলে।

অম্ৰপালি আম (Amrapali Mango)

সম্প্ৰতি বিহাৰ, উত্তৰ প্ৰদেশৰ দৰে আমৰ খেতিও আমাৰ কৃষকসকলে কৰিবলৈ লৈছে। অৱশ্যে এই আমৰ খেতিটো এতিয়াও কেইজন মুষ্টিমেয় কৃষকৰ মাজতে আবদ্ধ হৈ আছে। কিন্তু সকলোৱে কৰিব পাৰে। আমাৰ খেতিৰে ভাল উপাৰ্জন কৰা কৃষকসকলৰ এজন তিনিচুকীয়াৰ পেঙেৰীৰ প্ৰগতিশীল কৃষক ধনীৰাম চেতিয়া। তেওঁৰ বাৰীত চাপৰতে লমালমে লগা অম্ৰপালি আমবোৰে আপোনাক মন্ত্ৰমুগ্ধ কৰিব। ফটোত দেখি থকা এই অম্ৰপালি আমবোৰ তেওঁৰ বাৰীৰে। তেওঁৰ এই আমৰ পুলিবোৰ ক্ৰয় কৰিছে মৰাণস্থিত চানফ্লাৱাৰ নাৰ্মাচীৰ পৰা। এই চানফ্লাৱাৰ নাৰ্চাৰীত কেৱল আমেই নহয় উন্নত প্ৰজাতিৰ কল, মধুৰীৰ লগতে বহু উদ্যান শস্যৰ পুলি উপলব্ধ। স্কীনত দেখি থকা এই অম্ৰপালি আমৰ খেতি কৰি আমাৰ কৃষকসকল লাভান্বিত হোৱাৰ স্থল আছে। গতিকে কৃষকসকল যদি আমৰ খেতিৰ বাবে আগ্ৰহী তেতিয়া তেওঁলোকে মৰাণস্থিত চানফ্লাৱাৰ নাৰ্চাৰীৰ স্বত্বাধিকাৰী বিজু গগৈৰ লগতে যোগাযোগ কৰিব পাৰে। তেওঁৰ ফোন নাম্বাৰ 98646-99691।

মধুৰি  (New variety Mango)

বৰ্তমান সময়ত মধুৰীয়ো এক লাভজনক খেতিলৈ ৰূপান্তৰ হৈছে। মধুৰীয়ো এবিধ বহবৰ্ষজীৱি উদ্ভিদ। এবাৰ ৰুলে ১০-১৫ বছৰলৈ ফল দি থাকে। ছবিত দেখা এই জাতৰ মধুৰীবোৰ একেবাৰে কম দিনত আৰু চাপৰতে লাগে। আমাৰ থলুৱা মধুৰীতকৈ এই জাতৰ মধুৰীসমূহ কম দিনত লাগে আৰু ব্যৱসায়িকভাৱে লাভান্বিত হোৱাৰ স্থল থাকে। এই জাতসমূহৰ মধুৰী খেতি যদি কোনো কৃষকে কৰিব বিচাৰে তেতিয়া সঞ্জয় চাংকাকতিৰ লগত 7896035212 নম্বৰত ফোন কৰি যোগাযোগ কৰিব পাৰে। তেওঁৰ পৰা এনেধৰণৰ মধুৰী খেতি কেনেদৰে কৰিব লাগে আৰু পুলি ক’ত পাব- এই বিষয়ে জানিব পাৰিব।

শেষত মই আকৌ আকৌ কৈছো- আকৌ কৈছো উপৰত উল্লেখিত যিকোনো এবিধ উদ্যান শস্যৰ খেতি কৰক। বেছি মাটিত নহয়। মাত্ৰ এবিঘা মাটিত। এবিঘা মাটিত এই খেতি কৰাৰ পাছত আৰু আপুনি বৃদ্ধ পেঞ্চনৰ বাবে বেংকৰ দীঘল লানিত থিয় হ’ব নালাগে, বৃদ্ধ বয়সতো আপুনি পুত্ৰ-বোৱাৰী-জীৰ ওচৰত হাত নপতাকৈ স্বাধীনমনে জীয়াই থাকিব পাৰিব।

লগতে পঢ়ক- 

মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই

English Summary: Horticulture Farming time & its Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.