1. এগ্ৰিপেডিয়া

Vetiver farming : লক্ষ্ণৌৰ কাৰিকৰি দল আহিল কৃষকসকলে কৰি থকা খেতি চাবলৈ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Vetiver farming Methods & its benefit
Vetiver farming Methods & its benefit

ধেমাজিৰ বৰদলনীত বিৰিণা খেতি। শেহতীয়াকৈ কেন্দ্ৰীয় ঔষধি আৰু সুগন্ধিযুক্ত উদ্ভিদ প্ৰতিষ্ঠান, লক্ষ্ণৌ (CIMAP-Lucknow)ৰ এটা কাৰিকৰী দলে ধেমাজিৰ কৃষকসকলে কৰি থকা বিৰিণা (Vetiver) শস্যৰ খেতি পৰিদৰ্শন কৰে। আমাৰ বহু কৃষকে হয়তো নাজানে এই বিৰিণা খেতিৰ কথা। কিন্তু এই খেতিৰ পৰা যথেষ্ট উপাৰ্জন কৰিব পাৰে কৃষকসকলে। বিৰিণাক ইংৰাজীত ভেটিভাৰ বুলি জনা যায়।

লগতে পঢ়ক- 

Plum farming : বগৰী খেতিৰ বিষয়ে সবিশেষ জানিবলৈ এই প্ৰবন্ধ পঢ়ক !

বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে, বিৰিণা খেতিৰ পৰা কেতিয়াও লোকচানৰ সন্মুখীন নহয় কৃষকগৰাকী। বিৰিণা খেতি তেলৰ বাবে কৰা হয়। এক লিটাৰ বিৰিণা তেলৰ দাম ৩০ হাজাৰ পৰা ৬০ হাজাৰ। বৰ্তমান পৃথিবীত যিমান পৰিমাণৰ বিৰিণা তেলৰ প্ৰয়োজন হয় তাৰ অধিকাংশহে উতপাদন হয়। গতিকে এই খেতি বিজ্ঞানসন্মতভাৱে কৰিলে অসমৰ কৃষকসকলো লাভান্বিত হ’ব। কিয়নো অসমৰ জলবায়ু বিৰিণা খেতিৰ বাবে অতি উপযোগী।

কেন্দ্ৰীয় ঔষধি আৰু সুগন্ধিযুক্ত উদ্ভিদ প্ৰতিষ্ঠান, লক্ষ্ণৌ ৰ বিশেষজ্ঞ
কেন্দ্ৰীয় ঔষধি আৰু সুগন্ধিযুক্ত উদ্ভিদ প্ৰতিষ্ঠান, লক্ষ্ণৌ ৰ বিশেষজ্ঞ

নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে সকলো ধৰণৰ মাটিত এই বিৰিণা খেতি কৰিব পাৰিব কৃষকসকলে। বিৰিণা গছবোৰ প্ৰায় ২ মিটাৰ ওখ হয়। ইয়াৰ পাত ১-২ ফুট দীঘল, ৩ ইঞ্চি পৰ্যন্ত বহল। আৰু বিৰিণা শিপাবোৰ হালধীয়া-বাদামী ৰঙৰ। এইবোৰ ২ ফুট গভীৰলৈকে শিপায়। বিৰিণা বীজ হিচাপে গা-গছ উভালি পেলোৱা শিপা, আৰু গা গছ কলম কাটি ৰোপন কৰা হয়। বিৰিণা পাতবোৰ ঘাঁহ আৰু শিপাৰ পৰা তেল প্ৰস্তুত কৰা হয। বিৰিণা ৰোপন কৰাৰ এটা বছৰৰ ভিতৰতে ইয়াক ঘাঁহ হিচাপে কাটি পাতবোৰ বিক্ৰি কৰিব পাৰি। কিন্তু তেলৰ বাবে শিপা খান্দিবলৈ ১৫ ৰ পৰা ১৮ মাহৰ প্ৰয়োজন হয়। বিৰিণা খেতিৰ এটা লাভজনক দিশ হ’ল-  বিৰিণা এবাৰ ৰোপণ কৰিলে ৫ বছৰলৈ পুনৰ সিঁচিব নালাগে।

বিৰিণা খেতি
বিৰিণা খেতি

এক হেক্টৰ বিৰিণা খেতিৰ পৰা ৪ৰ পৰা ৬ কুইণ্টল শিপা পোৱা যায়। আপোনালোকে জানি আচৰিত হ’ব যে এক লিটাৰ বিৰিণা শিপাৰ পৰা প্ৰস্তুত কৰা তেলৰ দাম ৩০ হাজাৰ পৰা ৬০ হাজাৰ ভিতৰত। গতিকে অসমৰ কৃষকসকলে বিজ্ঞানভিত্তিত এই খেতি কৰিলে লাভান্বিত হ’ব।

লগতে পঢ়ক- 

Bhushan-f1 : এবাৰ ৰুলে এবছৰলৈ ঘনাই ঘনাই লাগি থাকিব জাতিলাও

English Summary: Vetiver farming Methods & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.