1. উদ্য়ানশস্য়

ধনিয়া খেতিৰ উন্নত কৃষি পদ্ধতিৰ বিষয়ে জানো আহক ( dhania ferming in assam)

KJ Staff
KJ Staff
Dhania
Dhania

 

জাত:

গুটিৰ আকাৰ ডাঙৰ : ইউ ডি ২১, জি এন ইউ আই, চি এচ আই, চি আই এম পি অ’ ৩৩ (সাধাৰণতে জলসিঞ্চনৰ ব্যৱস্হা থকা ঠাইতহে খেতি কৰে)

গুটিৰ আকাৰ সৰু : ইউ পি ৪১, পুৰা ৩৬০ আৰু স্হানীয় জাত (সাধাৰণতে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কৰা জাত)

মাটি নিৰ্বাচন

পানী নোৰোৱা পাতল বা গধুৰ, যথেষ্ট জৈৱিক পদাৰ্থ থকা আৰু অম্লতা ৬.০ ৰ পৰা ৭.০ৰ ভিতৰত থকা মাটিহে ধনীয়া খেতিৰ বাবে উপযুক্ত ।

 

মাটি প্ৰস্তুতি

মাটি ডৰা ভালদৰে চহাই ধূলিময় কৰি তাত পচন সাৰ প্ৰয়োগ কৰিব লাগে আৰু মৈয়াই সমান কৰি লব লাগে৷

বীজৰ পৰিমান

৮ ৰ পৰা ১০ কি: গ্ৰাম প্ৰতি হেক্টৰত ৷

বীজ সিচাঁৰ সময়

অক্টোবৰৰ মাজভাগৰ পৰা নবেম্বৰ মাহৰ শেষলৈকে ৷

বীজ শোধন

বীজবোৰ সম্পূৰ্ণ অঙ্কুৰিত হবৰ বাবে সিচাঁৰ আগতে ১২-২৪ ঘন্টামান পানীত তিয়াই থব লাগে৷ পানীৰ ওপৰ ভাগত ওপঙি অহা বীজবোৰ আঁতৰাই পেলাব লাগে৷ বীজ সিচাঁৰ আগেয়ে বীজবোৰ কেপ্টান ৫০ ডব্লিও পি ২ গ্ৰাম প্ৰতি কি:গ্ৰাম বীজত শোধন কৰি লব লাগে আৰু বীজবোৰ চতিওৱাৰ আগে আগে দুফাল কৰি লব লাগে৷ দুফাল কৰোঁতে চাব লাগে যাতে বীজবোৰে কষ্ট নাপায়৷

বীজৰ ব্যৱধান

৩০ চে:মিটাৰ ব্যৱধানৰ শাৰীত বীজবোৰ চতিয়াব লাগে আৰু পিছত গছৰ পৰা গছলৈ ২০ চে:মিটাৰ ব্যৱধান ৰাখি বীজ সিঁচাৰ ৩০-৪০ দিনৰ পিছত পাতল কৰি দিব লাগে ৷

সাৰ প্ৰয়োগ : পচন সাৰ ১০-১৫ টন, নাইট্ৰোজেন ৫০ কি:গ্ৰাম, ফছফৰাছ ৫০ কি:গ্ৰাম আৰু পটাছ ৫০ কি:গ্ৰাম প্ৰতি হেক্টৰত মাটি প্ৰস্তুত কৰোতেই প্ৰয়োগ কৰিব লাগে৷

পৰিচর্য্যা

জলসিঞ্চণ: বীজ সিঁচাৰ ৩০ দিনৰ পিছত প্ৰথমবাৰ জলসিঞ্চণ কৰিব লাগে আৰু তাৰ পিছত সম্পূৰ্ণ ফুল ফুলাৰ সময়ত ৷

যিমান পাৰে সিমান বাৰেই বনবাতবোৰ নিৰাময় কৰি ৰাখিব লাগে ৷

শস্য ৰক্ষা

গছ লেৰেলি যোৱা বেমাৰৰ বাবে বীজ সিঁচাৰ আগেয়েই ব্যৱস্হা গ্ৰহণ কৰিব লাগে ৷

পাতত বগা চামনি পৰা ৰোগ নিৰাময়ৰ বাবে ৱেটেবল ছালফাৰ প্ৰতি হেক্টৰত ২ কি: গ্ৰাম প্ৰয়োগ কৰিব লাগে ৷

গা গছত টেমুনা হোৱা বেমাৰৰ প্ৰতিষেধক হিচাবে বীজবোৰ ভালদৰে ৰ’দত দি শুকুৱাব লাগে৷

শস্য চপোৱা

৪ মাহতে ধনীয়াৰ কৃষিকাল সম্পূৰ্ণ হয় ৷ বীজৰ উত্পাদন আৰু বীজত থকা তেলৰ পৰিমান নিৰ্ভৰ কৰে শস্য চপোৱাৰ সময়ৰ ওপৰত ৷ ধনীয়া গুটিবোৰ সম্পূৰ্ণ পূৰঠ হ’লেহে চপোৱাৰ ব্যৱস্হা কৰিব লাগে ৷ পূৰঠ নোহোৱা ধনীয়া গুটিয়ে ধনীয়াৰ সুন্দৰ গোন্ধটো হ্ৰাস কৰে ৷

উৎপাদন

প্ৰতি হেক্টৰত ৪৫ কুইন্টল বীজ৷

উৎস - বিকাশপেডিয়া

English Summary: Before starting corrinder cultivation you must know all about this dhania

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.