1. পশুপালন

Papaya and Banana Leaf: পশুধনৰ ছুপাৰ ফুড হিচাপে কলপাত আৰু অমিতাৰ পাত

KJ Staff
KJ Staff
Papaya and banana leaf as animal feed
Papaya and banana leaf as animal feed

পশুখাদ্য হিচাপে গছৰ সতেজ পাতৰ গুৰুত্ব সকলো পশুপালকে জানে। গছপাতবোৰ কম খৰচতে লাভ কৰা সুলভ পশু খাদ্য। আজি আমি এই লেখাত পশু খাদ্য হিচাপে কলপাত আৰু অমিতা পাতৰ গুৰুত্ব সম্পৰ্কে কিছু তথ্য প্ৰদান কৰিম। সহজতে পোৱা কলপাত আৰু অমিতা পাতে পশুক পুষ্টি প্ৰদান কৰাই নহয়, বিভিন্ন ৰোগ উপশম কৰাতো সহায় কৰে। কেৱল সেয়াই নহয় মানুহৰ বিভিন্ন স্বাস্থ্যজনিত ৰোগৰ ক্ষেত্ৰত কল আৰু অমিতাৰ পাতৰ ব্যৱহাৰে সুফল প্ৰদান কৰিব পাৰে। কোনবোৰ পশুধনক কল আৰু অমিতাৰ পাত খুৱাব পাৰি আৰু এই খাদ্যৰ পৰা পশুধনৰ স্বাস্থ্য আৰু উৎপাদন কিদৰে প্ৰভাৱিত হয় সেই বিষয়ে সবিশেষ জানো আহকঃ

ব্ৰইলাৰ, তাৰ্কী, মাছ, শহা পহু, কুকুৰা পালনত কলপাতৰ লাভালাভ:

-কলপাতত ৮৫% শক্তি আৰু ১১% প্ৰ'টিন থাকে।

-ব্ৰইলাৰ মুৰ্গী আৰু মাছৰ বাবে ই প্ৰাকৃতিক বুষ্টাৰ হিচাপে কাম কৰে।

-কলপাতে তাৰ্কী আৰু ব্ৰইলাৰ ডাঙৰ কৰে আৰু ওজন বৃদ্ধি কৰে।

_ কলপাতৰ দ্বাৰা লেয়াৰ মূৰ্গীৰ কণী উৎপাদন বৃদ্ধি হয়, ব্ৰইলাৰৰ ওজন বৃদ্ধি হয়।

-শামুক, গাহৰি আদিৰো উতপাদন কলপাত খুৱালে বৃদ্ধি হয়।

_কলপাতে উন্নত খাদ্য ৰূপান্তৰ অনুপাতত সহায় কৰে, ৰোগ প্ৰতিৰোধ কৰে, পশুধনৰ বিকাশ আৰু ওজন বৃদ্ধি কৰে।

-কলপাত মানুহৰ বিভিন্ন ৰোগ- যেনে উচ্চ ৰক্তচাপ নিৰাময়ৰ বাবেও ব্যৱহাৰ কৰা হয়। কলপাত হৈছে এক প্ৰাকৃতিক খাদ্য যি ব্ৰইলাৰ মূৰ্গী, মাছ, শামুক, শহাপহু আদিক ৮৫% শক্তি আৰু ১১% প্ৰ'টিন প্ৰদান কৰে।

চৰাই, টাৰ্কী, মাছ আদিৰ বাবে সতেজ অমিতা পাতৰ উপকাৰিতা:

-সতেজ অমিতাৰ পাত হৈছে কুকুৰা চৰাই, শামুক, টাৰ্কি, মাছ আদিৰ বাবে প্ৰাকৃতিক বিকাশ বৰ্ধক।

-সতেজ অমিতাৰ পাতত প্ৰায় ৭% পাচন অশোধিত প্ৰ'টিন থাকে যি পশুধনৰ বিকাশ বৃদ্ধি কৰাত সহায় কৰে।

-সতেজ অমিতাৰ পাতত চৰাই, পশু,  মাছ, ব্ৰইলাৰ, তাৰ্কী,  শামুক, আদিৰ ওজন বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থাকে।

-অমিতা পাত ব্যৱহাৰ কৰা কৃষকসকলৰ পশুধনৰ ওজন বৃদ্ধি হয় আৰু খাদ্য পচন ভাল হয়। -সতেজ অমিতা পাত মানুহৰ বাবেও উপকাৰী। মেলেৰিয়া জ্বৰ,  ঋতুস্ৰাৱৰ সমস্যা, উচ্চ ৰক্তচাপ আদিৰ দৰে বহুতো ৰোগৰ চিকিৎসাৰ বাবে অমিতাৰ পাত ব্যৱহাৰ কৰা হয়।

লগতে পঢ়কঃ মাছক Horlicks খুৱাই বছৰি ৫,০০০ কেজি মৎস্য উৎপাদন উত্তম মন্ডলৰ

English Summary: Papaya and bana leaf as animal feed

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.