Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 29 June, 2019 1:45 PM IST

         চাকৰিমুখী আজিৰ যুৱ প্ৰজন্মক কৰ্ম-সংস্কৃতিৰ পথ দেখুৱাই সাধাৰণ অৱস্থাৰ পৰা প্ৰতিষ্ঠিত এক ব্যৱসায়ৰ গৰাকী হোৱা এজন উদ্যমী যুৱক হৈছে কোকৰাঝাৰৰ মইনাগুৰি গাঁৱৰ উজ্জ্বল সূত্ৰধৰ। বিগত দহ বছৰ ধৰি তেওঁ নিৰৱচ্ছিন্ন কষ্ট, যত্ন তথা অধ্যৱসায়ৰ যোগেদি কাঠফুলা উৎপাদন তথা বিক্ৰীৰ সৈতে জড়িত হৈ আছে। ১৯৯৭ চনতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰিৰ বাবে আশা কৰি বহি নাথাকি পৈতৃক মাটিখিনিতে খেতিৰ লগতে কাঠফুলা উৎপাদনৰ কামো আৰম্ভ কৰে। মাত্ৰ ১৫০০ টকা মূলধন হিচাপে লৈ সৰুকৈ ঘৰতে আৰম্ভ কৰা এই খেতিয়ে কম দিনৰ ভিতৰতে ঠন ধৰি উঠাত লাহে লাহে ধানখেতিৰ লগে লগে বেছিকৈ কাঠফুলা উৎপাদনত মনোনিৱেশ কৰিলে। এইক্ষেত্ৰত তেওঁক কৃষি বিভাগ, কোকৰাঝাৰৰ তৰফৰ পৰা দিহা-পৰামৰ্শ দি উৎসাহিত কৰাৰ লগতে উত্তৰবংগ কৃষি বিশ্ববিদ্যালয়ত এমাহৰ কাঠফুলা উৎপাদনৰ প্ৰশিক্ষণৰ বাবেও পঠায়। বৰ্তমান তেওঁৰ নিজৰ চাৰিজনীয়া পৰিয়ালৰ লগতে গাঁওখনৰ আন ৮ জন লোকেও এই কাঠফুলা উৎপাদন প্ৰক্ৰিয়াত কাম কৰি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁ উৎপাদনৰ লগতে কাঠফুলাৰ বীজ প্ৰস্তুতকৰণ আৰু পেকেজিঙৰ কামো সমানে কৰে। দোতমা, ফকিৰাগ্ৰাম, কোকৰাঝাৰৰ লগতে তেওঁ কেঁচা আৰু শুকান দুয়োবিধ কাঠফুলা ভূটানতো বিক্ৰী কৰে।

        বছৰি কাঠফুলা খেতিৰ পৰাই ৭০-৮০ হেজাৰ টকা লাভ উপাৰ্জন কৰা উজ্জ্বলে কাঠফুলা ছিঙাৰ পাছত ৰৈ যোৱা পেকেটৰ খেৰখিনি প্লাষ্টিক আঁতৰাই নিজৰ খেতি পথাৰত হাল মাৰি মিহলাই দিয়ে, যাৰ বাবে কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈয়ে ভাল উৎপাদন লাভ কৰিবলৈ সক্ষম হৈছে। কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ চমুকৈ আত্মা (ATMA) দোতমা ব্লকৰ ফালৰ পৰা এই কাঠফুলা খেতিৰ অৱশিষ্টখিনি কেৱল মাটিত প্ৰয়োগ কৰি, অন্য একো ৰাসায়নিক সাৰ নিদিয়াকৈ জিকা খেতি প্ৰদৰ্শনীমূলকভাৱে কৰিবলৈ দিয়া হৈছিল, য’ত অতি সন্তোষজনক আৰু লাভজনক ফল পোৱা গৈছিল। অয়ষ্টাৰ কাঠফুলাৰ লগতে শেহতীয়াকৈ মিল্কী কাঠফুলাৰ খেতিও সফলভাৱে কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই উদ্যমিতা, কৰ্মৰ প্ৰতি উৎসৰ্গিত মন আৰু সফলতাই ওচৰৰ আন বহু শিক্ষিত নিবনুৱা যুৱকক এই খেতিৰ প্ৰতি আকৰ্ষিত কৰিছে আৰু বহুজনে ইয়াক আৰম্ভ কৰিছে। আনক প্ৰতি ক্ষেত্ৰতে সহায় কৰি স্বাৱলম্বী হোৱাত সহায়ৰ হাত আগবঢ়াবলৈ সদা প্ৰস্তুত সূত্ৰধৰৰ নিৰ্দেশনাত বহু আত্মসহায়ক গোটেও কাঠফুলা খেতিৰ প্ৰতি আগবাঢ়িছে যিটো এক শুভ লক্ষণ। তেওঁৰ উজ্জ্বলৰ পৰা উজ্জ্বলতৰ হওঁক তাৰ কামনা কৰিলো।

                                                                               (উৎসঃ অসমীয়া খবৰ, নিবেদিতা দত্ত)।

English Summary: Youth from Kokrajhar having self-independent through farming mushroom
Published on: 29 June 2019, 01:45 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now