Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 27 March, 2022 3:45 PM IST
Engineer Earned Rs.15 Lakh Per Year With Papaya farming

উত্তৰ প্ৰদেশৰ নয়ডাত অভিযন্তা হিচাপে কাম কৰি থকা আমেঠিৰ সোমেশ্বৰ সিঙে কোভিড-১৯ য়ে সৃষ্টি কৰা ল'ক ডাউনৰ সময়তে কৃষিৰ প্ৰতি অনুপ্ৰাণিত হৈছিল । এটা অভিযন্তা চাকৰি থকাৰ পাছতো সোমেশ্বৰ সিঙে বৰ্তমান চাৰি একক মাটিত কৰিছে অমিতাৰ খেতি । কথাতে কয় নহয়, ইচ্ছা আৰু ধৰ্য্য শক্তি থাকিলে সকলো কামেই কৰিব পাৰি ।

বৰ্তমান এই অমিতা ফাৰ্মখনৰ পৰা সোমেশ্বৰে উৎপাদন কৰে বছৰি 15 লাখ টকা অমিতা । আপোনাৰ এতিয়া জানিবলৈ মন গৈছে কেনেকৈ অমিতা ফাৰ্মখন গঢ়লৈ তুলিছিল সোমেশ্বৰে ? অমিতা ফাৰ্মখনৰ সৈতে কেনেকৈ  জড়িত হৈ পৰিছিল অভিযন্তা সোমেশ্বৰ ?

২০১৮ চনৰ পৰা নয়ডা শাখাত এটা আন্তৰ্জাতিক প্ৰযুক্তি ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাৰ্যবাহী অভিযন্তা হিচাপে কাম কৰি আহিছিল সোমেশ্বৰে । সোমেশ্বৰে সেই কৰ্পোৰেট চাকৰিৰ পৰা প্ৰতিমাহে পাৰিশ্ৰমিক লাভ কৰে 1 লাখ টকাতকৈ অধিক । এই সন্দৰ্ভত সোমেশ্বৰে কয়, "তাৰ আগতে, মই দুইৰ পৰা তিনিটা প্ৰযুক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে কাম কৰিছিলো, য'ত যথেষ্ট কামৰ চাপৰ সন্মুখীন হৈছিলো," ।

সোমেশ্বৰ প্ৰকৃত পৰিচয় হৈছে, তেওঁ উত্তৰ প্ৰদেশৰ আমেঠি জিলাৰ মধুপুৰ খাদৰী নামৰ এখন সৰু গাঁৱৰ বাসিন্দা । তেওঁ গাজীপুৰৰ Ideal Institute of Engineering ৰ পৰা  ইলেক্ট্ৰনিক অভিযান্ত্ৰিক ডিগ্ৰীৰ লাভ কৰে । তেওঁ ইয়াৰ পূৰ্বে  শ্ৰী শিৱ প্ৰতাপ ইণ্টাৰ কলেজৰ পৰা মহাবিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰে ।

"মই এটা কৃষক পৰিয়ালৰ ল'ৰা ।  দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা স্বত্বেও, মোৰ দেউতাই সৰুৰে পৰা খেতি কৰি আহিছে । সেয়েহে, ইমান কম উপাৰ্জনৰ পৰিয়ালৰ পৰা অহাৰ বাবে কেৱল এটা উচ্চাকাংক্ষা আছিল, কঠোৰ পৰিশ্ৰম কৰা আৰু উন্নত চাকৰি পোৱা । সৌভাগ্যক্ৰমে, মই এনে কৰিবলৈ সক্ষম হৈছিলো," তেওঁৰ বিষয়ে যেতিয়া জানিবলৈ চেষ্টা কৰা হৈছিল তেতিয়া এইদৰে মনৰ কথা প্ৰকাশ কৰিছিল সোমেশ্বৰে ।

আনহাতে, কৰ্মস্থানৰ পৰা লকডাউনে তেওঁক ঘৰলৈ ঘূৰি আহিবলৈ বাধ্য কৰিছিল। ২০২০ চনৰ ১৭ মাৰ্চ তাৰিখে তেওঁ নিজৰ গাঁৱলৈ উভতি আহে আৰু ঘৰৰ পৰা অফিচৰ কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ লগতে কয়, "শৈশৱকালতে মই মোৰ দেউতাৰ খেতিপথাৰত সময় অতিবাহিত কৰিছিলোঁ, সেয়েহে মই অলপ খেতিৰ বিষয়ে জানো ।" সেয়েহে, অফিচৰ কামৰ মাজতে আজৰি সময়ছোৱাত খেতি কৰা বাবে সিদ্ধান্ত লৈছিল সোমেশ্বৰে ।

একেধৰণে অমিতাৰ খেতি প্ৰতি অনুপ্ৰাণিত হোৱাৰ কাহিনীয় পৰ্যায় ক্ৰমে প্ৰকাশ কৰি গৈছিল সোমেশ্বৰে ।  কোনটো শস্য খেতি কৰা ভাল হ'ব তাৰ ওপৰত বিস্তৃত গৱেষণা কৰাৰ পিছত অমিতা খেতি লাভজনক হ'ব পাৰে তেওঁ উপলব্ধি কৰিছিল ।

"মোৰ অঞ্চলত কেৱল কেইজনমান মানুহে অমিতা খেতি কৰিছিল । ফলস্বৰূপে, বিক্ৰী বা উন্নত ব্যয়ৰ বাবে সামান্য প্ৰতিযোগিতা হৈছিল । মই ইউটিউবৰ ভিডিঅ' চাই আৰু অমিতা খেতিৰ উন্নত উপায় শিকিবলৈ অনলাইন জৰিয়তে যথেষ্ট গৱেষণা কৰিছিলো," সোমেশ্বৰে কয়।

মাৰ্চ ২০২১-ৰ ভিতৰত, তেওঁ প্ৰায় ৫০০০ 'ৰেড লেডী ৭৮৬ পেঁপা টাইৱান' পুলি ক্ৰয় কৰিছিলো আৰু সেইবোৰ চাৰি একৰ খেতিপথাৰত ৰোপণ কৰিছিলো । সোমেশ্বৰে তেওঁৰ এই  কৃষি কৌশলৰ বিষয়ে এনেদৰে বৰ্ণনা কৰে যে, "প্ৰথমতে, তেওঁ অধিক মাটিৰ উৰ্বৰতাৰ বাবে ৭৫ টন গৰুৰ গোবৰ ৰাখিছিল, আৰু তাৰ পিছত তেওঁ খেতিৰ পৃষ্ঠত বহুতো ফাৰ্মিং বিচনা নিৰ্মাণ কৰিছিল ।

তাৰ পিছত তেওঁ অমিতাৰ গছপুলি ৰোপণ কৰিছিলি । পুলি ৰোপন কৰা দুখন বিচনাৰ মাজৰ দূৰত্ব আছিল ৬ ফুট আৰু দুয়োটা উদ্ভিদৰ মাজৰ দূৰত্ব আছিল ৮ ফুট।

" পুলিবোৰত পানী দিওঁতে আমি নিশ্চিত কৰিব লাগে যে, বিচনাবোৰ যাতে তিতি যাবলৈ দিয়া নহয়, নহ'লে ই অমিতা গছজোপা বিকাশত ক্ষতি কৰিব পাৰে," তেওঁ এইদৰে ব্যাখ্যা কৰে । সেয়েহে, জিলা বিষয়াসকলৰ সহায়ত, মই 90% ৰেহাইত ফাৰ্মখনৰ বাবে  ড্ৰিপ জলসিঞ্চন ব্যৱস্থা  কৰিছিলো।"

"মই বিষাক্ত কীটনাশকৰ সলনি নিম তেল ব্যৱহাৰ কৰোঁ, কিন্তু মাজে মাজে মই শস্যক ভাইৰাছৰ পৰা সুৰক্ষিত কৰিবলৈ ইমিডাক্লপ্ৰিড নামৰ কম ক্ষতিকাৰক কীটনাশক ব্যৱহাৰ কৰিব লগা হয়," সোমেশ্বৰে লগতে কয় । এই ক্ষেত্ৰত মোৰ শস্য 70% জৈৱিক । মই ব্যৱহাৰ কৰা কীটনাশকৰ অৱশিষ্ট ম্যাদ প্ৰায় 15 দিন, সেয়েহে সেইবোৰ অন্তিম গ্ৰাহকৰ ওচৰলৈ যোৱালৈকে, সেইবোৰ আৰু বিষাক্ত নহয় ।

তেওঁৰ উদ্ভিদে ছয় মাহৰ পিছত অমিতা ফল উৎপাদন কৰিবলৈ আৰম্ভ কৰিছিল । "মই  এই ফাৰ্মখনৰ পৰা সপ্তাহত প্ৰায় ২০-২৫ কুইন্টল বিক্ৰী কৰিবলৈ সক্ষম হৈছিলোঁ ।  গড় হিচাপত, মই 1 কিলোগ্ৰাম ফলৰ বাবে 20 টকা উপাৰ্জন কৰোঁ ।"

তেওঁ লগতে কয়, "কেতিয়াবা মই মাহত পাঁচবাৰ অমিতা ফল বিক্ৰী কৰিছোঁ ।" সোমেশ্বৰৰ মাক দেউতাকে ভয় খাইছিল আৰু যাৰ বাবে তেওঁক খেতি কৰিবলৈ নিৰুৎসাহিত কৰিছিল । কাৰণ তেওঁ ইয়াত লাখ লাখ টকা বিনিয়োগ কৰিছিল ।

"তেওঁলোকৰ চিন্তা ভুল নাছিল। এজন কৃষক হিচাপে, তেওঁলোকে নিজৰ অভিজ্ঞতাৰ লগতে আন কৃষকসকলৰ অভিজ্ঞতাৰ জৰিয়তে খেতিৰ ক্ষেত্ৰত প্ৰতিকূলতাৰ সাক্ষী হৈছে । কিন্তু মই মোৰ অন্ত্ৰৰ অনুভৱৰ সৈতে কাম কৰিছিলোঁ আৰু এতিয়া মোৰ পৰিয়াল মোৰ সিদ্ধান্তত সুখী । এতিয়া, তেওঁলোকৰ কোনো সমস্যা নাই আৰু তেওঁলোকে অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত হৈছে ।"

কৰ্পোৰেট জীৱন আৰু কৃষিৰ মাজৰ পাৰ্থক্যৰ বিষয়ে আলোচনা কৰোঁতে, সোমেশ্বৰে কৈছিল যে, কাৰ্যালয়ত প্ৰায় 9 ঘণ্টাৰ কাম কৰিবলগীয়া হৈছিল ।  যেতিয়া আপুনি প্ৰতিদিনে 9 ঘণ্টা কাম কৰে তেতিয়া বহু হেঁচা থাকে ।  আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে কটোৱাৰ বাবে বেছি সময় লাভ নকৰে আপুনি ।

"কৃষ কাৰ্যই আপোনাক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰে। মই সাধাৰণতে পথাৰত দিনে 3-4 ঘণ্টা অতিবাহিত কৰোঁ । মোৰ 5-10 জন ঠিকা শ্ৰমিক আছে যিয়ে মাজে মাজে খেতিপথাৰত কিছু কাম কৰে । ই মোৰ বোজা আৰু হ্ৰাস কৰে," তেওঁ কয়।

তেওঁ আৰু কৈছিল যে পৰিয়ালৰ সৈতে বাস কৰা আৰু নিজৰ জন্মস্থানত থকাটোৱে তেওঁক মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিছিল । তেওঁ পৰামৰ্শ দিয়ে যে, "কৃষকসকলে যিমান সম্ভৱ জৈৱিক কৃষি গ্ৰহণ কৰা উচিত । কিয়নো আমি কৃষক হিচাপে মানুহক বিষাক্ত খাদ্য আগবঢ়াব নোৱাৰো ।

তদুপৰি  তেওঁ কয়, "কৃষকসকলে নিজকে শিক্ষিত কৰা উচিত । আপুনি যিমানে শিকিব, আপুনি খেতিৰ ক্ষেত্ৰত সিমানেই ভাল প্ৰগতি কৰিব পাৰে আৰু উপাৰ্জন কৰিব পাৰিব ।" বৰ্তমান লাখ টকীয়া অভিযন্তা চাকৰি এৰি  অমিতা ফাৰ্মখনতে নিজকে নিয়োজিত কৰি আহিছে সোমেশ্বৰে ।

লগতে পঢ়ক ঃ ভোট জলকীয়া খেতিৰে ১৮ লাখ টকা উপাৰ্জন ধেমাজিৰ ভৱেন শালৈৰ

English Summary: This Engineer Earned Rs.15 Lakh Per Year With Papaya farming
Published on: 27 March 2022, 03:24 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now