
নাম সুস্মিতা শৰ্মা, ঘৰ টীয়কৰ মেলেং বালিচাপৰি বহত গাৱঁত। বহু সৃষ্টিৰাজিৰ আঁৰৰ শিল্পীগৰাকীয়ে হৈছে সুস্মিতা শৰ্মা। সম্প্ৰতি সুস্মিতাই হাত দুখনৰ জৰিয়তেই গঢ়ি তুলিছে এখন বজাৰ। হেণ্ড কাৰ্ফ্টৰ কামৰ জৰিয়তে তাই আজি স্বাৱলম্বী হৈছে।
জন্মদিনৰ উপহাৰৰ পৰা আৰম্ভ কৰি, বিবাহ, যিকোনো অনুষ্ঠানত অতিথিৰ উপহাৰৰ সামগ্ৰী, মেখেলা চাদৰৰ ডিজাইন, ফেব্ৰিক তথা বিশেষকৈ অনুষ্ঠানতসমূহৰ ল'গ' প্ৰস্তুত কৰি বাৰুকৈ সমাদৰ লাভ কৰিছে এইগৰাকী আদৰ্শৱান যুৱতীয়ে। উল্লেখযোগ্য যে লক ডাউনৰ সময়চোৱাত সৰুকৈ কেৱল নিজৰ ব্যস্ততা পূৰাবলৈ আৰম্ভ কৰা এই কৰ্ম আজি নিচাৰ পৰা পেছালৈ ৰূপান্তৰ হৈছে আৰু স্বাৱলম্বীতাৰ পথ সুগম কৰিবলৈ সক্ষম হৈছে সুস্মিতা।

কাকজান মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি নিজ কৰ্মত ব্ৰতী হৈ সুস্মিতাই ঘৰৰ পৰাই এইদৰে কৰি গৈছে নিজে ভাল পোৱা কামবোৰ। প্ৰথমে ফেচবুক, ইনষ্ট্ৰাগ্ৰামৰ জৰিয়তে সৃষ্টিৰাজিক উপস্থাপন কৰি ৰাইজৰ মৰম লাভ কৰি আজি তেওঁ প্ৰস্তুত কৰা সামগ্ৰীৰ চাহিদা অধিক।আজি গ্ৰাহকে বিচৰা মতে তেওঁৰ দিবলৈহে সময়ৰ অভাৱত অসুবিধাত পৰিছে।
যিহেতু এনে হস্ত নিৰ্মিত সামগ্ৰীসমূহৰ বজাৰত যথেষ্ট চাহিদা আছে সেয়ে কেৱল চাকৰিৰ পাছত নদৌৰি সকলোকে নিজ নিজ কৰ্মৰাজিৰে আগুৱাই গৈ স্বাৱলম্বী হ’বলৈ আহ্বান জনাইছে সুস্মিতাই।
লগতে পঢ়ক-
উচ্চশিক্ষিত হৈয়ো বোকা-পানী গছকিবলৈ, শাৰিৰীক কষ্ট কৰিবলৈ ভয় নকৰে নন্দিতাই
Share your comments