Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 September, 2023 5:17 PM IST
Sumi Bora Shaikia

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ বিভিন্ন ধৰণৰ চাবোন বজাৰ ভৰি থকাৰ সময়ত অসমতে তৈয়াৰী জৈৱিক চাবোন গ্ৰাহকে আদৰি ল’ব জানো? তেনে প্ৰশ্ন মনলৈ এবাৰো ননাকৈ ঘৰতেই কেৱল জৈৱিক চাবোন তৈয়াৰ কৰা শিৱসাগৰৰ কালুগাঁৱৰ চুমী বৰা শইকীয়া চাবোনৰ ব্যৱসায়ৰে সফল হৈছে৷ সাধাৰণতে মানুহৰ মনত প্ৰশ্ন হয় নিজাকৈ কিবা ব্যৱসায় কৰিলে বা উৎপাদন কৰিলে বহুৰাষ্ট্ৰীয় কোম্পানীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিম জানো? কিন্তু চুমী বৰা শইকীয়াই আত্মবিশ্বাসেৰে বহুৰাষ্ট্ৰীয় কোম্পানীক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছিল৷ ইচ্ছাশক্তি আৰু অতি কৌশলৰে ব্যৱসায় আগবঢ়াই নিয়া চুমীয়ে এতিয়া মাহে ৩,০০০ জৈৱিক চাবোন বিক্ৰী কৰে৷

মাত্ৰ ৮০০ টকাৰে চাবোন বনোৱা আৰম্ভ কৰা উদ্যমী মহিলাগৰাকীয়ে মাহে গড়ে এক লাখ টকাৰ জৈৱিক চাবোন বিক্ৰী কৰে৷ আগন্তুক সময়ত মাহে গড়ে চাৰি-পাঁচ হাজাৰ চাবোন বিক্ৰী কৰাৰ লক্ষ্য ধাৰ্য কৰা চুমীয়ে ঘৰতেই বনোৱা নিমকী, চানাৰ খুৰ্মা, নাৰিকলৰ লাড়ু আদি বিক্ৰী কৰে৷ কম সময়ৰ ভিতৰতে এনেদৰে তেওঁ আগবঢ়াৰ দিশত স্বামী নৱজ্যোতি শইকীয়াৰ পৰিয়াল আৰু গাঁৱৰ সকলো ব্যক্তিয়ে প্ৰেৰণা দিয়া বুলি জানিবলৈ দিছে৷

উল্লেখ্য যে শিৱসাগৰৰ ছোৱালী মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা চুমী কৰা শইকীয়াই তেওঁৰ ঘৰতেই কেইবাবিধো জৈৱিক চাবোন তৈয়াৰ কৰে৷ ইয়াৰ ভিতৰত নিম পাতৰ চাবোন, কেঁচা হালধিৰ চাবোন, গাখীৰ আৰু পিঠাগুৰিৰ চাবোন, জবাব ফুল জেতুকা, নিমপাত, মণিচালৰ গুটি, আমলখি, নৰসিংহ, মিথি গুটি মিহলি চাবোন, তিয়ঁহৰ চাবোন, আলুৰ চাবোন, নেমুৰ চাবোন, বেচনৰ চাবোন, গাখীৰ আৰু গোলাপ ফুলৰ চাবোন, কফি আৰু গাখীৰৰ চাবোন, বেচন আৰু হালধীৰ চাবোন, বিলাহী আৰু চেনিৰ চাবোন, কমলাৰ চাবোন, পকা অমিতা আৰু গাখীৰৰ চাবোন, চাউল দাইলৰ চাবোন আদি প্ৰস্তুত কৰে৷ প্ৰতি টুকুৰা জৈৱিক চাবোনৰ দাম ৩৫ ৰপৰা ৩৯ টকা ধাৰ্য কৰা হৈছে৷

লগতে পঢ়ক- 

কাঠফুলা, কেঁচুসাৰৰ পৰা মৰুৱা, কণী ধানলৈ মুনমী শইকীয়া

চুমীয়ে কয় যে উজনি অসমৰ বিভিন্ন অঞ্চলৰ লগতে পঞ্জাব, ৰাজস্থান আৰু ত্ৰিপুৰাটো এই জৈৱিক চাবোন বিক্ৰী কৰা হয়৷ তেওঁ কয় যে মৰম নামৰ আমাৰ প্ৰতিষ্ঠানটোৰ লগত ১৫০ গৰাকী লোক জড়িত হৈ আছে৷ সেইসকলে চাবোন ক্ৰয় কৰি অনলাইন আৰু খুচুৰা বিক্ৰী কৰে৷ নিজেও অনলাইনত চাবোন বিক্ৰী কৰাত মাহে কিছু লাভ হয়৷ চুমীয়ে আৰু কয় যে তেওঁ প্ৰথমে ৮০০ টকাৰে প্ৰয়োজনীয় সামগ্ৰী কিনি গাখীৰ আৰু চাউলৰ গুড়িৰে চাবোন তৈয়াৰ কৰিছিলো৷ এনেদৰে চাবোন তৈয়াৰ কৰাত পৰিয়ালৰ এজনে অনলাইনত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিলে৷ সেয়া ২০২১ চনৰ শেষৰ কথা৷ ২০২২ চনৰ জানুৱাৰীত বিক্ৰী কৰিবলৈ ২০ টুকুৰা জৈৱিক চাবোন প্ৰস্তুত কৰা হৈছিল৷ লগে লগে সকলো চাবোন বিক্ৰী হোৱাত চাৰিগৰাকী কৰ্মচাৰীৰ সহায়ত অধিক চাবোন প্ৰস্তুত কৰা আৰম্ভ কৰিলোঁ৷ সাধাৰণ গ্ৰাহকে জৈৱিক চাবোনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাত ক্ৰমে বিক্ৰী বাঢ়িবলৈ লৈছে৷ তেওঁ কয় যে জৈৱিক চাবোনে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ দিয়াৰ লগতে ছাল সতেজ কৰে৷ এই কথা সকলোৱে উপলব্ধি কৰাত ব্যৱসায়ৰ পৰিসৰ বাঢ়িছে৷

তেওঁ আৰু কয় যে শিৱসাগৰ, ডিব্ৰুগড় আদি গাঁও, কলেজৰ ছাত্ৰীয়ে ‘মৰম’ প্ৰতিষ্ঠানৰ জৈৱিক চাবোন বিচাৰে৷ গ্ৰাহকৰ সুবিধা মতে, বিভিন্ন দোকানত চাবোন যোগান ধৰা হয়৷ লক্ষণীয় যে চুমী বৰা শইকীয়া পেছাত এগৰাকী শিক্ষয়িত্ৰী আৰু বিদ্যালয় প্ৰতিষ্ঠাপক আছিল৷ ২০১৬ চনৰপৰা ২০১৮ চনলৈ শিৱসাগৰৰ কালুগাঁৱৰ এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰিছিল৷ অঞ্চলটোত সফল শিক্ষক হিচাপে পৰিচিত হোৱাত ২০২০ চনত নিজেই এখন বিদ্যালয় স্থাপন কৰিছিল৷ কিন্তু লক্‌ডাউনৰ সময়ত মাহৰ পাছত মাহ বিদ্যালয় গৃহৰ ভাৰা দি চুমী আৰ্থিক সংকটত পৰিছিল৷ সেয়ে বিদ্যালয় বন্ধ কৰি দিছিল৷ শিক্ষকতা কৰি ব্যস্ত হৈ থকা চুমীয়ে অন্যধৰণে প্ৰতিষ্ঠিত হোৱাৰ সংকল্প গ্ৰহণ কৰি জৈৱিক চাবোন প্ৰস্তুত কৰা কাম আৰম্ভ কৰিলে৷

লেখক- জিতেন্দ্ৰ কুমাৰ চৌধুৰী

ফোন :  ৯৮৬৪০ ৩৭৪১৬

উৎস : জিতেন্দ্ৰ কুমাৰ চৌধুৰী ফেচবুক পোষ্ট

লগতে পঢ়ক- 

Inspiring Story: চোম গছত পলু লগাই সূতা উৎপাদন কৰি স্বাৱলম্বী টিকেন কাকতি

 

English Summary: Sumi Bora Shaikia's big challenge with organic soap
Published on: 21 September 2023, 05:14 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now