1. সফল কাহিনী

বাটন কাঠফুলাৰ খেতি কৰি স্বনির্ভৰশীলতাৰ সপোন দেখিছে ধুবুৰীৰ এইগৰাকী মহিলাই

KJ Staff
KJ Staff
Success Mushroom Farmer
Success Mushroom Farmer

ধুবুৰী জিলাৰ ৰূপচী উন্নয়ন খণ্ড তথা বালাজান কৃষি চক্ৰৰ সুখাতীখাতা গাঁওৰ এগৰাকী মহিলা কৃষক শ্ৰীমতি বাবলী শীলে সাফল্যতাৰ সৈতে বাটন কাঠফুলাৰ খেতি কৰি সুখ্যাতি অৰ্জন কৰাৰ উপৰিও নিজৰ পৰিয়ালৰ অৰ্থনৈতিক দিশ টনকিয়াল কৰিবলৈ সক্ষম হৈছে । 

মহিলা কৃষক গৰাকীৰ স্বামী শ্ৰী শচীন শীল বাটন কাঠফুলা ফাৰ্মত (ঝাৰখণ্ড, উত্তৰাখণ্ড আৰু অইন অইন ৰাজ্যত) ফাৰ্ম মেনেজাৰ হিচাবে কাৰ্য নিৰ্বাহ কৰি আছিল আৰু ২০১৮ চনত তেখেতৰ স্বামীয়ে কাৰ্য নিৰ্বাহ কৰি থকা ৰাচীৰ ফাৰ্মত ফুৰিবলৈ গৈছিল। সেই ফাৰ্মত কাঠফুলা উৎপাদন পদ্ধতিবোৰ দেখি উৎফুল্লিত হৈ অনুপ্রাণিত হৈছিল নিজে কাঠফুলা উৎপাদন কৰিবলৈ। তাত অতিবাহিত কৰা দিনবোৰত কাঠফুলা উৎপাদন পদ্ধতিবোৰ হাতে কামে চৰ্চা কৰি কাঠফুলাৰ বিষয় আৰু তাৰ উৎপাদন পদ্ধতি সম্পৰ্কে বহুত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

সেইমৰ্মে নিজে কাঠফুলা উৎপাদনৰ উদ্দেশ্য আগত ৰাখি, ঘৰলৈ উভতি অহাৰ সময়ত ৰাচীৰ বাটন কাঠফুলা ফাৰ্মৰ পৰা বীজ সংগ্ৰহ কৰি ঘৰলৈ লৈ আহিছিল আৰু প্ৰথমবাৰৰ বাবে ২০১৯ চনত নিজৰ ঘৰত তথা অসমত ৫০,০০০.০০ টকা ব্যয়েৰে সৰু জুপুৰী এটা বনাই বাটন কাঠফলাৰ খেতি কৰিবলৈ আৰম্ভ কৰে আৰু প্ৰথম বছৰতে উৎপাদিত কাঠফুলা বিক্ৰি কৰি ৭০,০০০.০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় । 

Mushroom
Mushroom

ঠিক তেনেকৈ দ্বিতীয়বাৰ ২০২০ চনত, ১ লাখ টকা ব্যায় কৰি কাঠফুলাৰ খেতি কৰি ১.৫ লাখ টকা উৎপাদিত মূল্য হিচাবে অৰ্জন কৰিবলৈ সক্ষম হয়।

এই সফলতাৰ মাজতে, বহল ভিত্তিত কাঠফুলা উৎপাদন কৰিবৰ মানসৰে, ধুবুৰী জিলা কৃষি বিৰ্ষয়াৰ কাৰ্যালয়ৰ জিলা কৃষি বিষয়া সমন্নিতে কৃষি উন্নয়ন বিষয়া তথা অন্যান্য কৃষি বিষয়া কৰ্মচাৰীৰ সৈতে যোগাযোগ স্থাপন কৰে। সেইমৰ্মে তেওঁলোক কাঠফুলাৰ কৃষি কাৰ্যত সফলতা অৰ্জন কৰা শ্ৰীমতি বাবলী শীলৰ ঘৰত উপস্থিত হয় আৰু কাঠফুলা খেতি পৰিদৰ্শণ কৰি তাৰ উপযুক্ততা তথা অৰ্থনৈতিক লাভালাভৰ পৰ্যালোচনা কৰি কৃষি বিভাগৰ এইছএমএনইএইছ(HMNEH) আঁচনিৰ অধীনত ২০২১ চনত ১,২৫,০০০.০০ টকাৰ ৰাজ সাহায্য প্ৰদান লাভ কৰে । উল্লেখনীয় যে ধুবুৰী জিলা কৃষি বিষয়াৰ দ্বাৰা মনোনীত হৈ গোলাঘাটত আয়োজিত কৃষি মেলাত অংশ গ্ৰহণ কৰে আৰু নিজৰ উৎপাদিত বাটন কাঠফুলা প্ৰদৰ্শণ কৰি যথেষ্ট সুনামো অৰ্জন কৰে ।

সেইদৰে উত্তৰাত্তৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি, ২০২১ চনত ১,২০,০০০.০০ টকাৰ ব্যয়েৰে ২,০০,০০০.০০ টকা বিক্ৰিমূল্যৰ কাঠফুলাৰ উৎপাদন কৰিবলৈ সক্ষম হয়।

 এইখিনিতে বাবলী শীলে কৃতজ্ঞতা স্বীকাৰ কৰি কয় যে ধুবুৰী জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী তথা আঞ্চলিক কৃষি গবেষণা কেন্দ্ৰৰ(গোসাইগাও) মূখ্য বিজ্ঞানীৰ দিহা পৰামৰ্শ অনুসৰণ কৰি উৎপাদন বৃদ্ধি কৰা কাৰ্যত অনুপ্ৰেৰণা লাভ কৰিছে ।

যিহেতু এই বাটন কাঠফুলাবিধ উত্তাপ সংবেদনশীল, ইয়াৰ উৎপাদন কৰিবলৈ যথেষ্ট কম তাপ মাত্ৰাৰ প্ৰয়োজন হয় (এপ্ৰিলৰ দ্বিতীয় সপ্তাহলৈকে কৰিব পাৰি), গতিকে গৰমৰ দিনত সাধাৰণ ঘৰৰ তাপ মাত্ৰাত ইয়াৰ উৎপাদন কৰাটো অসম্ভৱ হৈ পৰে । আৰু যিহেতু তাপ নিয়ন্ৰণ কাঠফুলা কক্ষৰ বাবে প্ৰয়োজন হোৱা ধন ৰাশি নিজে ব্যৱস্থা কৰিব নোৱাৰা বাবে ইয়াৰ প্ৰচাৰৰ মাধ্যমেৰে শ্ৰীমতি বাবলী শীল আৰু স্বামী শ্ৰী শচীন শীল দুয়ো গৰাকীয়ে আশা প্ৰদৰ্শণ কৰি চৰকাৰ তথা কৃষি বিভাগৰ প্ৰতি আন্তৰিকতাৰে চৰকাৰী আঁচনিৰ অধীনত ৰাজ সাহায্য প্ৰাপ্তিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি জনায় যে বাটন মাছৰুমেৰে উন্নতিৰ পথ সূচল কৰিব।

উদীয়মান বাটন কাঠফুলা উৎপাদনকাৰী মহিলা কৃষক শ্ৰীমতি বাবলী শীল আৰু তেখেতৰ স্বামী শ্ৰী শচীন শীলৰ উত্তৰাত্তৰ উন্নতি কামনা কৰিলো আৰু নিজৰ উপৰিও নিজৰ ঠাইখনৰ নাম উজলাবলৈ সক্ষম হওক।

লিখক-

শ্ৰী মৃগেন স্বৰ্গীয়াৰী, জিলা কৃষি বিষয়া, ধুবুৰী ।

শ্ৰী নিৰ্ম্মল চন্দ্ৰ ঘোষ, মহকুমা কৃষি বিষয়া, ধুবুৰী।

English Summary: Sucessful mushroom Farmer

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.