
বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নিচেই ওচৰৰে কামাৰপাৰাৰ উচ্চ শিক্ষিত আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাই ষ্ট্ৰবেৰীৰ খেতিৰে অঞ্চলটিত এক সেউজ বিপ্লৱৰ সূচনা কৰিছে। প্রায় দুবিঘা কৃষিভূমিত ষ্ট্ৰবেৰী খেতি কৰি কৃষক দম্পতীয়ে যথেষ্ট লাভান্বিত হৈছে৷ উল্লেখযোগ্যযে অসমত এতিয়া ষ্ট্ৰবেৰীৰ খেতি হৈ পৰিছে আশাৰ কিৰণ।
জৈৱিক পদ্ধতিৰে মাত্ৰ দুবিঘা মাটিত ষ্ট্ৰবেৰী খেতি কৰি এতিয়া তিনিলাখ টকা উপাৰ্জন কৰাৰ লক্ষ্য লৈছে আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাই। প্ৰায় দুবিঘা মাটিত ছয় হাজাৰ জোপা ষ্ট্ৰবেৰীৰ পুলি ৰোপণ কৰা পৰমেশ্বৰ ডেকাই এইবাৰ এই খেতিৰ জৰিয়তে প্ৰায় তিনি লাখ টকা উপাৰ্জন কৰাৰ লক্ষ্য লৈছে। এই ক্ষেত্রত পৰমেশ্বৰ ডেকাই কৃষি বিভাগৰ পৰা ভালেসংখ্যাক ষ্ট্ৰবেৰীৰ পুলি লাভ কৰা বুলি কৈছে।
তেওঁ কোৱা মতে দুবিঘা মাটিত ষ্ট্ৰবেৰীৰ পুলি ৰোপণ নামত প্ৰায় পশিচ হাজাৰ টকা খৰচ হৈছে। ইতিমধ্যে বজাৰত বিক্ৰী কৰিবলৈ লৈছে ষ্ট্ৰবেৰী। আশা কৰা ধৰণে বিক্ৰী হৈছে ষ্ট্ৰবেৰী। বৰপেটা, হাউলী, বজালী, নলবাৰীৰ বিভিন্ন বজাৰৰ লগতে ঘৰৰ পৰাও গ্ৰাহকে ক্ৰয় কৰিছে ষ্ট্ৰবেৰী। প্ৰতিকিলোগ্ৰামত তিনিশ টকাৰ পৰা চাৰিশ টকালৈকে বিক্ৰী কৰিছে ষ্ট্ৰবেৰী।
উল্লেখ্য যে, যোৱা বছৰো দুবিঘা কৃষিভূমিত আঠ হাজাৰ ষ্ট্ৰবেৰীৰ পুলি ৰোপণ কৰিছিল যদিও মহামাৰী কৰোনাৰ বাবে দেশজুৰি হোৱা লকডাউনৰ ফলত বৃহৎ ক্ষতিৰ সন্মূখীন হৈছিল পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাই। প্ৰতিকিলোগ্ৰামত চাৰিশ টকাকৈ বিক্ৰী হোৱা সুস্বাদু ষ্ট্ৰবেৰীবোৰ বজাৰলৈ নিব নোৱাৰাৰ বাবে যোৱা বছৰ খেতি-পথাৰতে নষ্ট হৈ গৈছিল ষ্ট্ৰবেৰী। তথাপিও ভাগি পৰা নাছিল এইহাল আদৰ্শ কৃষক দম্পতী। চলিত বৰ্ষতো অতি উৎসাহ আৰু সাহসেৰে কৰিছে সুস্বাদু ষ্ট্ৰবেৰীৰ খেতি।
আৰু পঢ়ক- দক্ষিণ শালমাৰা-মানকাচৰত বগৰী খেতিৰে লাখ টকা উপার্জন কৰা এজন নিবনুৱা যুৱক
উল্লেখযোগ্য যে পৰমেশ্বৰ ডেকাই ৰাজ্যৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত কৃষি বিভাগৰ বিভিন্ন আলোচনা চক্ৰত অংশগ্ৰহণ কৰি সৰ্থেবাৰী অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তাৰোপৰি জাপান, দক্ষিণ আফ্ৰিকাৰ কৃষি বিজ্ঞানীৰ দল আহি ডেকাৰ খেতিপথাৰ পৰিদৰ্শন কৰিছে। লক্ষ্যণীয় বিষয় যে, আদৰ্শ কৃষক ডেকাই ঘৰতেই জৈৱিক সাৰ প্ৰস্তুত কৰি সেই সাৰ খেতিপথাৰত প্ৰয়োগ কৰে।
যোৰহাট কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ জৈৱিক পদ্ধতিৰ কৃষি-কৰ্মৰ ওপৰত হোৱা এক আলোচনা চক্ৰত অসমক প্ৰতিনিধিত্ব কৰিছিল আদৰ্শ কৃষক পৰমেশ্বৰ ডেকাই। যোৱা বছৰ ৬ আৰু ৭ মাৰ্চত মেঘালয়ৰ উকিয়ামস্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় (ইম্ফল) মনিপুৰ, উকিয়ামৰ উদ্যোগত উত্তৰ-পূৰ্বাঞ্চলক লৈ অনুষ্ঠিত কৃষি সম্পৰ্কীয় কৰ্মশালাত দক্ষতাৰ ভিত্তিত অসমৰ আদৰ্শ কৃষক পৰমেশ্বৰ ডেকাই প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।
আৰু পঢ়ক- মৎস্য পালনৰে লাখ লাখ টকা উপার্জন কামৰূপৰ ৰঞ্জিতাৰ
কৰ্মশালাত পৰমেশ্বৰ ডেকাই জৈৱিকভাৱে উৎপাদিত বেঙেনা আৰু ষ্ট্ৰবেৰী খেতিৰ বিষয়ে বক্তব্য প্ৰদান কৰি এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ষ্ট্ৰবেৰী খেতিকে ধৰি ক’লা গাজৰ, আলু , কবি, ক’লা বিলাহী, বেঙেনা আদি সমকালীন পাচলি খেতি কৰিও যথেষ্ট সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে পৰমেশ্বৰ আৰু জয়াই।
উল্লেখ্য যে পৰমেশ্বৰ ডেকাই ‘মনিপুৰী ব্লেক ৰাইচ’ৰ খেতি কৰিও আন এক সুনাম অৰ্জন কৰে। যোৱা ৩ ডিচেম্বৰত পৰমেশ্বৰ ডেকাৰ কৃষিপথাৰত মেঘালয়ৰ উমিয়ামস্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত জৈৱিক কীটনাশক ঔষধ প্ৰয়োগৰ এখন সজাগতা সভা অনুষ্ঠিত হৈছিল। কৃষি বিশ্ববিদ্যালয়খনৰ দুই কৃষি বিজ্ঞানী ড৹ প্ৰণৱ দত্ত আৰু ড৹ মহেশ পাঠকে জৈৱিক কীটনাশক ঔষধ প্ৰয়োগ সন্দৰ্ভত কৃষকসকলক প্ৰশিক্ষণ দিছিল।
উৎস - অসমীয়া প্রতিদিন
Share your comments