Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 April, 2019 2:12 PM IST

নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰা ৰাজ্যখনত কমলা খেতিও হ’ব পাৰে স্বাৱলম্বী তথা আৰ্থিক উন্নয়নৰ এটা সুন্দৰ পথ। কৰ্মই ধৰ্ম। একাগ্ৰতা, ধৈৰ্য, মনোবলেৰে সৎ পথেৰে আগবাঢ়িলে যে কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈ সুন্দৰ জীৱন-যাপন কৰিব পাৰি, তাৰে পথ দেখুৱাইছে সোণাপুৰৰ জীৱেশ্বৰ ভৰালীয়ে। চাকৰিৰ আশা বাদ দি কমলা খেতিৰ সৈতে জড়িত হৈ পৰিছে নৰতাপগাঁও পঞ্চায়তৰ ৰংদলৈ গাঁৱৰ জীৱেশ্বৰ ভৰালী। দুবিঘা মাটিত নিজস্ব চিন্তাধাৰাৰে আলু, কচু, হালধি, কল, তিল, ধান, মেস্তা আদিৰে আৰম্ভ কৰিছিল ঝুম খেতি। সেই সময়তে ৰেল বিভাগত এটা চাকৰিৰ বাবে যোগাযোগ কৰি আগধনো দিছিল জীৱেশ্বৰ ভৰালীয়ে। কিন্তু চাকৰিও নহ’ল, ধনো ওভোতাই নাপালে। তাৰ পিছতে আৰম্ভ কৰিলে কৃষিকৰ্ম। ঝুম খেতিত অধিক লাভ নেদেখি সেই কৃষিভূমিতে আৰম্ভ কৰিলে কমলা খেতি। নিজৰ গাঁঠিৰ ধন খৰচ কৰি বছৰে বছৰে কৃষিভূমিৰ পৰিসৰ বৃদ্ধি কৰি বৰ্তমান ৩০ বিঘা ভূমিত বৈজ্ঞানিক পদ্ধতিৰে আৰম্ভ কৰিছে কমলা খেতি কমলা খেতিৰ পৰা তেওঁ আৰ্থিক দিশত লাভান্বিত হ’ব পাৰিছে। নিজৰ কমলা বাগিচাখনৰ পৰা প্ৰতিবছৰে গুটি ৰোপণ কৰি এখন নাৰ্ছাৰীও গঢ়ি তুলিলে। তাৰ পিছত কমলা পুলি বিক্ৰী কৰি আৰ্থিক দিশতো আগবাঢ়িছে। এই পদক্ষেপে অতি ভিতৰুৱা অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতিক অধিক টনকিয়াল কৰাৰ লগতে লোকসকলক কমলা খেতিৰ জৰিয়তে আৰ্থিক সচ্ছলতা লাভৰ দিশত তেওঁ যথেষ্ট উৎসাহ যোগাই আহিছে। কৃষকসকলক কোৱা হয় দেশৰ মেৰুদণ্ড। তেনে ক্ষেত্ৰত চৰকাৰে ৰাজ্যখনৰ কৃষকসকলক যেনেদৰে আৰ্থিকভাৱে সহায় কৰিব লাগিছিল তেনেদৰে কৰা নাই। এই কথা ক’লে জীৱেশ্বৰ ভৰালীয়ে। বিগত ১৮ বছৰ ধৰি তেওঁ কমলা খেতি কৰি স্বাৱলম্বী হোৱাই নহয়, বহু শিক্ষিত নিবনুৱাৰ বাবে এক আদৰ্শও হৈ পৰিছে। চৰকাৰৰ পৰা সহায় বুলিবলৈ তেওঁ এবাৰ ১২ হাজাৰ আৰু পিছত ৩০ হাজাৰ টকা কৃষিকৰ্মৰ বাবে লোন পালে যদিও সেয়াই যথেষ্ট নহয়। নিজৰ কৃষিকৰ্মক লৈ আত্মসন্তুষ্টি লাভ কৰা জীৱেশ্বৰ ভৰালীয়ে এতিয়া কমলা খেতিতে সীমাবদ্ধ নাথাকি কৃষি পৰিসৰ বৃদ্ধি কৰিবলৈ ধৰিলে। বাৰ্ষিক এক লাখ টকা কমলাৰ পৰা উপাৰ্জিত ধনেৰে তেওঁ কমলা গছৰ তলত আৰম্ভ কৰিছে চাহ খেতি। তদুপৰি অতি উন্নত জাতৰ আনাৰস, অমিতা, তামোল, পাণ, লেচু, কল, মধুৰিআম, আমলখি, কঁঠাল, আম, গুণমৰিচ বিভিন্ন শাক-পাচলি ৰোপণ কৰি যথেষ্ট উৎপাদন কৰিবলৈ সক্ষম হৈছে। সৰু-বৰ দুটা পুখুৰীতো মৎস্য পালন কৰি ৫০টা হাঁহো পালন কৰিছে তেওঁ। কিন্তু এই বৰ্ষত খৰাং বতৰৰ বাবে তেওঁৰ প্ৰায় ৮ বিঘা কমলা গছ মৰাত অতি দুঃখ আৰু চিন্তিত হৈছে। এই সন্দৰ্ভত কৃষি বিভাগৰ পৰা কেইবাজনো বিষয়া-কৰ্মচাৰী তেওঁৰ কৃষিকৰ্মস্থলীত উপস্থিত হৈ জলসিঞ্চন ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে সুবিধা নাপালে। জীৱেশ্বৰ ভৰালীৰ আশা- তেওঁৰ ঘৰলৈকে যদি বিদ্যুৎ সংযোগ চৰকাৰে কৰি দিয়ে, তেন্তে তেওঁ নিজাকৈ মেচিন ক্ৰয় কৰি পুখুৰীৰ পৰা পানী উঠাই মিশ্ৰিত কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰি ল’ব। গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰা জীৱেশ্বৰ ভৰালীয়ে চৰকাৰৰ পৰা লাভ কৰিছিল ২০১৭ বৰ্ষত খানাপাৰাত অনুষ্ঠিত হোৱা চতুৰ্থ অসম আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য প্ৰদৰ্শনী মেলাত দ্বিতীয় পুৰস্কাৰ। তদুপৰি দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য প্ৰদৰ্শনী কৃষি মেলা- ২০১৫ চনত তৃতীয়, ২০১২ চনত খানাপাৰাত হোৱা North-East Agri Fair কৃষি মেলাত প্ৰথম, ২০০৯ চনত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত National Horti-Expoত তৃতীয় স্থান লাভ কৰি মানপত্ৰৰে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ইপিনে, চলিত বৰ্ষৰ গণৰাজ্য দিৱসৰ দিনাও সোণাপুৰ চক্ৰ বিষয়াৰ জৰিয়তে আদৰ্শ কৃষক হিচাপে সন্মান লাভ কৰে। মানপত্ৰৰে সন্মান লাভ কৰিলেই নহয়, আৰ্থিকভাৱে তেওঁ অধিক সহায় কৰিলে কৃষিকৰ্মৰ ক্ষেত্ৰত আৰু অধিক উৎসাহিত হৈ ৰাজ্যখনৰ অৰ্থনৈতিক দিশটো শক্তিশালী কৰাৰ বাবে চেষ্টা চলাব বুলি কয় জীৱেশ্বৰ ভৰালীয়ে।

(উৎসঃ আমাৰ অসম)।

English Summary: Successful orange farmer Jibeswar Bharali
Published on: 11 April 2019, 02:12 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now