Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 April, 2019 1:49 PM IST

নগাঁও জিলাৰ চামগুৰি অঞ্চলৰ এজন শিক্ষিত নিবনুৱা যুৱকে কেৱল নেমু খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰা কাৰ্যই নিবনুৱা যুৱকসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। যুৱকজনৰ নাম ধ্ৰুৱ দাধৰা।

চামগুৰিৰ কুৰুৱাবাহী নিৱাসী যুৱকজনৰ পিতৃ আৰু মাতৃ হৈছে নৰেন্দ্ৰ দাধৰা আৰু দাধৰা। ২০০৯ চনতে নিজৰ ঘৰৰ এডৰা মাটিতে তেওঁ নেমুটেঙাৰ খেতি আৰম্ভ কৰিছিল। এতিয়া তেওঁৰ নেমু খেতি কৰা মাটিৰ পৰিমাণ হৈছে ১৬ বিঘা।

বছৰৰ বাৰমাহে উৎপাদনক্ষম নেমু খেতিৰপৰা তেওঁ মাহিলি গড় হিচাপত উপাৰ্জন কৰে প্ৰায় এক লাখ টকা। ২০০৯ চনৰ আগলৈ বৃহত্তৰ অঞ্চলটোৰ লোকসকলে নেমু খেতিৰে যে স্বাৱলম্বী হ’ব পাৰে, সেই কথা ভবাই নাছিল।

তেনে এক অৱস্থাতে উদ্যোগী যুৱ কৃষক ধ্ৰুৱ দাধৰা আৰু তেওঁৰ বন্ধু তপন বৰাই গাঁওখনত আৰম্ভ কৰিছিল ব্যৱসায়িক ভিত্তিত নেমু খেতি। ২০০২ চনতে স্নাতক ডিগ্ৰী লাভ কৰা ধ্ৰুৱ দাধৰাই নিজ গাঁৱৰ সমীপত খাটোৱালত এখন ভেন্সাৰ স্কুলত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল যদিও বিদ্যালয়খন চৰকাৰীকৰণ হোৱা নাছিল।

পিছলৈ বিদ্যালয়খন চৰকাৰীকৰণ হ’ল যদিও তেওঁৰ শিক্ষকৰ পদটো নিয়মীয়াকৰণ হোৱাৰ আশা নেদেখি ২০০৯ চনতে শিক্ষকৰ চাকৰি ত্যাগ কৰি তেওঁ ব্যৱসায়িক দৃষ্টিভংগীৰে নেমু খেতিত মনোনিৱেশ কৰে।

প্ৰথম বছৰতে নেমু খেতিৰ আশাব্যঞ্জক উৎপাদনে ধ্ৰুৱক এই খেতি কৰাৰ প্ৰতি অধিক উৎসাহিত কৰি তুলিলে। কেৱল নেমু খেতিক কিয় বাছি লোৱা হ’ল বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত ধ্ৰুৱই ক’লে যে বান্দৰৰ উপদ্ৰৱত গাঁৱৰ মানুহে একো খেতিকে কৰিব নোৱাৰা হ’ল।

নেমু খেতিত বান্দৰৰ উপদ্ৰৱ নহয়, লগতে অন্যান্য খেতি কৰিব নোৱাৰা মাটিতো এই খেতি কৰিব পাৰি। নিজৰ তিনি বিঘা মাটিৰ উপৰি আনৰ ১৩ বিঘা মাটি লীজত লৈ আৰম্ভ কৰা নেমু খেতিৰ ফচলেৰে তেওঁ সম্প্ৰতি অঞ্চলটোত এখন বৃহৎ বজাৰ গঢ়ি তুলিছে।

বতৰ সাপেক্ষে তেওঁ দৈনিক আঠশৰপৰা এহেজাৰ পোন নেমু উৎপাদন কৰিবলৈ সক্ষম হয়। এই অঞ্চলটোত যে কেৱল ধ্ৰুৱ দাধৰাৰে নেমু খেতি আছে, তেনে নহয়, বৰং আন বহুতো লোকেও কম-বেছি পৰিমাণে এই খেতিত নামি পৰিছে।

বৃহত্তৰ অঞ্চলটোৰ প্ৰায় প্ৰতিজন লোকেই উপাৰ্জনৰ প্ৰথম উৎস হিচাপে বাছি লৈছে নেমু খেতি। অঞ্চলটোত নেমুখেতিৰ বাটকটীয়া হিচাপে চিহ্নিত হৈছে ধ্ৰুৱ দাধৰা।

তেওঁৰ পদাংক অনুসৰণ কৰিয়ে সম্প্ৰতি অঞ্চলটোৰ একাংশ নিবনুৱা যুৱকে নতুনকৈ নেমু খেতি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

অঞ্চলটোত ভ্ৰমণ কৰিলেই চকুত পৰিব নেমু খেতিৰ বিস্তীৰ্ণ এলেকা। ধ্ৰুৱই জনোৱা মতে, তেওঁৰ অনুকৰণতে অঞ্চলটোৰ প্ৰায় দুশ হেক্টৰ কৃষিভূমিত আৰম্ভ হৈছে নেমুৰ বাগিচা।

নেমু খেতিৰপৰা উপাৰ্জনেৰে ধ্ৰুৱই নিৰ্মাণ কৰিছে অসম আৰ্হিৰ এটা পকী ঘৰ। ইতিমধ্যে তেওঁ ‘ধ্ৰুৱ নেমু উদ্যান’ নামেৰে নামকৰণ কৰি নিজৰ খেতি নেমু বিক্ৰী কৰাৰ লগতে নেমু পুলি বিক্ৰীৰ বৃহৎ বজাৰ গঢ়ি তুলিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় বিভিন্ন বজাৰলৈ ধ্ৰুৱৰ নেমু উদ্যানৰ নেমু দৈনিক সৰবৰাহ হয়। এতিয়া এটা সামান্য চাকৰি বিচাৰি হাহাকাৰ কৰি ফুৰা নিবনুৱাসকলৰ বাবে ধ্ৰুৱ দাধৰা হৈছে আদৰ্শ স্বৰূপ।

ইমানৰ পিছতো নগাঁও জিলা কৃষি বিভাগে ধ্ৰুৱ দাধৰাক স্বীকৃতি দিবলৈ অৱকাশ নোপোৱাটো উদ্বেগজনক কথা।

উৎস: দৈনিক অসম(তৰুণ মুক্তিয়াৰ)

English Summary: successful Lemon farmer
Published on: 03 April 2019, 01:49 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now