1. সফল কাহিনী

স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন যোৰহাটৰ দীপ বৰা

KJ Staff
KJ Staff

যি সময়ত একাংশ যুৱক-যুৱতীয়ে এটা চৰকাৰী চাকৰিৰ আশাত হাবাথুৰি খাই ফুৰিছে, সেই সময়ত স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছে যোৰহাটৰ এজন সংস্কৃতিৱান যুৱকে। সংস্কৃতি আৰু খেতি দুয়োক্ষেত্ৰৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছেফ যোৰহাটৰ এই যুৱকজনে। এটা সময়ত যোৰহাট চহৰৰ মাজমজিয়াৰ জেইন ৰোডৰ কুশল নগৰত থাকি এখন তামোল-পাণৰ দোকান খুলি ব্যৱসায়ৰ পাতনি মেলা যোৰহাটৰ এই সংস্কৃতিৱান যুৱকজন বৰ্তমান এজন প্ৰতিষ্ঠিত ব্ৰইলাৰ ব্যৱসায়ী। এই যুৱকজন হৈছে যোৰহাটৰ এলেংমৰা নিৱাসী দীপ বৰা। ব্ৰইলাৰ ফাৰ্মৰ উপৰি বৰাৰ আছে ফিছাৰী আৰু খেতি মাটি, য’ত তেওঁ নিজেই কৰি আহিছে কৃষিকৰ্ম। নিজা ফাৰ্মত নিজেই অকলে ব্ৰইলাৰ পালন কৰাৰ লগতে ফিছাৰীত মাছ, খেতি মাটিত ৰবি শস্যৰ খেতি কৰি শক্তিশালী ৰূপত আত্মপ্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। উত্তৰ-পশ্চিম যোৰাহাটৰ ১ নং সোণাৰি গাঁৱত নিজা পুৰণি বাসগৃহত বৰ্তমান পাঁচহাজাৰ ব্ৰইলাৰ একেলগে পুহিব পৰাকৈ ব্ৰইলাৰ ফাৰ্মৰ লগতে দুবিধ মাঠিকালিৰ দুটাকৈ ফিছাৰীৰ জৰিয়তে ব্যৱসায়িকভাৱে নিজকে প্ৰতিষ্ঠা কৰাৰ উপৰি কেইবাজনো যুৱকক সংস্থাপন দিবলৈ সক্ষম হৈছে। ব্ৰইলাৰ ফাৰ্মৰপৰা বছৰি তিনি লক্ষাধিক টকা আয় কৰাৰ লগতে ফিছাৰীৰপৰা বছৰি প্ৰায় ৬০ হাজাৰ টকা আয় কৰে বৰাই। শেহতীয়াকৈ বৰাই জৈৱিক পদ্ধতিৰে ব্যৱসায়িক ভিত্তিক পিঁয়াজৰ খেতি আৰু লগতে কাঠফুলা খেতি কৰাৰো পৰিকল্পনা কৰিছে। উল্লেখ্য যে এটা সময়ত জেইল ৰোডৰ ব্যৱসায় চলাই থকাৰ সময়ত বৰা আগ্ৰহী হৈ পৰা কলা-সংস্কৃতিৰ প্ৰতি।

                                                                                                       উৎস: দৈনিক অসম(অনিবেসন বৰুৱা)

English Summary: Successful farmer Deep Bora

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.