নীলা ধন, নীলা চাউল….আশ্চৰ্য, অবিশ্বাস্য আৰু সপোন সপোন যেন লগা এইখন অসমৰে এক ঘটনা। সেউজীয়া ধাননি পথাৰৰ পৰা সোণগুটি যেন ধানৰ সলনি ৰঙাপৰাৰ খনামুখৰ বালিগাঁৱৰ কৃষক কমিছন মিলিৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত পথাৰত প্ৰথমবাৰলৈ উৎপাদন হৈছে নীলা চাউল। আইজং, ৰঞ্জিত ধানৰ চাউলৰ বাবে কৃষকগৰাকীয়ে পৰীক্ষামূলকভাৱে সামান্য পৰিমাণৰ মাটিত এইবিধ ধানৰ খেতি কৰি চমক সৃষ্টি কৰিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আফগানিস্তানৰ পৰা সংগ্ৰহ কৰি অনা এটা ধানৰ পৰা ২-৩টা চাউল ওলোৱা ধানৰ খেতি কৰি অসমৰ কৃষিক্ষেত্ৰত এক আলোড়নৰ সৃষ্টি কৰিছিল। নিতৌ পুৱাৰ পৰা গধূলিলৈকে বিভিন্ন কৃষিকৰ্মত ব্যস্ত থকা কৃষক কমিছন মিলিয়ে দীৰ্ঘদিন ধৰি নীৰৱে নিজৰ খেতিপথাৰত সময়বিশেষে বিভিন্ন খেতি কৰি আহিছে। অসমৰ কৃষি বিভাগে নজনা বহু কৃষি এইজন কমিছন মিলিয়ে নিজৰ পথাৰত কৰি বিগত সময়ছোৱাত বহু চৰকাৰী আৰু বেচৰকাৰী স্বীকৃতিও লাভ কৰি আহিছে। প্ৰথমবাৰৰ বাবে মাত্ৰ আধা কেজি নীলা ধানৰ বীজ সিঁচি প্ৰায় একঠা মাটিৰ পৰা প্ৰায় ৫ মোন ধান উৎপাদন কৰিছে। এইক্ষেত্ৰত আজি অসমীয়া প্ৰতিদিনেৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আদৰ্শ কৃষক মিলিয়ে কয়- মই খেতি কৰি ভাল পাওঁ আৰু বিশেষকৈ প্ৰত্যাহ্বানমূলক খেতি কৰি বেছি ভাল পাওঁ। বিগত ২০০৮ বৰ্ষত মই আফগানিস্তানৰ পৰা এজন বন্ধুৰ জৰিয়তে সংগ্ৰহ কৰা এই বিৰল প্ৰজাতিৰ ধানৰ খেতি কৰিছিলো।
কেৰালাৰ পৰা অনা বীজৰ খেতিৰে আদৰ্শ কৃষক কমিছন মিলিয়ে দিছে চমক
কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক
প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।
প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।
Donate now
Share your comments