Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 April, 2019 2:05 PM IST

মৰিগাঁও জিলাৰ কৃষকসকলে দীৰ্ঘদিন ধৰি ধান, মৰাপাট আদিৰ উপৰি কবি, বিলাহী, বেঙেনা আদি শাক-পাচলিৰ খেতি কৰি আহিছে যদিও শেহতীয়াকৈ তেওঁলোক বিভিন্ন উন্নত প্ৰজাতিৰ ন ন শাক-পাচলিৰ খেতিত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে।

বন-খহনীয়াগ্ৰস্ত জিলাখনৰ লাহৰীঘাট আৰু মৈৰাবাৰী অঞ্চলৰ কৃষকসকলে এইক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। মৈৰাবাৰী অঞ্চলৰ তেনে এজন উদ্যমী কৃষক হৈছে ৰফিকুল ইছলাম।

লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম মৈৰাবাৰী গাঁৱৰ এই কৃষকজনে উন্নত পদ্ধতিৰে কেপচিকামৰ খেতি কৰি অন্য খেতিৰ তুলনাত অধিক লাভৰ মুখ দেখিছে। উল্লেখ্য যে এই বছৰ কৃষকজনে চাৰি বিঘা মাটিত কেপচিকামৰ খেতিকৰিছে।

এই খেতিৰপৰা তেওঁ ৬-৭ কুইন্টলকৈ কেপচিকাম তুলি আছে আৰু সেইবোৰ কুইন্টলে প্ৰতি ৪,০০০-৪৫০০ টকা পাইকাৰী মূল্যতে বিক্ৰী কৰি আহিছে।

কৃষকজনে জনোৱা মতে, এইবেলি চাৰি বিঘা মাটিত কৰা কেপচিকাম খেতিৰ বাবদ এতিয়ালৈকে তেওঁলোকৰ খৰচ হৈছে ১.৮০ লাখ টকা।

ইয়াৰ বিপৰীতে চাৰি বিঘা মাটিত উৎপাদিত কেপচিকাম বৰ্তমানৰ বজাৰ মূল্যত বিক্ৰী কৰিলে তেওঁ ৯-১০ লাখ টকা পাব বুলি জনাইছে।

ইয়াৰ পূৰ্বে তেওঁ যোৱা বছৰ সাত কঠা মাটিত পৰীক্ষামূলকভাৱে কেপচিকামৰ খেতি কৰিছিল। সাত্ কঠা মাটিত ৫০ হাজাৰ টকা খৰচ কৰি তেওঁ উপাৰ্জন কৰিছিল পাঁচ লাখ টকা।

তেওঁ প্ৰকাশ কৰা মতে, চাৰি বিঘা কৃষিভূমিৰ সাত কঠা মাটিত কেপচিয়ামৰ খেতি কৰি তেওঁ যেনেদৰে লাভাম্বিত হৈছিল, তাৰ তুলনাত কিন্তু তেওঁ বাকী কৃষিভূমিত কবি আৰু বিলাহীৰ খেতি কৰি সমান লাভ অৰ্জন কৰিব পৰা নাছিল।

প্ৰসংগক্ৰমে কৃষকজনে ৰাজ্যৰ কৃষি বিভাগৰপৰা কৃষকসকলে সা-সুবিধা পোৱাৰ দূৰৰে কথা, বছৰ বছৰ ধৰি দিহা-পৰামৰ্শও নোপোৱা বুলি তেওঁ অভিযোগ কৰে।

একমাত্ৰ নিজা প্ৰচেষ্টাতে আনক দেখি দেখি সাহসেৰে আগবাঢ়ি অহা কৃষকজনে এই প্ৰতিবেদকক জনোৱা মতে, কৃষি বিভাগে এইক্ষেত্ৰত অঞ্চলটোৰ শাক-পাচলিৰ কৃষকসকলৰ লগতে তেওঁকো কেপচিকাম কৃষি প্ৰণালীৰ বিষয়ে প্ৰশিক্ষণ দিলে তেওঁলোকে আৰু অধিক লাভাম্বিত হ’ব পাৰিলেহেঁতেন।

উৎস: বিষ্ণু ডেকা(দৈনিক অসম)

English Summary: Successful Capsicum Farmer Rafiqul Islam
Published on: 03 April 2019, 02:05 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now