
মৰিগাঁও জিলাৰ কৃষকসকলে দীৰ্ঘদিন ধৰি ধান, মৰাপাট আদিৰ উপৰি কবি, বিলাহী, বেঙেনা আদি শাক-পাচলিৰ খেতি কৰি আহিছে যদিও শেহতীয়াকৈ তেওঁলোক বিভিন্ন উন্নত প্ৰজাতিৰ ন ন শাক-পাচলিৰ খেতিত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে।
বন-খহনীয়াগ্ৰস্ত জিলাখনৰ লাহৰীঘাট আৰু মৈৰাবাৰী অঞ্চলৰ কৃষকসকলে এইক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। মৈৰাবাৰী অঞ্চলৰ তেনে এজন উদ্যমী কৃষক হৈছে ৰফিকুল ইছলাম।
লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম মৈৰাবাৰী গাঁৱৰ এই কৃষকজনে উন্নত পদ্ধতিৰে কেপচিকামৰ খেতি কৰি অন্য খেতিৰ তুলনাত অধিক লাভৰ মুখ দেখিছে। উল্লেখ্য যে এই বছৰ কৃষকজনে চাৰি বিঘা মাটিত কেপচিকামৰ খেতিকৰিছে।
এই খেতিৰপৰা তেওঁ ৬-৭ কুইন্টলকৈ কেপচিকাম তুলি আছে আৰু সেইবোৰ কুইন্টলে প্ৰতি ৪,০০০-৪৫০০ টকা পাইকাৰী মূল্যতে বিক্ৰী কৰি আহিছে।

কৃষকজনে জনোৱা মতে, এইবেলি চাৰি বিঘা মাটিত কৰা কেপচিকাম খেতিৰ বাবদ এতিয়ালৈকে তেওঁলোকৰ খৰচ হৈছে ১.৮০ লাখ টকা।
ইয়াৰ বিপৰীতে চাৰি বিঘা মাটিত উৎপাদিত কেপচিকাম বৰ্তমানৰ বজাৰ মূল্যত বিক্ৰী কৰিলে তেওঁ ৯-১০ লাখ টকা পাব বুলি জনাইছে।
ইয়াৰ পূৰ্বে তেওঁ যোৱা বছৰ সাত কঠা মাটিত পৰীক্ষামূলকভাৱে কেপচিকামৰ খেতি কৰিছিল। সাত্ কঠা মাটিত ৫০ হাজাৰ টকা খৰচ কৰি তেওঁ উপাৰ্জন কৰিছিল পাঁচ লাখ টকা।
তেওঁ প্ৰকাশ কৰা মতে, চাৰি বিঘা কৃষিভূমিৰ সাত কঠা মাটিত কেপচিয়ামৰ খেতি কৰি তেওঁ যেনেদৰে লাভাম্বিত হৈছিল, তাৰ তুলনাত কিন্তু তেওঁ বাকী কৃষিভূমিত কবি আৰু বিলাহীৰ খেতি কৰি সমান লাভ অৰ্জন কৰিব পৰা নাছিল।

প্ৰসংগক্ৰমে কৃষকজনে ৰাজ্যৰ কৃষি বিভাগৰপৰা কৃষকসকলে সা-সুবিধা পোৱাৰ দূৰৰে কথা, বছৰ বছৰ ধৰি দিহা-পৰামৰ্শও নোপোৱা বুলি তেওঁ অভিযোগ কৰে।
একমাত্ৰ নিজা প্ৰচেষ্টাতে আনক দেখি দেখি সাহসেৰে আগবাঢ়ি অহা কৃষকজনে এই প্ৰতিবেদকক জনোৱা মতে, কৃষি বিভাগে এইক্ষেত্ৰত অঞ্চলটোৰ শাক-পাচলিৰ কৃষকসকলৰ লগতে তেওঁকো কেপচিকাম কৃষি প্ৰণালীৰ বিষয়ে প্ৰশিক্ষণ দিলে তেওঁলোকে আৰু অধিক লাভাম্বিত হ’ব পাৰিলেহেঁতেন।
উৎস: বিষ্ণু ডেকা(দৈনিক অসম)
Share your comments