
এৰী সুতা উৎপাদনেৰে উজলি উঠিছে বাক্সাৰ দহ গৰাকী বড়ো মহিলা৷ মাইনাওশ্ৰী নামৰ আত্মসহায়ক গোটৰ জড়িয়তে এৰী সুতা উৎপাদনত আত্মনিয়োগ কৰিছে এইসকল মহিলাই।

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দ্বাৰাগাঁওত ২০১৭ চনতে গঠন কৰা হৈছিল মাইনাওশ্ৰী আত্মসহায়ক গোটটো৷ বিগত পাঁচ বছৰে ধাৰাবাহিকভাৱে এই সকল মহিলাই পলু পালনৰ জড়িয়তে লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷
লগতে পঢ়ক-
থলুৱা খাদ্যক বজাৰ উপযোগী কৰি স্বাৱলম্বী গৌৰীসাগৰৰ পৰী ৰাজখোৱা

সম্প্ৰতি মহিলা কেইগৰাকীয়ে পলু পালনৰ লগতে এৰী সুতা উৎপাদনতো বিশেষ গুৰুত্ব আৰোপ কৰিছে। মহিমা, হিমানী, পূৰ্ণিমা, সঞ্চীতা, ৰিংকু, ৰূপাথি, চবিতা, মল্লিকা, জাৰৌ নামৰ মহিলাকোইগৰাকী উক্ত গোটটোৰ সৈতে জড়িত হৈ আছে।

মহিলা কেইগৰাকীয়ে এৰী সুতা উৎপাদনৰ লগতে ছাগলী, গাহৰি, কুকুৰা পালনৰ উপৰিও মিশ্ৰিত খেতিও কৰি পৰিয়াল পোহপাল দিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে।
লগতে পঢ়ক-
Share your comments