1. সফল কাহিনী

Krishna Kanta Dole: ৩ বছৰতে শাক-পাচলি আৰু মিশ্ৰিত খেতিৰে নিদৰ্শন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Success story of Krishna Kanta Doley
Success story of Krishna Kanta Doley

ধেমাজি জিলাৰ শ্ৰীপানী অঞ্চলৰ শান্তিপুৰ জেংৰাই গাঁৱৰ বাসিন্দা কৃষ্ণকান্ত দলে আজিৰ নতুন প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ নাম। পূৰ্বে বিভিন্ন ধৰণৰ কাম-কাজৰ সৈতে জৰিত হৈ সংগ্ৰাম কৰা কৃষ্ণকান্তই যোৱা তিনিটা বছৰৰ পৰা একাগ্ৰতাৰে আত্মনিয়োগ কৰিছে কৃষি খণ্ডত। মাটিৰ সৈতে একাত্ম হৈ মাত্ৰ ৩ বছৰতে তেওঁ কেৱল এটা সুন্দৰ উপাৰ্জনৰ পথেই মুকলি কৰা নাই, বৰঞ্চ এগৰাকী স্বাভিমানী আৰু স্বাধীন ব্যক্তিসত্তা হিচাপে সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

Krishna Kanta Doley
Krishna Kanta Doley

৭ বিঘা মাটিত সেউজ সপোন

বৰ্তমান কৃষ্ণকান্ত দলে প্ৰায় ৭ বিঘা মাটিত বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰি আছে। বিশেষকৈ তেওঁ গ্ৰীষ্মকালীন বা বতৰৰ শাক-পাচলিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। তেওঁৰ পথাৰত এতিয়া কেৰেলা, জিকা আদিকে ধৰি নানা ধৰণৰ বতৰীয়া শস্যই লহলহাই উঠিছে। বতৰীয়া শাক-পাচলিৰ খেতিৰ মূল সুবিধাটো হ’ল— কম দিনৰ ভিতৰতে খেতি চপাব পাৰি আৰু বজাৰত ইয়াৰ চাহিদা অনুযায়ী সুন্দৰ মূল্য পোৱা যায়। তেওঁৰ পৰিকল্পিত কৃষি প্ৰণালীৰ বাবে বজাৰত তেওঁৰ উৎপাদিত সামগ্ৰীৰ সমাদৰ আছে।

মিশ্ৰিত কৃষি: গাহৰি আৰু মীন পালন

কেৱল শাক-পাচলিতেই আৱদ্ধ নাথাকি কৃষ্ণকান্তই কৃষিৰ পৰিসৰ সম্প্ৰসাৰণ কৰি মিশ্ৰিত পদ্ধতিৰে (Integrated Farming) গাহৰি আৰু মীন পালনো আৰম্ভ কৰিছে। শাক-পাচলি খেতিৰ লগতে মীন আৰু পশুপালনে তেওঁৰ অৰ্থনৈতিক ভেটি অধিক শক্তিশালী কৰি তুলিছে।

কৃষি জীৱনত প্ৰত্যাহ্বান অহাটো স্বাভাৱিক। শেহতীয়াকৈ অসমত দেখা দিয়া ‘ছোৱাইন ফ্লু’ৰ (African Swine Fever) সংক্ৰমণত তেওঁৰ কেইবাটাও উন্নত জাতৰ গাহৰিৰ মৃত্যু হয়। এই আকস্মিক লোকচানে তেওঁক আৰ্থিকভাৱে আঘাত হানিছিল যদিও মনোবল অলপো কমোৱা নাই। বিপদে হৰুৱাব নোৱাৰা কৃষ্ণকান্তই ভাগি নপৰি দ্বিগুণ উৎসাহেৰে পুনৰ নতুনকৈ গাহৰি পালন আৰম্ভ কৰাৰ ব্যৱস্থা হাতত লৈছে। এই অদম্য সাহসেই এজন প্ৰকৃত কৃষকৰ পৰিচায়ক।

Success story of Krishna Kanta Doley
Success story of Krishna Kanta Doley

ভৱিষ্যত পৰিকল্পনা

কৃষি ক্ষেত্ৰখনক আৰু অধিক গতিশীল কৰি তুলিবলৈ কৃষ্ণকান্ত দলেৰ ভৱিষ্যতৰ পৰিকল্পনা অতি স্পষ্ট। তেওঁ পৰম্পৰাগত পদ্ধতিৰ সলনি সম্পূৰ্ণ জৈৱিক (Organic) আৰু আধুনিক প্ৰযুক্তিভিত্তিক পদ্ধতিৰে খেতি কৰাৰ সিদ্ধান্ত লৈছে। ৰাসায়নিক সাৰ আৰু কীটনাশকৰ পৰিৱৰ্তে জৈৱিক উপায়েৰে স্বাস্থ্যসন্মত পাচলি উৎপাদন কৰি বজাৰত নিজৰ এক বিশেষ চিনাকি গঢ়ি তোলাটোৱেই তেওঁৰ লক্ষ্য।

কৃষ্ণকান্ত দলেৰ এই সফলতা আৰু সংগ্ৰামে প্ৰমাণ কৰে যে সঠিক পৰিকল্পনা, কঠিন পৰিশ্ৰম আৰু ধৈৰ্য্য থাকিলে কৃষিকৰ্মকো এক মৰ্যাদাপূৰ্ণ আৰু লাভজনক ব্যৱসায় হিচাপে বাছি ল’ব পাৰি। ধেমাজিৰ শান্তিপুৰ জেংৰাইৰ কৃষ্ণকান্ত আজিৰ গ্ৰাম্য চহৰৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে স্বাৱলম্বনৰ এক আদৰ্শ হ’ব পাৰে।

 

আহিন কাতিত কোনবোৰ শস্যৰ খেতি কৰিলে লাভান্বিত হ’ব পাৰি!

English Summary: Success story of Krishna Kanta Doley

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments


CopyRight - 2026 Krishi Jagran Media Group. All Rights Reserved.