Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 2 April, 2022 12:39 PM IST
Success Stories Banana Farmer

ৰাজ্যখনৰ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীসকলে সংস্থাপন বিচাৰি বহি:ৰাজ্যলৈ ঢাপলি মেলাৰ সময়তে গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত ধনুভঙাৰ সাদাং গাঁৱৰ এজন শিক্ষিত যুৱকে কৃষিৰ বৰ্ণিল ক্ষেত্ৰ খনত জড়িত হৈ স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে| চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খোৱাৰ পৰিৱৰ্তে কৃষিকাৰ্যৰে লাখ লাখ টকা উপাৰ্জন কৰা স্নাতক উত্তীৰ্ণ এই কৃষি উদ্যমী যুৱকজন হৈছে দেৱব্ৰ্ত ৰাভা|

দেৱব্ৰত ৰাভাই স্বাৱলম্বী হোৱাৰ উপৰি গাঁৱৰে আন ২০ জন লোককো সংস্থাপন দি আন এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে| সৰুৰে পৰা কৃষিৰ প্ৰতি ধাউতি থকা দেৱব্ৰত ৰাভাই ২০০৮ চনৰ পৰাই কৃষিকৰ্মত জড়িত হৈ পৰিছিল| প্ৰথম অৱস্থাত কোনো ধৰণৰ মূলধন বিনিয়োগ নকৰাকৈয়ে তেওঁ ঘৰৰে দুবিঘা পতিত মাটিত কুঁহিয়াৰৰ খেতি কৰিবলৈ লৈছিল| প্ৰায় দুবছৰৰ পিছত কুঁহিয়াৰ খেতিৰ পৰা লাভ Assamকৰা টকাৰে তেওঁ চাৰি বিঘা মাটিত মালভোগ কলৰ খেতি কৰিবলৈ আৰম্ভ কৰিছিল| ইয়াৰ পিছত আৰু ৰাভাই পিছলৈ উভতি চাবলগীয়া নহ’ল|

  এটাৰ পিছত আন এটা খেতিৰে সফলতা অৰ্জন কৰি তেওঁ জিলাখনৰ এজন আদৰ্শ খেতিয়ক হিচাপে চিহ্নিত হবলৈ সক্ষম হয়| নিজস্ব পৰিকল্পনা তথা বুদ্ধিমত্তাৰে দেৱব্ৰত ৰাভাই কলখেতিৰ উপৰি ইতিমধ্যে মীনপালন, গো-পালন, অমিতা আৰু মাটিকঁঠালৰ খেতি কৰিছে| ইফালে, ২০১৪ চনত দেৱব্ৰত ৰাভাই গাঁৱৰে হীৰেন ৰাভা, দীপাংকৰ ৰাভা, দীপজ্যোতি ৰাভা, দুৰ্গেশ্বৰ ৰাভা আৰু প্ৰাণ ৰাভাক লগত লৈ ‘নৱজাগৰণ যুটীয়া দায়বদ্ধ গোট’ নামেৰে এখন সমিতি গঠন কৰি কলখেতিত উঠিপৰি লাগিছে| গোটটোৱে প্ৰথমে ৫০ বিঘা মাটিত বিভিন্ন জাতৰ কলপুলি ৰোপণ কৰাৰ পিছত এইবেলি মুঠ ১২০ বিঘা মাটিত প্ৰায় ৩০ হাজাৰটা কলপুলি ৰোপণ কৰিছে|

কৃষি উদ্যমী যুৱক দেৱব্ৰত ৰাভাই জানিবলৈ দিয়া মতে, চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি নাখাই কৃষিৰ জৰিয়তে নিজৰ ভৰিত নিজে থিয় দিব পাৰি| সেয়ে তেওঁ মূলধন নোহোৱাকৈয়ে শ্ৰমদান আৰু বুদ্ধিমত্তাৰে কৃষিৰ বৰ্ণিল ক্ষেত্ৰখনত জড়িত হৈ পৰিছিল| ২০১৩ চনত দেৱব্ৰত ৰাভাই নিজাববীয়াকৈ ১৫ বিঘা মাটিত কল, ৬ বিঘা মাটিকালিৰ দুটা পুখুৰীত মীন পালন, ২ বিঘা মাটিত অমিতা আদি খেতি কৰিবলৈ লয়| ইফালে, ৰাভাৰ নেতৃত্বত গঠিত ‘নৱজাগৰণ যুটীয়া দায়বদ্ধ গোট’ এ ১২০ বিঘা মাটিত ৰোপণ কৰা কলখেতি সম্প্ৰতি লহপহকৈ বাঢ়ি আহিছে|

গোটৰ সদস্য সকলে জানিবলৈ দিয়া মতে, কলৰ বাগিচাখনত কল উৎপাদন হ’লে বছৰি গড় হিচাপত অতিকমেও ৯০ হাজাৰ টকা উপাৰ্জন হ’ব| আনহাতে, কলপুলি বিক্ৰী কৰিও ভালেখিনি ধন উপাৰ্জন কৰিবলৈ সক্ষম হব| সম্প্ৰতি দেৱব্ৰত ৰাভা সমগ্ৰ জিলাখনৰ লগতে নামনি অসমৰ এজন আদৰ্শ খেতিয়ক হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছে| ৰাভাৰ বুদ্ধিমত্তা, কৰ্মস্পৃহাৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিজৰ অঞ্চলটোৰ লগতে জিলাখনৰ বহু যুৱকে ইতিমধ্যে কৃষিৰ বৰ্ণিল ক্ষেত্ৰখনত জড়িত হৈ পৰা পৰিলক্ষিত হৈছে|

লেখক- খগেন্দ্ৰ ৰাভা

উৎস-দৈনিক অসম

English Summary: Success Stories of Banana farmer debabrata rava in Goalpara
Published on: 30 March 2022, 10:24 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now